Assam sahitya sabha: বহু বিতৰ্কৰ অন্তত অসম সাহিত্য সভাৰ সভাপতি পদৰ নতুন তালিকা প্ৰকাশ, কাৰ কাৰ আছে নাম…

Assam sahitya sabha: বহু বিতৰ্কৰ অন্তত অসম সাহিত্য সভাই প্ৰকাশ কৰিলে সভাপতি পদৰ বাবে নতুন প্ৰাৰ্থীৰ তালিকা। পূৰ্বৰ তালিকাৰ নাম আঁতৰাই নতুন তালিকাত স্থান লাভ কৰিলে ৫ গৰাকী বিশিষ্ট সাহিত্যিকে। পৰৱৰ্তী সময়ত ইয়াৰে কোনো এগৰাকী সাহিত্যিক হ'ব অসম সাহিত্য সভাৰ নতুন সভাপতি।

Assam sahitya sabha: বহু বিতৰ্কৰ অন্তত অসম সাহিত্য সভাৰ সভাপতি পদৰ নতুন তালিকা প্ৰকাশ, কাৰ কাৰ আছে নাম...

কোন হ'ব অসম সাহিত্য সভাৰ সভাপতি

Published: 

12 Nov 2024 16:10 PM

বহু বিতৰ্কৰ অন্তত প্ৰকাশ পালে অসম সাহিত্য সভাৰ ২০২৫-২০২৭ ৰ সভাপতি পদৰ নতুন তালিকা। এই তালিকাত নাম আছে- বসন্ত কুমাৰ গোস্বামী, গোবিন্দ প্ৰসাদ শৰ্মা, উপেন ৰাভা হাকাচাম, অনুৰাধা শৰ্মা পূজাৰী আৰু ভীমকান্ত বৰুৱাৰ। গতিকে পৰৱৰ্তী সময়ত এই ৫ গৰাকী বিশিষ্ট সাহিত্যিকৰ মাজৰ পৰা কোনোৱে গ্ৰহণ কৰিব অসম সাহিত্য সভাৰ সভাপতি পদ।মঙলবাৰে গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ উচ্চ ক্ষমতা সম্পন্ন কমিটীৰ বৈঠকৰ পাছতেই চূড়ান্ত হয় সভাপতি পদৰ প্ৰাৰ্থীৰ তালিকা।

উল্লেখ্য যে, যোৱা কেইটামান দিন ধৰি অসম সাহিত্য সভাৰ সভাপতি পদক লৈ বিতৰ্কৰ সূচনা হৈছিল। সভাপতি নিৰ্বাচনৰ বাবে সংবিধান সংশোধন কৰি ৫ জন সাহিত্যিকৰ নাম নিৰ্বাচিত কৰি পেনেল আকাৰে শাখাসমূহলৈ প্ৰেৰণ কৰিছিল । এই তালিকাত নাম আছিল অৰূপা পটংগীয়া কলিতা, নাহেন্দ্ৰ পাডুন, লীলাবতী বৰা শইকীয়া, ড০ হিতেশ ডেকা আৰু গিৰীশ সন্দিকৈৰ। এই তালিকা প্ৰকাশ পোৱাৰ পাছতেই সকলোফালে সাহিত্য সভা সমালোচিত হৈছিল।

কিয়নো তালিকাত নাম থকা গিৰীশ সন্দিকৈ আৰু হিতেশ ডেকাৰ যোগ্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল।   ড০ হিতেশ ডেকাৰ  ৫ খন মৌলিক গ্ৰন্থ নাই। গতিকে নাম তালিতাক থাকিলেও সংবিধানৰ নীতি অনুসৰি  তেওঁ সভাপতি হ’ব নোৱাৰে। ইয়াৰ লগতে  বিশিষ্ট সাহিত্যিক নাহেন্দ্ৰ পাডুনৰ বয়স বৰ্তমান ৮৫। গতিকে তেওঁৱো এই পদত অধিষ্ঠিত হোৱাৰ আশা নাছিল। তালিকাত নাম থকা  লীলাবতী শইকীয়া  শয্য়াগত, গতিকে তেওঁ এই পদত অধিষ্ঠিত হোৱাৰ প্ৰশ্নয়ে নুঠে। আনহাতে সাহিত্য সভাক প্ৰায়ে সমালোচনা কৰি অহা অৰূপা পটংগীয়া কলিতাও যে এই দৌৰৰ পৰা বাহিৰ  থাকিব এক প্ৰকাৰ স্পষ্ট হৈ পৰিছিল।

গতিকে পৰিস্থিতি এনে হৈছিল যে একাংশই বহু ষড়যন্ত্ৰ কৰি গিৰীশ সন্দিকৈক অসম সাহিত্য সভাৰ সভাপতি পাতিব বিচাৰিছিল। যাৰ বাবে অসমৰ একাংশ লোকে ইয়াৰ বিৰোধিতা কৰিছিল। কেইবাদিনো ধৰি চলা বিতৰ্কৰ অন্তত গিৰীশ সন্দিকৈয়ে সভাপতি পদৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে আৰু তাৰ পাছতেই প্ৰকাশ পাই নতুন তালিকা।  ইয়াৰ পাছতেই এই তালিকা শাখা সাহিত্য সভা সমূহলৈ প্ৰেৰণ কৰিব আৰু নীতি অনুসৰি সভাপতি পদৰ বাবে নাম নিৰ্ধাৰণ হব। গতিকে পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব কোন হব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসম সাহিত্য সভাই উপ- সভাপতি পদৰ বাবে ৩ গৰাকী প্ৰাৰ্থী আৰু প্ৰধান সম্পাদকৰ বাবে ৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল। উপ- সভাপতি পদৰ তালিকাত আছে- ডাঃ বিপিন চন্দ্ৰ কলিতা, পদুম ৰাজখোৱা, চহিৰ ভূঞা। আনহাতে প্ৰধান সম্পাদকৰ প্ৰাৰ্থী কেইগৰাকী হ’ল- অজিতপ্ৰসাদ শৰ্মা, দেৱজিৎ বৰা আৰু সঞ্জীৱ শৰ্মা।

 

 

Related Stories
বমি বমি লাগিছে? এই তিনিটা ঘৰুৱা খাদ্যেই দিব তৎক্ষণাত সকাহ
পুৱা খালী পেটত চাহ খায় নেকি? সাৱধান! সন্মুখীন হ’ব পাৰে ভাবিব নোৱাৰা সমস্যাৰ
ডাকঘৰে দিছে লাখপতি হোৱাৰ সুযোগ ! এই আঁচনিত দৈনিক ৩৩৩ টকা বিনিয়োগ কৰি লাভ কৰক ১৭ লাখ
ডায়েবেটিছৰ সমস্যাত সকাহ দিয়ে পাকঘৰৰ ৫ বিধ সহজ মছলাই, জানিবলৈ চাওক এতিয়াই
দেৱাল লেখন অভিযানত মুখ্যমন্ত্ৰী
সমষ্টিত দমকল পুতিলে সাংসদ ৰকিবুল হুচেইনে...
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে জুবিনে ন্যায় নাপায়ঃ ৰকিবুল
জনজাতিৰ লোকসকলে পাব বনভূমিৰ পট্টা, মুখ্য়মন্ত্ৰীৰ ঘোষণা