৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত নিৰ্বাচনী ললিপপ দিছে চৰকাৰে : লুৰীণজ্যোতি গগৈ

তেওঁ কয়,"যোৱা ছবছৰে ৰাজ্যসভাত পৰি আছে সংবিধানৰ সংশোধনী বিধেয়ক। এতিয়া এইটো নিৰ্বাচনী ললিপপ! ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত অসমবাসীক টুপী পিন্ধাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।"

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত নিৰ্বাচনী ললিপপ দিছে চৰকাৰে : লুৰীণজ্যোতি গগৈ
Published: 

01 Dec 2025 16:27 PM

৬ জনগোষ্ঠীত জনজাতিকৰণৰ সন্দৰ্ভত বিধানসভাত দাখিল কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন এত প্ৰহসন বুলি দাবী কৰিছে অসম জাতীয় পৰিষদে। সোমবাৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই বিষয়ক লৈ সংবাদমেল সম্বোধন কৰে। তেওঁ কয়,”যোৱা ছবছৰে ৰাজ্যসভাত পৰি আছে সংবিধানৰ সংশোধনী বিধেয়ক। এতিয়া এইটো নিৰ্বাচনী ললিপপ! ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত অসমবাসীক টুপী পিন্ধাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।”

অজাপৰ নেতাগৰাকীয়ে কয়, “মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ পথ মুকলি হ’ল আৰু শীঘ্ৰেই জনজাতিকৰণ হৈ যাব বুলি ৰাজ্য চৰকাৰে দাবী কৰিছে। স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত এই দাবী কৰিছে। কিন্তু চৰকাৰ/মুখ্যমন্ত্ৰীৰ এই দাবী অমূলক, অবাস্তৱ। বৰং এয়া আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে ৰাইজক প্ৰদান কৰা এক ৰাজনৈতিক ললিপপৰ বাহিৰে আন একো নহয়। ”

তেওঁ কয় যে, অসমত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী বহু পুৰণি তৰুণ গগৈ চৰকাৰৰ দিনত, ২৪ নৱেম্বৰ ২০০৭ তাৰিখে, এইটো দাবী কৰিবলৈ অহা লক্ষ্মী ওৰাং নামৰ এগৰাকী মহিলা বিবস্ত্ৰ হোৱাৰ ঘটনাই অসমবাসীক বিশ্বৰ আগত লজ্জ্বাৱনত কৰোৱাইছিল। ১৯৬০ চনত কোচ ৰাজবংশী সম্প্ৰদায়ৰ পৰা এই দাবী প্ৰথম উত্থাপিত হৈছিল।

লগতে তেওঁ কয়,”২০১৫ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনত আগবঢ়োৱা বক্তৃতাত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যৱস্থা হাতত ল’বলৈ অসম বিধানসভাৰ পৰাই কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছিল। সেই বছৰৰে ২৪ নৱেম্বৰত তৰুণ গগৈই ভাৰতৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে স্মাৰকপত্ৰ দিছিল।”

ইফালে, বিজেপি দলে ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ কৰা ‘দৃষ্টিপত্ৰ ২০১৬-২৫’ (Vision Document 2016-25’ত ৬ জনগোষ্ঠীক নিৰ্ধাৰিত সময়ৰ ভিতৰত (অৰ্থাৎ ২০১৬ৰ পৰা ২০২৫ৰ ভিতৰত) জনজাতিকৰণৰ আশ্বাস দিছিল বুলিও উল্লেখ কৰিছে লুৰীণজ্যোতি গগৈয়ে। তেওঁ কয়,”২০১৬ত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পূৰ্বেই, অৰ্থাৎ নিৰ্বাচনৰ আগে আগে, ২৯ ফেব্ৰুৱাৰী, ২০১৬ তাৰিখে কেন্দ্ৰীয় চৰকাৰে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ আৰ্হি (Modelities)প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ বিশেষ সচিব মহেশ কুমাৰ চিংলাৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়ে। ”

“উক্ত কমিটিক অসম চৰকাৰ, NCST আৰু RGIৰ সৈতে আলোচনা সাপেক্ষে দায়িত্ব সম্পাদন কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হয়। চিংলা কমিটিক ২০১৬ চনৰ ৩১ মে’ৰ পূৰ্বে প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল যদিও অসমৰ লখিমপুৰ লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰতিবেদন দাখিলৰ সময়সীমা ২০১৬ চনৰ নৱেম্বৰ মাহলৈ বৃদ্ধি কৰা হয়।” সংবাদমেল এই কথা উল্লেখ কৰিছে অজাপৰ নেতাগৰাকীয়ে।

