Assam: লক্ষ্মী পূজাত অঘটন! নৃত্য কৰি থাকোতে মঞ্চত ঢলি পৰিল ছাত্ৰী, আঁকোৱালি ল’লে মৃত্যুক…

Assam: নৃত্য কৰি থাকোতে মঞ্চত ঢলি পৰে যুৱতী। । সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ আয়োজন কমিটিয়ে লগে লগে এম্বুলেন্সযোগে যুৱতীগৰাকীক হাস্পাতাললৈ লৈ যায়। কিন্তু হাস্পাতালত যুৱতীগৰাকীক চিকিৎসকে মৃত ঘোষণা কৰে।

Assam: লক্ষ্মী পূজাত অঘটন! নৃত্য কৰি থাকোতে মঞ্চত ঢলি পৰিল ছাত্ৰী, আঁকোৱালি ললে মৃত্যুক...

যুৱতীগৰাকী

Published: 

17 Oct 2024 15:49 PM

লক্ষ্মী পূজাৰ দিনাই প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰীয়ে। নৃত্য কৰি থকা অৱস্থাত অকালতে মৃত্যুক সাৱকি ল’লে এগৰাকী  ছাত্ৰীয়ে । এই ঘটনা সংঘটিত হৈছে শোণিতপুৰৰ বৰছলাৰ গৰডুবা অঞ্চলত। জানিব পৰা মতে বুধবাৰে লক্ষ্মী পূজাৰ লগত সংগতি ৰাখি অঞ্চলটোত অনুষ্ঠিত হোৱা নৃত্য অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল ছাত্ৰীগৰাকীয়ে। নাচি থকা সময়ত হয়তো কোনোৱে ভবা নাছিল যে এই দিনটোৱে ছাত্ৰীগৰাকীৰ শেষ দিন হ’ব। কিন্তু নিষ্ঠুৰ নিয়তিয়ে প্ৰাণ কাঢ়ি নিলে ১৯ বছৰীয়া যুৱতীগৰাকীৰ।

জানিব পৰা মতে লক্ষ্মী পূজাৰ দিনা শোণিতপুৰৰ গৰডুবাত অনুষ্ঠিত হৈছিল সাংস্কৃতিক সন্ধিয়া। এই অনুষ্ঠানত বিভিন্ন গীত নৃত্যৰ আয়োজন কৰা হৈছিল য’ত সমাগম ঘটিছিল শ শ লোকৰ। সকলো ঠিকেই চলি আছিল। লক্ষ্মী মাক পূজা কৰি আহি সকলোৱে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি আছিল। কিন্তু তেতিয়াই ঘটে এক শোকাবহ ঘটনা।

দলীয় নৃত্যৰ বাবে মঞ্চলৈ উঠি গৈছিল ৩ গৰাকী যুৱতী। ‘বম্বৰু বম্বৰু’ গীতটিত তিনিও সুন্দৰকৈ নৃত্য কৰি আছিল আৰু ৰাইজে উপভোগ কৰি আছিল। কিন্তু নৃত্য কৰি থকাৰ মাজতেই হয় এক অঘটন। নৃত্যৰ মাজত হঠাৎ মঞ্চত বাগৰি পৰে সৃজনা খতিউৰা নাম ১৯ বছৰীয়া যুৱতীগৰাকী। হঠাৎ কি হ’ল, কিয় ঢলি পৰিল কোনোৱে ক’ব নোৱাৰিলে। মঞ্চত নাচি থকা যুৱতীগৰাকীৰ আন দুগৰাকী সতীৰ্থই তেওঁক উঠাই দিবলৈ চেষ্টা কৰে যদিও বাৰে বাৰে বিফল হয় আৰু সৃজনীক উঠাব নোৱাৰিলে।

এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত হুৱাদুৱা লাগে। সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ আয়োজন কমিটিয়ে লগে লগে এম্বুলেন্সযোগে যুৱতীগৰাকীক হাস্পাতাললৈ লৈ যায়। কিন্তু হাস্পাতালত যুৱতীগৰাকীক চিকিৎসকে মৃত ঘোষণা কৰে। মৃত ছাত্ৰাগৰাকী LOKD কলেজৰ প্ৰথম বৰ্ষত অধ্যয়নৰত আছিল। পদাৰ্থ বিজ্ঞানত মেজৰ লৈ অধ্য়য়ন কৰি আছিল ছাত্ৰীগৰাকীয়ে।  এই ঘটনাৰ পাছতেই এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছা পৰিছে। হাৰ্ট এটেকৰ বাবে ছাত্ৰীগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজে এই ক্ষেত্ৰত শোক প্ৰকাশ কৰি কয় যে, নৃত্য কৰি থাকোতে যুৱতীগৰাকী ঢলি পৰে। লগে লগে আমি হাস্পাতাললৈ লৈ গৈছিলো কিন্তু আমাৰ মাজৰ পৰা ছোৱালীজনী গ’লগৈ। আমি যুৱতীগৰাকীৰ আত্মৰ সদগতি কামনা কৰাৰ লগতে পৰিয়ালৰক সমবেদনা জ্ঞাপন কৰিছো।  অনাকাংক্ষিতভাৱে সংঘটিত এই ঘটনাক লৈ আমি দুখিত।  জানিব পৰা মতে, নিশা ১০.৩০ মান বজাত এই ঘটনা সংঘটিত হয়। এই ঘটনাই এতিয়া অঞ্চলজুৰি শোকৰ ছা পেলাইছে।

জিভাত কিয় বাৰে বাৰে ঘাঁ হয়? কাৰণ জানক...
সঘনাই বমি ভাব, ভোক নলগা..এয়া কি ৰোগৰ লক্ষণ? জানক
দেহৰ গাঁঠিৰ বিষৰ সমস্যাত সকাহ দিব পাৰে এই ৭বিধ খাদ্যই, চাই লওক এতিয়াই
শক্তিশালী হ'বলৈ খাওক নহৰু, দুই ফুটা নহৰুৱে দূৰ কৰিব সকলো সমস্যা!
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...