‘অপাৰেচন প্ৰঘাট’ৰ অধীনত ধুবুৰীত পুনৰ জেহাদীক গ্ৰেপ্তাৰ…

চাৰিদিনৰ ভিতৰত মৌলবাদী সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত দুটাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে । শেহতীয়াকৈ ধুবুৰী পৰা পুনৰ আজিবৰ ৰহমা নামৰ এটা জেহাদীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ।

‘অপাৰেচন প্ৰঘাট’ৰ অধীনত ধুবুৰীত পুনৰ জেহাদীক গ্ৰেপ্তাৰ...

প্ৰতীকী ফটো

Updated On: 

21 Jan 2025 17:30 PM

ধুবুৰীত পুনৰ জেহাদীক গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰা গৈছে । ধুবুৰী জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা এই লোকজন মৌলবাদী সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । চাৰিদিনৰ পূৰ্বে আন এটা জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই জেহাদীটোক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । মঙলবাৰে এই তথ্য প্ৰকাশ কৰিছে আৰক্ষীৰ মুখপাত্ৰই । এয়া অসম আৰক্ষীৰ এক ডাঙৰ সফলতা বুলি ক’ব পাৰি । কাৰণ চাৰিদিনত মৌলবাদী সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত দুটাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

আৰক্ষীৰ মুখপাত্ৰই সদৰী কৰা মতে, সন্ত্ৰাসবাদী, মৌলবাদী আৰু সন্ত্ৰাসবাদী নেটৱৰ্কৰ বিৰুদ্ধে বিভিন্ন ৰাজ্যত চলাই থকা ‘অপাৰেচন প্ৰঘাট’ৰ অংশ হিচাপে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে এই জেহাদীটোক গ্ৰেপ্তাৰ কৰে। জেহাদীটোৰ নাম হৈছে আজিবৰ ৰহমা । ধুবুৰী জিলাৰ লখিগঞ্জ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই জেহাদীটোক । মুখপাত্ৰগৰাকীয়ে কয় যে, ‘ধুবুৰী জিলাৰ লখিগঞ্জ অঞ্চলৰ আজিবৰ ৰহমা নামৰ এটা জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে।’

ইয়াৰ পূৰ্বেও একে অভিযানৰ অংশ হিচাপে যোৱা শনিবাৰে জিলাখনৰ খুদিগাঁও অঞ্চলৰ পৰা আন এজন সন্দেহযুক্ত উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে । মৌলবাদী সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি সন্দেহ কৰা ‘জেহাদী’টোৰ নাম হৈছে জাহীৰ আলী ।

উল্লেখ্য যে, ‘অপাৰেচন প্ৰঘাট’ত অধীনত এতিয়ালৈকে বাংলাদেশৰ নাগৰিককে ধৰি ১২টা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । চলি থকা এই অভিযানৰ অধীনত যোৱা বছৰৰ ডিচেম্বৰ মাহত অসম আৰক্ষীয়ে এজন বাংলাদেশীকে ধৰি আঠটা মৌলবাদীক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক : মৌলবাদী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ‘অপাৰেচন প্ৰঘাট’ ! ধুবুৰীত দুৰ্ধৰ্ষ জেহাদীক গ্ৰেপ্তাৰ কৰিলে এছটিএফে…

সপোনত কাজিয়াৰ দৃশ্য দেখিছে নেকি? এনে সপোন শুভ নে অশুভ, জানি লওক এতিয়াই
শীতকালত এইসমূহ বনৌষধি হৈ পৰে আপোনাৰ দেহৰ বন্ধু, বৃক্ক হৈ থাকে পৰিষ্কাৰ
নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...