অসমত ৩৩ কোটিৰ কৰ ফাঁকি! ৩৫২খন লাইচেন্স বাতিল, আটক কেইবাজনো…

কৰ ফাঁকি দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম কৰ বিভাগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে কৰ বিভাগে বিভিন্ন স্থানত অভিযান চলাই কৰ ফাঁকি দিয়া বিভিন্নজনৰ তথ্য লাভ কৰে। 

অসমত ৩৩ কোটিৰ কৰ ফাঁকি! ৩৫২খন লাইচেন্স বাতিল, আটক কেইবাজনো...

কৰ ফাঁকি

Updated On: 

02 Jul 2025 | 07:02 PM

কৰ ফাঁকি দিয়া একাংশ ব্যক্তি, প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম কৰ বিভাগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে কৰ বিভাগে বিভিন্ন স্থানত অভিযান চলাই কৰ ফাঁকি দিয়া বিভিন্নজনৰ তথ্য লাভ কৰে।  ইয়াৰোপৰি কৰ ফাঁকি দিয়া একাংশৰ পৰা সংগ্ৰহ কৰে ধন। এই কথা সদৰি কৰিছে অসম কৰ বিভাগে। বুধবাৰে দিছপুৰস্থিত কৰ ভৱনত এক সংবাদমেল সম্বোধন কৰি যুটীয়া আয়ুক্ত অৰুনিমা চৌধুৰীয়ে এই তথ্য প্ৰকাশ কৰে।

এই সংবাদমেলক শেহতীয়া কৰ সংগ্ৰহৰ অভিযানৰ তথ্য ৰাজহুৱা কৰে বিভাগটোয়ে। সংবাদমেলত জনাই যে বহু ব্যৱসায়ীয়ে কৰ ফাঁকি দি আহিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে যোৱা জুন মাহত ৪৩ টা অভিযান চলিছে। এই সময়চোৱাত কৰ ফাঁকি ধৰা পৰিছে ৩৩ কোটিৰ। ইয়াৰে ৫.৩৪ কোটি টকা ইতিমধ্যে সংগ্ৰহ কৰা হৈছে বুলি জনাই বিভাগটোয়ে।

সংবাদমেলত কয় যে, একাংশই ৰে’লৰ জৰিয়তে সামগ্ৰী আমদানি কৰি বৃহৎ কৰ ফাঁকি দি আহিছে। ৪১.৫৩ লাখ টকাৰ কৰা ফাঁকিৰ সামগ্ৰী আৰু বহু বাহন জব্দ কৰা হৈছে।  ১ জুনৰ পৰা ১ জুলাইলৈ শ্ৰীৰাম গেটত চেকিং কৰি ৯০ লাখ টকাৰ সামগ্ৰী জব্ধ কৰা হৈছে। আনকি একাংশই ভুৱাকৈ বাহিৰলৈ সামগ্ৰী প্ৰেৰণ কৰাৰ নামতো কৰ ফাঁকি দি আহিছে বুলি অভিযোগ কৰে সংবাদমেলত।

এই অভিযানৰ সময়চোৱাত বিভাগটোৱে ভুৱা ব্যৱসায় চলোৱা ৩৫২খন লাইচেন্স বাতিল কৰে। লগতে আটক কৰে ৪৩ জন লোকক আৰু জব্দ কৰে প্ৰায় ৭ কোটি টকা। সমান্তৰালকৈ ফাঁচি বজাৰ আৰু পশ্চিম বংগৰ দুজনকৈ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে আন ৭জন বাহকক গ্ৰেপ্তাৰ কৰে।

সংবাদমেলত জনাই যে, সমগ্ৰ অসমতে GST RAID চলাই থকা হৈছে। গুৱাহাটীৰ ডাউনটাউনস্থিত গোবিন্দম নামৰ মিঠাই দোকানখনে বিক্ৰীতকৈ কৰৰ পৰিমাণ বহুত দেখুৱাইছিল। এই সমগ্ৰ দিশ সন্দৰ্ভত বৰ্তমান তদন্ত চলাই থকা হৈছে বুলি সংবাদমেলত সদৰি কৰে।

 

 

INPUT-দ্বিগজ্যোতি লহকৰ(সাংবাদিক)

অন্য খবৰ পঢ়কঃ মোদীৰ বিদেশ ভ্ৰমণ পৰা ৰাষ্ট্ৰসংঘৰৰ দায়িত্বত পাকিস্তানলৈ,আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...