প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ ASSEB ! ৰাজ্যত এজন বিষয় শিক্ষয়িত্ৰীসহ ৯ জন অধ্যক্ষক নিলম্বন…

সমগ্ৰ ৰাজ্যৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৯ গৰাকী অধ্যক্ষ আৰু এগৰাকী বিষয় শিক্ষয়িত্ৰীক নিলম্বন কৰিছে ব'ৰ্ডে । সূত্ৰৰ খবৰ অনুসৰি, শেহতীয়াকৈ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে এই শিক্ষক-শিক্ষয়িত্ৰীসকল জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।

প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ ASSEB ! ৰাজ্যত এজন বিষয় শিক্ষয়িত্ৰীসহ ৯ জন অধ্যক্ষক নিলম্বন...

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ড

Published: 

05 May 2025 | 06:28 PM

প্ৰশ্নকাকত ফাদিলক লৈ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে । সমগ্ৰ ৰাজ্যৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৯ গৰাকী অধ্যক্ষ আৰু এগৰাকী বিষয় শিক্ষয়িত্ৰীক নিলম্বন কৰিছে ব’ৰ্ডে । সূত্ৰৰ খবৰ অনুসৰি, শেহতীয়াকৈ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে এই শিক্ষক-শিক্ষয়িত্ৰীসকল জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।

মাধ্যমিক শিক্ষা সঞ্চালিকা মমতা হোজায়ে পৃথকে পৃথকে নিলম্বন নিৰ্দেশনা জাৰি কৰে । সূত্ৰ খবৰ অনুসৰি, পূৰ্বে এই আটাইকেইজন শিক্ষক-শিক্ষয়িত্ৰীলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰা হৈছিল । কিন্তু সেই জাননীৰ সন্তোষজনক সঁহাৰি নিদিলে অভিযুক্তই । ইয়াৰ পাছতে মাধ্যমিক শিক্ষা সঞ্চালিকা মমতা হোজায়ে এই নিলম্বনৰ নিৰ্দেশ জাৰি কৰিছে ।

নিলম্বিত শিক্ষকসকলৰ ভিতৰত আছে শোণিতপুৰৰ নৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড০ ৰোহিত চন্দ্ৰ ৰাভা আৰু নগাঁৱৰ পি এম শ্ৰী কঠিয়াতলী এইচ এছ স্কুলৰ অধ্যক্ষ সন্ধ্যা বেজবৰা, গোৱালপাৰাৰ বাগুয়ান এইচ এছ স্কুলৰ বিষয় শিক্ষয়িত্ৰী হিমানী দত্ত, ধেমাজি জিলাত তিনিগৰাকী অধ্যক্ষ—বৰডলনী এইচ এছ স্কুলৰ কবিতা চুতীয়া, ধেমাজি বালিকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ চক্ৰৱৰ্তী বৰগোহাঞি, আৰু পশ্চিম জোনাই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ গোপীৰাম দলেক কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছে।

একেদৰে মাজুলীৰ কমলাবাৰী সত্ৰ উচ্চতৰ মাধ্যিমক বিদ্যালয়ৰ অধ্যক্ষা লীলামণি বৰগোহাঞি, ধুবুৰীৰ লক্ষীগঞ্জ এইচ এছ স্কুলৰ অধ্যক্ষ মইনুল হক মণ্ডল আৰু ৰঙিয়া বালিকা এইচ এছ স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদীপ কলিতাও নিলম্বন কৰা হৈছে । উল্লেখ্য যে, পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই শিক্ষানুষ্ঠানসমূহত ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে সাময়িকভাৱে দায়িত্ব ল’বলৈ জিলা বিদ্যালয় পৰিদৰ্শকসকলক নিৰ্দেশ দিছে ব’ৰ্ডে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব