ছিণ্ডিকেট নেটৱৰ্কৰ মুৰব্বী পীযুষ হাজৰিকা, অধ্যক্ষ হিমন্ত: প্ৰদ্যুত বৰদলৈ

তেওঁ অভিযোগ উত্থাপন কৰিছে যে, ৰাজ্যত চলি থকা কথিত ছিণ্ডিকেট নেটৱৰ্কৰ নেতৃত্ব দিছে মন্ত্ৰী পীযুষ হাজৰিকাই। লগতে তেওঁ দাবী কৰিছে যে, এই ছিণ্ডিকেটৰ অধ্যক্ষ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ছিণ্ডিকেট নেটৱৰ্কৰ মুৰব্বী পীযুষ হাজৰিকা, অধ্যক্ষ হিমন্ত: প্ৰদ্যুত বৰদলৈ
Published: 

23 Dec 2025 | 05:17 PM

অসমত চলি থকা কথিত ছিণ্ডিকেট নেটৱৰ্কক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। তেওঁ অভিযোগ উত্থাপন কৰিছে যে, ৰাজ্যত চলি থকা কথিত ছিণ্ডিকেট নেটৱৰ্কৰ নেতৃত্ব দিছে মন্ত্ৰী পীযুষ হাজৰিকাই। লগতে তেওঁ দাবী কৰিছে যে, এই ছিণ্ডিকেটৰ অধ্যক্ষ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ইণ্ডিয়া টুডে নৰ্থ ইষ্টৰ এক প্ৰতিবেদন অনুসৰি,সংবাদমেল সম্বোধন কৰি সাংসদ বৰদলৈয়ে হাজৰিকাই ছিণ্ডিকেটৰ “সৰ্বোচ্চ নেতা” হিচাপে কাম কৰে বুলি দাবী কৰে। বৰদলৈয়ে আৰু অভিযোগ কৰে যে, এজন প্ৰাক্তন আৰক্ষী অধীক্ষকে ব্যক্তিগতভাৱে চুপাৰি ভৰ্তি প্ৰায় ১৫০ খন ট্ৰাকক সহায় কৰিছিল, যাৰ ফলত কথিত এই অবৈধ ব্যৱস্থাটোত আইন প্ৰয়োগকাৰী সংস্থাৰ ভূমিকা সম্পৰ্কে গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে।

কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে, চাৰিজন মন্ত্ৰীয়ে সামূহিকভাৱে ছিণ্ডিকেট কাৰ্যকলাপ চলাই আছে। তেওঁ অভিযোগ কৰে যে, মন্ত্ৰী হাজৰিকাই নিয়মিতভাৱে এনে ছিণ্ডিকেট নেটৱৰ্ক সক্ৰিয় হৈ থকা অঞ্চলসমূহ ভ্ৰমণ কৰে।

শেহতীয়া পৰিঘটনাৰ কথা উল্লেখ কৰি বৰদলৈয়ে আঙুলিয়াই দিয়ে যে, হাজৰিকাই এদিন পূৰ্বে সোণাই থানা উদ্বোধনী অনুষ্ঠানত অংশ লৈছিল, মন্ত্ৰীগৰাকীৰ এই কাৰ্য ছিণ্ডিকেটৰ কাৰ্যকলাপৰ সৈতে জড়িত অঞ্চলৰ সৈতে মিল আছে বুলি অভিযোগ কৰে। শ্ৰীভূমিত এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমক সম্বোধন কৰি এই মন্তব্য কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে।

উল্লেখ্য যে, কংগ্ৰেছৰ “ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ” কাৰ্যসূচীৰ অংশ হিচাপে শ্ৰীভূমি জিলাত ভ্ৰমণ কৰে সাংসদগৰাকীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব