চাকৰি হেৰুৱালে পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাই ! উত্তাল বিধানসভা…

পলিটেকনিকৰ প্ৰতিষ্ঠাপক প্ৰবক্তাসকলে যোৱা ১৭ ফেব্ৰৱাৰীৰ পৰা মহানগৰীৰ চচলত চাকৰি নিয়ামীয়াকৰণৰ দাবীত প্ৰতিবাদত অব্যাহত ৰাখিছিল । মনকৰিবলগীয়া যে, এই অবিৰত প্ৰতিবাদৰ পাছতো চৰকাৰৰ ইতিবাচক সহাঁৰি লাভ কৰা নাই পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাসকলে । ইয়াৰ বিপৰীতে চাকৰি হেৰুৱাবলগীয়া হ'ল ৬৮ গৰাকীকৈ প্ৰতিষ্ঠাপক প্ৰবক্তাই ।

চাকৰি হেৰুৱালে পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাই ! উত্তাল বিধানসভা...

অসম বিধান সভা

Updated On: 

12 Mar 2025 | 12:08 PM

চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে ৬৮ গৰাকী পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাই হেৰুৱালে চাকৰি । উল্লেখ্য যে, ২০১৭ চনত এইসকল প্ৰবক্তা যোগ্যতাৰ ভিত্তিত লাভ কৰিছিল নিযুক্তি । প্ৰকাশিত খবৰ অনুসৰি, ৰাজ্যৰ ১১ নতুন পলিটেকনিক আৰু বৰাকভেলীৰ ইঞ্জিনীয়াৰিং কলেজৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি এইসকল প্ৰতিষ্ঠাপক প্ৰবক্তাক ২০১৭ চনতে নিযুক্তি দিছিল ৰাজ্য চৰকাৰে ।

পলিটেকনিকৰ এই প্ৰতিষ্ঠাপক প্ৰবক্তাসকলে যোৱা ১৭ ফেব্ৰৱাৰীৰ পৰা মহানগৰীৰ চচলত চাকৰি নিয়ামীয়াকৰণৰ দাবীত প্ৰতিবাদত অব্যাহত ৰাখিছিল । মনকৰিবলগীয়া যে, এই অবিৰত প্ৰতিবাদৰ পাছতো চৰকাৰৰ ইতিবাচক সহাঁৰি লাভ কৰা নাই পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাসকলে । ইয়াৰ বিপৰীতে চাকৰি হেৰুৱাবলগীয়া হ’ল ৬৮ গৰাকীকৈ প্ৰতিষ্ঠাপক প্ৰবক্তাই ।

তেওঁলোকে প্ৰতিবাদ অব্য়াহত ৰখাৰ মাজতে প্ৰবক্তাসকলক অব্য়াহতি দিয়াৰ পত্ৰ প্ৰেৰণ কৰে শিক্ষা বিভাগে । ৮ বছৰ ধৰি কাম কৰাৰ পাছত নিয়মীয়াকৰণ কৰাৰ পৰিৱৰ্তে চাকৰিৰ পৰা অব্যাহিত দিয়াক লৈ দুখ প্ৰকাশ কৰিছে প্ৰবক্তাসকলে ।

উল্লেখ্য় যে, আজি এই বিষয়টো বিধান সভাত উত্থাপন কৰে বিৰোধীয়ে । চাকৰি হেৰুৱা প্ৰতিগৰাকী প্ৰবক্তাক চাকৰি ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰি বিৰোধীয়ে উত্তাল কৰে বিধানসভা। চাকৰি নিয়মীয়াকৰণ আৰু চাকৰি ঘূৰাই দিয়াৰ দাবীত প্ৰতিবাদ কৰে বিৰোধীয়ে । লগতে প্ৰতিবাদ কৰি পলিটেকনিক কলেজৰ প্ৰবক্তাই চাকৰি হেৰুৱাবলগা হোৱা প্ৰসংগত বিধানসভাত সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল বিৰোধীয়ে ।

ইফালে, পলিটেকনিৰ প্ৰবক্তাৰ চাকৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে । তেওঁ কয় যে, অংশকালীন শিক্ষকক পূৰ্ণকালীনলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ কোনো নীতি নিয়ম নাই । নিয়মীয়া নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে । গতিকে নিয়মীয়া নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহ্বান জনাই তেওঁ কয় যে, নিয়মীয়া নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হওক পলিটেকনিকৰ প্ৰবক্তাসকল । নিয়মীয়া নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হলেহে নতুনকৈ চাকৰি পাব প্ৰবক্তাসকলে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...