পুনৰ খাকী পোছাকত লাগিল দাগ! উৎকোচ লৈ নিলম্বিত হ’ল ধুবুৰীৰ আৰক্ষী বিষয়া

গাড়ীত বহি গণি গণি ঘোচ সংগ্ৰহ কৰা আটানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাক তাৎক্ষানিকভাৱে নিলম্বন। স্থানীয় লোকৰ পৰা প্ৰৱঞ্চনামূলক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ পোৱাৰ পাছতে নিলম্বন কৰা হৈছে ধনঞ্জয় ৰাভাক। সামজিক মাধ্যমত প্ৰকাশ পাইছিল উৎকোচ লোৱা ভিডিঅ'।

পুনৰ খাকী পোছাকত লাগিল দাগ! উৎকোচ লৈ নিলম্বিত হল ধুবুৰীৰ আৰক্ষী বিষয়া

উৎকোচ লৈ নিলম্বিত হ'ল আৰক্ষী বিষয়া

Updated On: 

29 Nov 2024 14:22 PM

আটানি আৰক্ষী চকীৰ বিষয়া ধনঞ্জয় ৰাভাক নিলম্বন। ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত চাকৰিৰ পৰা নিলম্বন বিষয়াগৰাকীক। উৎকোচ লোৱাৰ অভিযোগত নিলম্বন আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাক৷ গাড়ীত বহি মুকলিকৈ উৎকোচ লৈছিল ধনঞ্জয় ৰাভাই৷  গাড়ীত বহি গণি গণি ঘোচ সংগ্ৰহ কৰা আটানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাক তাৎক্ষানিকভাৱে নিলম্বন। স্থানীয় লোকৰ পৰা প্ৰৱঞ্চনামূলক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ পোৱাৰ পাছতে নিলম্বন কৰা হৈছে ধনঞ্জয় ৰাভাক। সামজিক মাধ্যমত প্ৰকাশ পাইছিল উৎকোচ লোৱা ভিডিঅ’।

কেইবাটাও স্থানীয় সংগঠন আৰু স্থানীয় লোকে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। ৰাভাৰ ওপৰত ব্যক্তিগত লাভৰ বাবে তেওঁৰ পদবী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল।তেওঁলোকে ধুবুৰীৰ আৰক্ষী অধীক্ষক আৰু ডিজিপি জি পি সিঙক পুংখানুপুংখ তদন্ত আৰম্ভ কৰিবলৈ আৰু বিষয়াজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল। ৰাইজৰ হুংকাৰৰ প্ৰতি সঁহাৰি জনাই দ্ৰুত পদক্ষেপ গ্ৰহণ কৰি ধনঞ্জয় ৰভাক তাৎক্ষণিকভাৱে নিলম্বন কৰা হয়।

লগতে পঢ়ক: পুনৰ মহানগৰীৰ হোটেলৰ বন্ধ কোঠাত মৃতদেহ উদ্ধাৰ: ঘটনাক লৈ চাঞ্চল্য

জানিব পৰা মতে, ৰাভাই দুৰ্ঘটনাত পতিত গাড়ী মুকলি কৰি দিবলৈ ধন দাবী কৰিছিল৷ সেই ধন পৰিবহন কাৰ্যালয়লৈ মানুহ পঠিয়াবলৈ লৈছিল৷ পৰিবহন কাৰ্যালয়লৈ প্ৰেৰণ কৰা লোকজনক হাজিৰা দিব লাগে বুলি বাৰে বাৰে টকা বঢ়াই দিবলৈ কৈ কেবাখনো পাচশটকীয়া নোট লোৱা দেখা গৈছিল৷ সেই ধন দিয়াৰ সময়ত কোনো লোকে ভিডিঅ’ ৰেকৰ্ড কৰি ভাইৰেল কৰে৷ ধনঞ্জয় ৰাভাই আন এক দুৰ্ঘটনাৰ কথা কৈ ট্ৰাক আৰু বাছ উদ্ধাৰৰ নামত তেওঁৰ পকেটৰ পৰা ২০ হাজাৰ টকা খৰছ হোৱা বুলি দাবী কৰিছে৷ এইগৰাকী আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাই ইয়াৰ পূৰ্বেও বহু এনে ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে৷

ইফালে পাঁচগ্ৰাম থানাৰ OC আৰু ASIক চাকৰিৰ পৰা নিলম্বন। ASI দিলোৱাৰ হুছেইন লস্কৰক নিলম্বন। ASI দিলোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে উত্থাপিত হৈছে বৃহৎ অভিযোগ। ভাৰপ্ৰাপ্ত বিষয়া কল্পজ্যোতি বৰাকো নিলম্বন। হাইলাকান্দিৰ পাঁচগ্ৰাম থানাত গাড়ী চালকক প্ৰহাৰ কৰা অভিযোগ উত্থাপন হৈছিল দুয়োৰে বিৰুদ্ধে। আৰক্ষী অধীক্ষকৰ নিৰ্দেশত নিলম্বন দুয়োকে।

 

লগতে পঢ়ক: অগ্নিনাভ মন্দিৰৰ চুৰি হোৱা শিৱৰ মূৰ্তি উদ্ধাৰ, হুকহুকাই কান্দিলে শিখা মজিন্দাৰ বেজবৰুৱাই!

 

 

নিশা বাৰে বাৰে টোপনি ভাঙি যায় নেকি? জানক ইয়াৰ আঁৰৰ কাৰণ...
গৰমৰ দিনত বৃদ্ধি পায় চকুৰ সংক্ৰমণ, এই সমস্যা ৰোধ কৰাৰ উপায় জানক...
আই পি এল ২০২৫ৰ মাজতে ক্ৰিকেটপ্ৰেমীলৈ দুখৰ খবৰ, অৱসৰ ল’লে এই ৫ তাৰকাই..
নিশা ডাঙৰকৈ গান লগালে বা হুলস্থুল কৰিলে কি শাস্তি হ’ব পাৰে জানেনে? চাওক আইনী নিয়ম