অব্য়াহত আছে বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা ! পুনৰ ৬ বাংলাদেশীক আটক…

সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি, অবৈধভাৱে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ৬ বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ বিতাৰিত কৰে অসম আৰক্ষীয়ে । উল্লেখ্য যে, ভাৰত-বাংলাদেশৰ কোনটো খণ্ডৰ পৰা বাংলাদেশী কেইজনক বিতাৰিত কৰিছে সেই কথা উল্লেখ কৰা  নাই মুখ্যমন্ত্ৰী শৰ্মাই ।

অব্য়াহত আছে বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা ! পুনৰ ৬ বাংলাদেশীক আটক...

ভাৰত-বাংলাদেশ সীমান্ত

Published: 

23 Dec 2024 | 12:41 PM

বাংলাদেশী নাগৰিকে অবিৰতভাৱে সীমান্ত পাৰ হৈ অসম তথা ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰি আহিছে । দেখা গৈছে যে, যোৱা কেইমাহত ভাৰত-বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ বাংলাদেশী নাগৰিকক প্ৰায়ে অসম আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে বাধা প্ৰদান কৰি আহিছে । শেহতীয়াকৈ একেদৰে অনুপ্ৰৱেশৰ চেষ্টা কৰা ৬ বাংলাদেশী নাগৰিকক পুনৰ বাংলাদেশ কৰ্তৃপক্ষক গতাই দিয়াৰ তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি, অবৈধভাৱে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ৬ বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ বিতাৰিত কৰে অসম আৰক্ষীয়ে । উল্লেখ্য যে, ভাৰত-বাংলাদেশৰ কোনটো খণ্ডৰ পৰা বাংলাদেশী কেইজনক বিতাৰিত কৰিছে সেই কথা উল্লেখ কৰা  নাই মুখ্যমন্ত্ৰী শৰ্মাই । মনকৰিবলগীয়া যে, প্ৰায়ে সামাজিক মাধ্যমৰ জৰিয়তে বাংলাদেশীৰ অনুপ্ৰৱেশত বাধা দিয়াৰ খবৰ প্ৰকাশ কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।


তেওঁ কয়, ‘অসমত অবৈধ অনুপ্ৰৱেশৰ কোনো স্থান নাই, অনুপ্ৰৱেশত বাধা দিবৰ বাবে কঠোৰ নিৰীক্ষণ অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । ইয়াৰ অংশ হিচাপে অধিক সতৰ্কতা অৱলম্বন কৰি অসম আৰক্ষীয়ে ৬ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰি পুনৰ বিতাৰিত কৰে ।’

মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰা মতে, আটকাধীন বাংলাদেশীক মুস্তাফিজুৰ ৰহমান, কাব্বো ক্ৰুজ, মোঃ লেলিন মিয়া, চিৰাজুল ইছলাম, ছাইফুল ইছলাম আৰু মুক্তাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে । বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ পৰা ভাৰত-বাংলাদেশ সীমান্তত অধিক সতৰ্কতা বজাই ৰাখিছে অসম আৰক্ষীয়ে । ইয়াৰ সমান্তৰালভাৱে সীমান্ত সুৰক্ষা বাহিনীয়েও তীক্ষ্ণ নজৰ ৰাখিছে সীমান্তত ।

ইফালে যোৱা দেওবাৰে দুই সন্দেহজনক বাংলাদেশী লোকক সোণাপুৰৰ বাৰঘৰীয়া অঞ্চলত স্থানীয় লোকে আটক কৰাৰ খবৰ লাভ কৰা গৈছিল । অভিযোগ অনুসৰি, এই সন্দেহজনক বাংলাদেশী দুজনে দালালৰ সহায়ত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা বুলি জানিব পৰা যায় । প্ৰকাশিত খবৰ অনুসৰি মহম্মদ মুন্নান মিঞা, মহম্মদ আব্দুল টাহিভক নামৰ সন্দেহযুক্ত বাংলাদেশী দুজনে ৪ মাহৰ পূৰ্বেই ২০ হাজাৰ টকাৰ বিনিময়ত দালালৰ সহায়ত ভাৰতত অনুপ্ৰৱেশ কৰা বুলি অভিযোগ উত্থাপন হৈছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...