২৯ ডিচেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব টেট-নিযুক্তি পৰীক্ষা, কি কি নিয়ম মানিব লাগিব পৰীক্ষাৰ্থীয়ে?

মাধ্যমিক পৰ্যায়ৰ শিক্ষক পদৰ বাবে প্ৰথমবাৰলৈ হ'ব এই পৰীক্ষা। মুঠ ৯,৭১৭টা পদৰ বাবে অনুষ্ঠিত হ'ব এই পৰীক্ষা। ইয়াৰে ৮,২৩০টা পদ স্নাতক শিক্ষকৰ। লগতে ১,৪৮৭টা পদ স্নাতকোত্তৰ শিক্ষকৰ বাবে নিৰ্ধাৰিত। বিষয় অনুসৰি সম্পন্ন হ'ব এই নিযুক্তি প্রক্রিয়া। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে জনালে এই কথা।

২৯ ডিচেম্বৰত ৰাজ্যত অনুষ্ঠিত হব টেট-নিযুক্তি পৰীক্ষা, কি কি নিয়ম মানিব লাগিব পৰীক্ষাৰ্থীয়ে?

২৯ ডিচেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব টেট-নিযুক্তি পৰীক্ষা

Updated On: 

06 Dec 2024 | 07:56 PM

২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব টেট-নিযুক্তি পৰীক্ষা। মাধ্যমিক পৰ্যায়ৰ শিক্ষক পদৰ বাবে প্ৰথমবাৰলৈ হ’ব এই পৰীক্ষা। মুঠ ৯,৭১৭টা পদৰ বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা। ইয়াৰে ৮,২৩০টা পদ স্নাতক শিক্ষকৰ। লগতে ১,৪৮৭টা পদ স্নাতকোত্তৰ শিক্ষকৰ বাবে নিৰ্ধাৰিত। বিষয় অনুসৰি সম্পন্ন হ’ব এই নিযুক্তি প্রক্রিয়া। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে জনালে এই কথা।

শিক্ষামন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, “আগতে UP-LP টেট আছিল। অসমত আমি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক টেট পৰীক্ষাও অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিলো যে আমি দুটাকৈ ৰীক্ষা অনুষ্ঠিত নকৰো। কাৰণ টেট পৰীক্ষা পতাৰ পাছতো আমি আকৌ এটা নিযুক্তি প্ৰক্ৰিয়া কৰিব লাগে। সেয়েহে দুটা নকৰি দুয়োটাক একলগ কৰি স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে টেট-নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰায় ৯,৭১৭টা পদৰ বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা। অহা ২৯ তাৰিখে পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াত আমাৰ যিমান পদ খালী আছে সিমান প্ৰাৰ্থীয়ে উত্তীৰ্ণ হ’ব। মেৰিট লিষ্টত যিসকলৰ নাম আহিব তেওঁলোকে প্ৰত্যক্ষভাৱে নিযুক্তি লাভ কৰিব। নিযুক্তি প্ৰক্ৰিয়াৰ বাবে বেলেগকৈ পৰীক্ষা অনুষ্ঠিত নহয়।”

কিদৰে ডাউলোড কৰিব এডমিড কাৰ্ড?

টেট-নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ https://madhyamik.assam.gov.in/ ৱেবছাইটৰ পৰা লাভ কৰিব এডমিট কাৰ্ড। ১৫ ডিচেম্বৰৰ দিনৰ ১১ বজাৰ পৰা এডমিড কাৰ্ড লাভ কৰিব পৰীক্ষাৰ্থীয়ে। ইয়াৰ বাবে পৰীক্ষাৰ্থীয়ে https://madhyamik.assam.gov.in/ত গৈ আবেদন নম্বৰ আৰু পাছৱৰ্ড দিলে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব নিজৰ এডমিট কাৰ্ড।

এই সন্দৰ্ভত অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছে এক নিৰ্দেশনা। নিৰ্দেশনাত উল্লেখ থকা অনুসৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলে ১৫ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থীসকলে এডমিট কাৰ্ডৰ লগতে আধাৰ কাৰ্ড, পান কাৰ্ড, চালকৰ অনুজ্ঞাপত্ৰ, ভোটাৰ কাৰ্ডকে ধৰি যিকোনো চৰকাৰী ফটোযুক্ত পৰিচয় পত্ৰ দেখুৱাব লাগিব।

ইফালে ৬ জানুৱাৰীৰ পৰা ৩টা পৰ্যায়ত হ’ব চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱ। চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ৩৫খন জিলা। গুণোৎসৱৰ বাবে প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে নিৰ্দিষ্ট প’ৰ্টেল। গুণোৎসৱ সন্দৰ্ভত সংবাদমেল সম্বোধন শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ। শিক্ষামন্ত্ৰীয়ে জনোৱা মতে,  বিদ্যালয় শিক্ষাৰ গুণগত মান উন্নীতকৰণৰ প্ৰয়াস গুণোৎসৱ ২০২৫ৰ কাৰ্যসূচী অহা ৬ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ সমগ্ৰ ৰাজ্যতে তিনিটা পৰ্যায়ত উদযাপন কৰা হ’ব। মুঠ ৪৪,০৯৪খন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে ৩৯,৬৫,০৮১ গৰাকী শিক্ষাৰ্থীক গুণোৎসৱ ২০২৫ত সামৰি লোৱা হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব