Assam Police : ৭ কোটি টকাৰ ড্ৰাগছ জব্দ কাছাৰ আৰক্ষীৰ…এজনক আটক

এক ড্ৰাগছ বিৰোধী অভিযানত ডাঙৰ সফলতা লাভ কৰিছে কাছাৰ আৰক্ষীয়ে । জানিব পৰা মতে, যোৱা নিশা চলোৱা এক অভিযানত কাছাৰ আৰক্ষীয়ে প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এখন বাহন সহ এটা সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ।

Assam Police : ৭ কোটি টকাৰ ড্ৰাগছ জব্দ কাছাৰ আৰক্ষীৰ...এজনক আটক

ড্ৰাগছ জব্দ

Updated On: 

04 Nov 2024 | 12:46 PM

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । শেহতীয়াকৈ চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত ডাঙৰ সফলতা লাভ কৰিছে কাছাৰ আৰক্ষীয়ে । জানিব পৰা মতে, যোৱা নিশা চলোৱা এক অভিযানত কাছাৰ আৰক্ষীয়ে প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এখন বাহন সহ এটা সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, গোপন সূত্ৰৰ তথ্য ভিত্তিত কাছাৰ আৰক্ষীয়ে ৩ নৱেম্বৰৰ নিশা লাইলাপুৰ অঞ্চলত ড্ৰাগছৰ অবাধ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাইছিল । অভিযান কালত ৩৭৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰু ২০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে, ৩০ টা চাবোনৰ বাকচত হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে ।

অসম আৰক্ষীক প্ৰশংসা মুখ্যমন্ত্ৰীৰ

এই সফলতাৰ বাবে কাছাৰ আৰক্ষীক প্ৰশংসা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যত জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত আৰু আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বিভাগে দায়ৱদ্ধতাৰে কাম কৰি আছে ।

মুখ্যমন্ত্ৰী শৰ্মাই এক্সত লিখিছে,’বিশ্বাসযোগ্য চোৰাংচোৱাৰ ভিত্তিত কাম কৰি কাছাৰ আৰক্ষীয়ে লাইলাপুৰত এক বিশেষ অভিযান চলায় । এই অভিযানৰ সময়ত এখন বাহন জব্দ কৰাৰ লগতে এজন ব্যক্তিক আটক কৰা হয়। ইয়াৰ পাছতে আৰক্ষীৰ তালাচীত ৩০টা চাবোনৰ বাকচত প্ৰায় ৩৭৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হয় । ইয়াৰ লগতে ২০ হাজাৰ YABA টেবলেট জব্দ কৰে আৰক্ষীয়ে ।’ জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ আনুমানিক মূল্য ৭ কোটি টকা হ’ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

দিছপুৰ আৰক্ষীৰ অভিযান

আন এক সুকীয়া অভিযানত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দুটা ভিন্ন স্থানত ড্ৰাগছ বিৰোধী অভিযান চলায় । এই অভিযানত ১১৮.৪৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, এই অভিযানত দুজন লোককো আটক কৰিছে আৰক্ষীয়ে । ইয়াৰ লগতে এই অভিযানত এখন দুচকীয়া বাহন জব্দ কৰাৰ লগতে দুটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...