সকলোকে আইন-শৃংখলা মানি চলিবলৈ আহ্বান, আৰক্ষীয়ে মুকলি কৰিলে বিশেষ হেল্পলাইন নম্বৰ

আৰক্ষীৰ বিষয়াগৰাকীয়ে এক প্ৰকাৰে স্পষ্ট কৰি দিছে যে, অসমীয়া প্ৰাণৰ জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱাৰ নামত উদ্ভণ্ডালি কৰিবলৈ দিয়া নহ'ব। এই ক্ষেত্ৰত সকলোকে সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে।

সকলোকে আইন-শৃংখলা মানি চলিবলৈ আহ্বান, আৰক্ষীয়ে মুকলি কৰিলে বিশেষ হেল্পলাইন নম্বৰ
Published: 

20 Sep 2025 19:31 PM

আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান জনাইছে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই। অসম আৰক্ষীৰ তৰফৰ পৰা ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰিছে। আৰক্ষী বিষয়াগৰাকীয়ে কৈছে যে,প্ৰকৃত জুবিন অনুৰাগীয়ে উদ্ভণ্ডালি নকৰে। একাংশই উদ্ভণ্ডালি কৰি পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছে বিষয়াগৰাকীয়ে।

আৰক্ষীৰ বিষয়াগৰাকীয়ে এক প্ৰকাৰে স্পষ্ট কৰি দিছে যে, অসমীয়া প্ৰাণৰ জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱাৰ নামত উদ্ভণ্ডালি কৰিবলৈ দিয়া নহ’ব। এই ক্ষেত্ৰত সকলোকে সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে। কোনোৱে যদি আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰে বা উদ্ভণ্ডালি কৰে তেন্তে ১১২ হেল্পলাইন নম্বৰত অভিযোগ দাখিল কৰিবলৈ আহ্বান জনাইছে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই।

আৰক্ষীৰ আয়ুক্ত মহন্তই কয় যে, জুবিনক শ্ৰদ্ধা জনোৱাৰ নামত উদ্ভণ্ডালি কৰিবলৈ দিয়া নহ’ব। জুবিনৰ অনুৰাগী হিচাপে একাংশ দুৰ্বৃত্তই অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। ইফালে, সন্ধিয়া ৯ বজাৰ পাছত কাহিলীপাৰাৰ জুবিনৰ বাসগৃহলৈ অনুৰাগীক নাযাবলৈ অনুৰোধ কৰিছে আৰক্ষীয়ে।

আজি পুৱতি নিশালৈ জুবিন গাৰ্গৰ নশ্বৰদেহ গুৱাহাটী আহি পোৱা কথা। ইতিমধ্যে জুবিনৰ নশ্বৰদেহ গ্ৰহণ কৰাৰ বাবে দিল্লীলৈ ৰাওনা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!
আওকাণ নকৰিব, বৃক্কৰ সমস্যা বৃদ্ধিৰ আঁৰৰ মূল কাৰণসমূহ জানক
অত্যধিক চাহ খোৱা লোকৰ কোনবোৰ ৰোগ হ’ব পাৰে? জানক...
আপোনাৰ ঘৰৰ বাৰীত নাৰিকলৰ গছ আছে নেকি? ই শুভ নে অশুভ ! জানক