টিএমচিক উত্তৰ-পূবৰ ৰাইজে পশ্চিম বংগৰ “আঞ্চলিক দল” বুলি গণ্য কৰে ! পদত্যাগ পত্ৰত এই অভিযোগ ৰিপুন বৰাৰ
সভাপতি ৰিপুন বৰাই দেওবাৰে অসম তৃণমূল কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে ! দলত্যাগৰ পত্ৰ প্ৰেৰণ কৰি অসমৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা গৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, তৃণমূল কংগ্ৰেছক উত্তৰ-পূব ৰাজ্যৰ জনসাধাৰণে পশ্চিম বংগৰ "আঞ্চলিক দল" বুলি গণ্য কৰে । লগতে ৰাইজে দলটোক নিজৰ বুলি "গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়" বুলিও দাবী কৰে ৰিপুন বৰাই ।

অসম টিএমচিৰ সভাপতি ৰিপুণ বৰাৰ দল ত্যাগ
অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দেওবাৰে দলৰ পৰা পদত্যাগ কৰে । দলত্যাগৰ পত্ৰ প্ৰেৰণ কৰি অসমৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা গৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, তৃণমূল কংগ্ৰেছক উত্তৰ-পূব ৰাজ্যৰ জনসাধাৰণে পশ্চিম বংগৰ “আঞ্চলিক দল” বুলি গণ্য কৰে । লগতে ৰাইজে দলটোক নিজৰ বুলি “গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়” বুলিও দাবী কৰে ৰিপুন বৰাই । সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীলৈ লিখা এখন পত্ৰত ৰাজ্যসভাৰ প্ৰাক্তন সদস্যগৰাকীয়ে কয় যে,মমতা বেনাৰ্জীক অসমত টিএমচি গ্ৰহণযোগ্য কৰি তোলাৰ বাবে বহু পৰামৰ্শ আগবঢ়াইছিল যদিও সেইবোৰ “কাৰ্যকৰী হোৱা নাছিল”।
সূত্ৰৰ অনুসৰি, ৰিপুন বৰাই পদত্যাগ পত্ৰত কয়, “অসমত টিএমচিৰ যথেষ্ট সম্ভাৱনা আছে, কিন্তু কেইবাটাও পুনৰাবৃত্তিমূলক সমস্যাই দলটোৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিছে । য’ত টিএমচিক পশ্চিম বংগৰ আঞ্চলিক দল হিচাপে গণ্য কৰাটোৱেই দলটোৰ বাবে প্ৰধান সমস্যা সৃষ্টি কৰিছে । এই ধাৰণা আঁতৰ কৰিবলৈ আমি কেইবাটাও পৰামৰ্শ আগবঢ়াইছিলো।” এই সন্দৰ্ভত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ কলকাতাৰ বাসগৃহক ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ লগতে কোচ বিহাৰৰ মধুপুৰ সত্ৰক সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা আৰু টিএমচিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এজন অসমীয়া নেতাৰ প্ৰয়োজনীয়তাৰ পৰামৰ্শ দিয়া বুলি দাবী কৰে ৰিপুন বৰাই ।
সমান্তৰালভাৱে পত্ৰখনত ৰিপুন বৰাই কয়, “বিগত ডেৰবছৰ ধৰি আপোনালোক আৰু আমাৰ মুখ্য মমতা দিদীৰ সৈতে এই সমস্যাসমূহ সমাধান নিশ্চিত কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিও মই সফল হোৱা নাই।” দুবছৰৰো অধিক সময় অসম টিএমচিৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি এই সময়ছোৱাত সমগ্ৰ ৰাজ্যৰ মানুহৰ সৈতে দলটোৰ সন্দৰ্ভত মত বিনিময় কৰা বুলিও উল্লেখ কৰিছে ৰিপুন বৰাই ।
“দুৰ্ভাগ্যজনকভাৱে এই বিষয়সমূহৰ বাবে অসমৰ বহু লোকে টিএমচিক পশ্চিমবংগৰ আঞ্চলিক দল হিচাপে চাবলৈ বাধ্য কৰাইছে। অসমৰ ৰাইজে আন এখন ৰাজ্যৰ বুলি অনুভৱ কৰা দল এটাক মানি ল’বলৈ ইচ্ছুক নহয়। এই প্ৰত্যাহ্বানসমূহৰ পৰ্যাপ্ত সমাধানৰ অভাৱৰ বাবে মই এটা কঠিন সিদ্ধান্ত ল’বলৈ বাধ্য হৈছো আৰু টিএমচিৰ পৰা নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছো।” পদত্যাগ পত্ৰত এইদৰে উল্লেখ কৰে ৰিপুন বৰাই ।