Assam Police : ৭ কোটি টকাৰ ড্ৰাগছ জব্দ কাছাৰ আৰক্ষীৰ…এজনক আটক

এক ড্ৰাগছ বিৰোধী অভিযানত ডাঙৰ সফলতা লাভ কৰিছে কাছাৰ আৰক্ষীয়ে । জানিব পৰা মতে, যোৱা নিশা চলোৱা এক অভিযানত কাছাৰ আৰক্ষীয়ে প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এখন বাহন সহ এটা সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ।

Assam Police : ৭ কোটি টকাৰ ড্ৰাগছ জব্দ কাছাৰ আৰক্ষীৰ...এজনক আটক

ড্ৰাগছ জব্দ

Updated On: 

04 Nov 2024 12:46 PM

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । শেহতীয়াকৈ চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত ডাঙৰ সফলতা লাভ কৰিছে কাছাৰ আৰক্ষীয়ে । জানিব পৰা মতে, যোৱা নিশা চলোৱা এক অভিযানত কাছাৰ আৰক্ষীয়ে প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এখন বাহন সহ এটা সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, গোপন সূত্ৰৰ তথ্য ভিত্তিত কাছাৰ আৰক্ষীয়ে ৩ নৱেম্বৰৰ নিশা লাইলাপুৰ অঞ্চলত ড্ৰাগছৰ অবাধ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাইছিল । অভিযান কালত ৩৭৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰু ২০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে, ৩০ টা চাবোনৰ বাকচত হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে ।

অসম আৰক্ষীক প্ৰশংসা মুখ্যমন্ত্ৰীৰ

এই সফলতাৰ বাবে কাছাৰ আৰক্ষীক প্ৰশংসা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যত জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত আৰু আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বিভাগে দায়ৱদ্ধতাৰে কাম কৰি আছে ।

মুখ্যমন্ত্ৰী শৰ্মাই এক্সত লিখিছে,’বিশ্বাসযোগ্য চোৰাংচোৱাৰ ভিত্তিত কাম কৰি কাছাৰ আৰক্ষীয়ে লাইলাপুৰত এক বিশেষ অভিযান চলায় । এই অভিযানৰ সময়ত এখন বাহন জব্দ কৰাৰ লগতে এজন ব্যক্তিক আটক কৰা হয়। ইয়াৰ পাছতে আৰক্ষীৰ তালাচীত ৩০টা চাবোনৰ বাকচত প্ৰায় ৩৭৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হয় । ইয়াৰ লগতে ২০ হাজাৰ YABA টেবলেট জব্দ কৰে আৰক্ষীয়ে ।’ জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ আনুমানিক মূল্য ৭ কোটি টকা হ’ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

দিছপুৰ আৰক্ষীৰ অভিযান

আন এক সুকীয়া অভিযানত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দুটা ভিন্ন স্থানত ড্ৰাগছ বিৰোধী অভিযান চলায় । এই অভিযানত ১১৮.৪৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, এই অভিযানত দুজন লোককো আটক কৰিছে আৰক্ষীয়ে । ইয়াৰ লগতে এই অভিযানত এখন দুচকীয়া বাহন জব্দ কৰাৰ লগতে দুটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে ।

জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!