একে সময়তে তেওঁ কয়,”চিংলা কমিটিৰ প্ৰতিবেদন আৰু অন্য আনুষ্ঠানিকতা সম্পাদনৰ পাছত ভাৰত চৰকাৰৰ কেবিনেটে ৮ নৱেম্বৰ ২০১৯ তাৰিখে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱত অনুমোদন জনায়। নিয়ম অনুসৰি নিশ্চয়কৈ NCST আৰু RGIয়ে অনুমোদন জনাইছে। নহ’লে প্ৰস্তাৱটো গৈ কেন্দ্ৰীয় কেবিনেট নাপালেগৈ হেতেন। ৯ নৱেম্বৰ ২০১৯ তাৰিখে ভাৰত চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক ভাৰতৰ অনুসূচিত জনজাতিৰ তালিকাভূক্ত কৰাৰ প্ৰস্তাৱেৰে সংবিধান সংশোধনী বিধেয়ক (THE CONSTITUTION (SCHEDULED TRIBES) ORDER (AMENDMENT) BILL, 2019) সংসদৰ উচ্চ সদন ৰাজ্যসভাত উত্থাপন কৰে।”

তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে ৬ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাভূক্ত কৰাৰ মানসেৰেই সংসদত উল্লিখিত সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিছিল। বিধেয়কখন বৰ্তমানলৈ ৰাজ্যসভাৰ মজিয়াত আলোচনা/বিতৰ্ক নোহোৱাকৈ পৰি আছে। ভাৰতৰ সংবিধানৰ ৩৪২ অনুচ্ছেদৰ বিধি অনুসৰিয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত আছে। সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হৈ বিষয়টো সংসদৰ বিবেচনাৰ্থে দেশৰ সৰ্বোচ্চ বিধান পালিকাৰ মজিয়াত আছে। এতিয়া কেৱল ৰাজ্যসভাত বিধেয়কখন পাৰিত কৰোৱাহে কথা বুলি কয় লুৰীণজ্যোতি গগৈয়ে।

তেওঁ কয়, “লোকসভা আৰু ৰাজ্যসভা উভয়তে বিজেপি নেতৃত্বাধীন NDA এতিয়া সংখ্যাগৰিষ্ঠ। গতিকে বিধেয়কখন পাৰিত কৰোৱাটো বিজেপিৰ বাবে সাধাৰণ কথা। কিন্তু তাৰ পাছতো বিজেপি দলে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন সংসদত পাৰিত নকৰোৱাই, পুনৰ অসম চৰকাৰৰ দ্বাৰা মন্ত্ৰী গোট গঠন কৰি, বিধানসভাত দাখিল কৰোৱাই সমগ্ৰ বিষয়টো শূন্যৰ পৰা আৰম্ভ কৰাৰ অৰ্থ কি – এইটোহে দুৰ্বোধ্য সাঁথৰ।”

আচলতে অসমৰ ছটা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ আন্তৰিকতাই নাই অভিযোগ কৰিছে অজাপৰ নেতাগৰাকীয়ে। তেওঁ কয়,” আন্তৰিকতা থকা হ’লে তেওঁলোকে ২০১৯ চনতে সংসদত দাখিল হোৱা আৰু যোৱা প্ৰায় ৬ বছৰে সংসদত বিবেচনাধীন অৱস্থাত থকা বিধেয়কখন পাৰিত কৰোৱাৰ ওপৰত গুৰুত্ব দিলেহেতেন। কাৰণ সেইটোহে আছিল জনজাতিকৰণৰ অন্তিমটো পদক্ষেপ।” কিন্তু তাকে নকৰি ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ নামত ভেকোভাওনাৰ সৃষ্টিৰে ৰাইজক নিৰ্বাচনী ললিপপ খুওৱাৰ অপচেষ্টাত লিপ্ত হোৱা বুলি অভিযোগ কৰিছে লুৰীণজ্যোতি গগৈয়ে।

শীতকালত ওজন নিয়ন্ত্ৰণৰ বাবে খাদ্যাভ্যাস কেনেকুৱা হ’ব লাগে ?
মহিলাৰ দেহত কৰ্কট ৰোগৰ ৫ টা লক্ষণ কি? জানক...
হাৰ্ট এটেক অহাৰ ১ মাহ পূৰ্বে দেখা দিয়ে এনে লক্ষণ! জানক...
শোৱা গাৰুৰ তলত এটা জালুক ৰাখিলে কি হ’ব? জানক...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী