চাকৰি হেৰুৱালে পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাই ! উত্তাল বিধানসভা…

পলিটেকনিকৰ প্ৰতিষ্ঠাপক প্ৰবক্তাসকলে যোৱা ১৭ ফেব্ৰৱাৰীৰ পৰা মহানগৰীৰ চচলত চাকৰি নিয়ামীয়াকৰণৰ দাবীত প্ৰতিবাদত অব্যাহত ৰাখিছিল । মনকৰিবলগীয়া যে, এই অবিৰত প্ৰতিবাদৰ পাছতো চৰকাৰৰ ইতিবাচক সহাঁৰি লাভ কৰা নাই পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাসকলে । ইয়াৰ বিপৰীতে চাকৰি হেৰুৱাবলগীয়া হ'ল ৬৮ গৰাকীকৈ প্ৰতিষ্ঠাপক প্ৰবক্তাই ।

চাকৰি হেৰুৱালে পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাই ! উত্তাল বিধানসভা...

অসম বিধান সভা

Updated On: 

12 Mar 2025 | 12:08 PM

চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে ৬৮ গৰাকী পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাই হেৰুৱালে চাকৰি । উল্লেখ্য যে, ২০১৭ চনত এইসকল প্ৰবক্তা যোগ্যতাৰ ভিত্তিত লাভ কৰিছিল নিযুক্তি । প্ৰকাশিত খবৰ অনুসৰি, ৰাজ্যৰ ১১ নতুন পলিটেকনিক আৰু বৰাকভেলীৰ ইঞ্জিনীয়াৰিং কলেজৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি এইসকল প্ৰতিষ্ঠাপক প্ৰবক্তাক ২০১৭ চনতে নিযুক্তি দিছিল ৰাজ্য চৰকাৰে ।

পলিটেকনিকৰ এই প্ৰতিষ্ঠাপক প্ৰবক্তাসকলে যোৱা ১৭ ফেব্ৰৱাৰীৰ পৰা মহানগৰীৰ চচলত চাকৰি নিয়ামীয়াকৰণৰ দাবীত প্ৰতিবাদত অব্যাহত ৰাখিছিল । মনকৰিবলগীয়া যে, এই অবিৰত প্ৰতিবাদৰ পাছতো চৰকাৰৰ ইতিবাচক সহাঁৰি লাভ কৰা নাই পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাসকলে । ইয়াৰ বিপৰীতে চাকৰি হেৰুৱাবলগীয়া হ’ল ৬৮ গৰাকীকৈ প্ৰতিষ্ঠাপক প্ৰবক্তাই ।

তেওঁলোকে প্ৰতিবাদ অব্য়াহত ৰখাৰ মাজতে প্ৰবক্তাসকলক অব্য়াহতি দিয়াৰ পত্ৰ প্ৰেৰণ কৰে শিক্ষা বিভাগে । ৮ বছৰ ধৰি কাম কৰাৰ পাছত নিয়মীয়াকৰণ কৰাৰ পৰিৱৰ্তে চাকৰিৰ পৰা অব্যাহিত দিয়াক লৈ দুখ প্ৰকাশ কৰিছে প্ৰবক্তাসকলে ।

উল্লেখ্য় যে, আজি এই বিষয়টো বিধান সভাত উত্থাপন কৰে বিৰোধীয়ে । চাকৰি হেৰুৱা প্ৰতিগৰাকী প্ৰবক্তাক চাকৰি ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰি বিৰোধীয়ে উত্তাল কৰে বিধানসভা। চাকৰি নিয়মীয়াকৰণ আৰু চাকৰি ঘূৰাই দিয়াৰ দাবীত প্ৰতিবাদ কৰে বিৰোধীয়ে । লগতে প্ৰতিবাদ কৰি পলিটেকনিক কলেজৰ প্ৰবক্তাই চাকৰি হেৰুৱাবলগা হোৱা প্ৰসংগত বিধানসভাত সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল বিৰোধীয়ে ।

ইফালে, পলিটেকনিৰ প্ৰবক্তাৰ চাকৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে । তেওঁ কয় যে, অংশকালীন শিক্ষকক পূৰ্ণকালীনলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ কোনো নীতি নিয়ম নাই । নিয়মীয়া নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে । গতিকে নিয়মীয়া নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহ্বান জনাই তেওঁ কয় যে, নিয়মীয়া নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হওক পলিটেকনিকৰ প্ৰবক্তাসকল । নিয়মীয়া নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হলেহে নতুনকৈ চাকৰি পাব প্ৰবক্তাসকলে ।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?