কোঠাৰ ভিতৰত উদ্ধাৰ মৃতদেহ! গোৱাত অসমীয়া যুৱতীৰ সৈতে কি কৰিলে ৰাছিয়াৰ যুৱকে?

গোৱাত অতি মৰ্মান্তিকভাৱে প্ৰাণ হেৰুৱালে অসমৰ এগৰাকী যুৱতীয়ে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এজনক। এই লোকজন ৰাছিয়াৰ বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

কোঠাৰ ভিতৰত উদ্ধাৰ মৃতদেহ! গোৱাত অসমীয়া যুৱতীৰ সৈতে কি কৰিলে ৰাছিয়াৰ যুৱকে?

যুৱতীগৰাকী

Published: 

22 Jan 2026 | 12:16 PM

গোৱাত নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱতিলে অসমীয়া যুৱতীয়ে। জানিব পৰা মতে, ৰাছিয়াৰ এজন যুৱকে অতি নৃশংসভাৱে হত্যা কৰে আমগুৰিৰ এই যুৱতীগৰাকীক। কেৱল এগৰাকীকেই নহয়, মুঠ ৩ গৰাকী যুৱতীক হত্যা কৰে যুৱকজনে। ইতিমধ্যে অভিযুক্তই হত্যাৰ কথা স্বীকাৰ কৰিছে। এই কাণ্ডই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

প্ৰাপ্ত খবৰ অনুসৰি, আমগুৰিৰ যুৱতীগৰাকী প্ৰায় ৪ বছৰ ধৰি কৰ্মসূত্ৰে গোৱাত বাস কৰি আহিছিল। কিন্তু মাঘ বিহুৰ দিনাই ভাড়াঘৰৰ মালিকে যুৱতীগৰাকীৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকক খবৰ দিয়ে। ইফালে গোৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনাটো কি?

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাছিয়ান যুৱক এলেক্সি লিয়োনোভক। এই যুৱকজনৰ বিৰুদ্ধে ৰাছিয়াৰ আন দুগৰাকী যুৱতীক গোৱাত হত্যা কৰাৰ অভিযোগ আছে। আৰক্ষীয়ে জনাই যে, যুৱকজনে দীৰ্ঘ সময় ধৰি ভাৰতত বাস কৰি আছিল। বিগত সময়চোৱাত তেওঁ ভাৰতৰ কেইবাখনো চহৰ ভ্ৰমণ কৰিছিল আৰু সৰু সুৰা কাম কৰি জীৱন নিৰ্বাহ কৰিছিল।

যুৱকজন পূৰ্বতেও কেইবাবাৰো গোৱাত গৈছিল। ২০২৫ চনৰ ডিচেম্বৰত তেওঁ পুনৰ গোৱাত উপস্থিত হয়। আৰক্ষীৰ মতে, এইবাৰ তেওঁ বেছি কাম কৰা নাছিল। বেছিভাগ সময় ড্ৰাগছৰ নিছাত আছিল। এই যুৱকজনৰ অসমৰ যুৱতীগৰাকীৰ সৈতে দীৰ্ঘসময় ধৰি চিনাকী আছিল। দুয়ো বহুবাৰ গোৱাত ফুৰিবও গৈছিল। কিন্তু ১২ জানুৱাৰীত যুৱতীগৰাকী গোৱাৰ ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ হয়। মৃত্যুৰ এদিন পূৰ্বে যুৱতীগৰাকীক ৰাছিয়াৰ যুৱকজনৰ সৈতে দেখা গৈছিল।

প্ৰাথমিক অৱস্থাত পোহৰলৈ আহিছিল যে, যুৱতীগৰাকীৰ ড্ৰাগছ অভাৰডোজৰ ফলত মৃত্যু হৈছে। কিন্তু যুৱকজনে স্বীকাৰ কৰে, তেওঁ যুৱতীগৰাকীক ড্ৰাগছ দি হত্যা কৰে। ইয়াৰোপৰি আন দুগৰাকী ৰাছিয়ান যুৱতীক যুৱকজনে হত্যা কৰিছে। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ সৰস্বতী পূজাৰ পূৰ্বে পালে হ্ৰাস! জানক আজিৰ দিনটোৰ সোণ-ৰূপৰ মূল্য…

WIFI ৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ আৰম্ভণি কেনেকৈ হৈছে জানক
হনুমানক পূজা কৰিও ফল পোৱা নাই নেকি? তেন্তে প্ৰসন্ন কৰিবলৈ এই তেলৰ চাকি দিবলৈ নাপাহৰিব!
অমিতাৰ গুটি চোবাই খোৱাৰ উপকাৰিতা জানেনে?
২৩ জানুৱাৰীত ডাঙৰ সংযোগ! এই ৩ ৰাশিৰ বাবে শুভ...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...