স্বাভাৱিক হৈছে বতৰ, কাইলৈ পৰা খুলিব গুৱাহাটীৰ বিদ্যালয়সমূহ…কিমান বজাৰ পৰা আৰম্ভ হ’ব পাঠদান ?

কামৰূপ(মহানগৰ) জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হৈছে । যোৱা কালিৰ পৰা ৰাজ্যখনত তাপমাত্ৰা হ্ৰাস পোৱাত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে শিক্ষা বিভাগে । ইতিমধ্যে এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ ফালৰ পৰা এক নিৰ্দেশনা প্ৰকাশ কৰা হৈছে ।

স্বাভাৱিক হৈছে বতৰ, কাইলৈ পৰা খুলিব গুৱাহাটীৰ বিদ্যালয়সমূহ...কিমান বজাৰ পৰা আৰম্ভ হব পাঠদান ?
Updated On: 

24 Sep 2024 | 04:39 PM

উৎকট গৰমৰ বাবে কামৰূপ(মহানগৰ) জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছিল । কিন্তু যোৱা কালিৰ পৰা ৰাজ্যখনত তাপমাত্ৰা হ্ৰাস পোৱাত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে শিক্ষা বিভাগে । ইতিমধ্যে এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ ফালৰ পৰা এক নিৰ্দেশনা প্ৰকাশ কৰা হৈছে ।

উল্লেখ্য যে, সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা বাতিল কৰাৰ লগতে নতুন সময় অনুসৰিয়ে বিদ্য়ালয়সমূহ পাঠদান আৰম্ভ হ’ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে । কামৰূপ মহানগৰ জিলাৰ শিক্ষানুষ্ঠান সমূহৰ পাঠদান পূৰ্বৰ দৰে পুৱা ৭.৩০ বজাৰ দুপৰীয়া ১২.৩০ বজালৈ হ’ব । প্ৰচণ্ড গৰমৰ বাবে কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী, বেচৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়সমূহ ২৪ ছেপ্টেম্বৰ ৰ পৰা ২৭ ছেপ্টেম্বৰলৈকে বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল ।

যোৱা সোমবাৰে এই নিৰ্দেশ জাৰি কৰিছিল শিক্ষা বিভাগে । কিন্তু যোৱা কালিৰ গুৱাহাটীৰ বতৰ স্বাভাৱিক হোৱাৰ পাছতে এই বন্ধ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । নিৰ্দেশনাত উল্লেখ আছে যে, বতৰৰ স্বাভাৱিক পৰিস্থিতিৰ ঘূৰি অহাৰ বাবে অহা ২৫ ছেপ্টেম্বৰ বুধবাৰৰ পৰা বিদ্যালয়সমূহ আগৰ দৰেই খোলা থাকিব।

ছেপ্টেম্বৰ মাহৰ শেষফালে উত্তৰ-পূবৰ ৰাজ্যখনত নাতিশীতোষ্ণ পৰিৱেশে বিৰাজ কৰে যদিও এইবছৰ প্ৰচণ্ড গৰম অনুভৱ কৰে ৰাজ্যবাসীয়ে । দেখা গৈছে যে, যোৱা কেইদিনৰ গুৱাহাটীৰ বৰ্দ্ধিত তাপমাত্ৰাই পূৰ্বৰ অভিলেখ স্পৰ্শ কৰে । গুৱাহাটীত ২০২৩ চনৰ ৪ ছেপ্টেম্বৰ দিনটো আটাইতকৈ গৰমৰ দিন হিচাপে পৰিগণিত হৈছিল । এই দিনটোত ৩৮.২ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল ।

কিন্তু যোৱা দিন কেইটাত ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটী বৰ্দ্ধিত তাপমাত্ৰাই ২০২৩ চনৰ এই অভিলেখ স্পৰ্শ কৰে । তথ্য অনুসৰি, এইবাৰ ছেপ্টেম্বৰ মাহত পূৰ্ব বছৰবোৰৰ স্বাভাৱিক তাপমাত্ৰাতকৈ প্ৰায় ৫ পৰা ৭ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধি পোৱা দেখা গৈছিল ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...