পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্তৰ বাবে SIT গঠন…
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিঙে পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্তৰ বাবে সোমবাৰে বিশেষ অনুসন্ধান দল (SIT) গঠন কৰে।

আলী তাকিৰ শ্বেখৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্তৰ বাবে SIT গঠন
পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্তৰ বাবে সোমবাৰে গঠন কৰা হয় বিশেষ অনুসন্ধান দল (SIT) । এই কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিঙে পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্তৰ বাবে সোমবাৰে বিশেষ অনুসন্ধান দল (SIT) গঠন কৰে।
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ ব্ৰিটিছ পত্নী এলিজাবেথ কলবাৰ্নৰ আই এছ আইৰ সৈতে সম্পৰ্ক থকা বুলি কথিত অভিযোগক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে চি আই ডিয়ে গোচৰ ৰুজু কৰাৰ পাছতে SIT গঠন কৰা হয়। পাকিস্তান পৰিকল্পনা আয়োগৰ উপদেষ্টা তথা কলবাৰ্নৰ প্ৰাক্তন সহকৰ্মী শ্বেখৰ বিৰুদ্ধে বিএনএছ আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।
Pursuant to the registration of the case, the DGP, Assam Police, has constituted a Special Investigation Team (SIT) to investigate the matter. Assam Police will conduct a professional and completely objective investigation. https://t.co/RmuLdFh1x0 pic.twitter.com/DDgew6QlCk
— Himanta Biswa Sarma (@himantabiswa) February 17, 2025
চাৰিজনীয়া তদন্তকাৰী দলটোৰ নেতৃত্বত থাকিব চি আই ডিৰ বিশেষ ডি জি পি এম পি গুপ্তা, এ আই জি পি (এডমিন) প্ৰণৱজ্যোতি গোস্বামী, এছ পি (মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ) ৰ’জী কলিতা আৰু গুৱাহাটী (পশ্চিম) অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত মৈত্ৰী ডেকা। “গোচৰৰ পঞ্জীয়ন অনুসৰি অসম আৰক্ষীৰ ডিজিপিয়ে বিষয়টোৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে। অসম আৰক্ষীয়ে সম্পূৰ্ণ পুংখানুপুংখভাৱে বিষয়টো অনুসন্ধান কৰিব।” এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
এই সন্দৰ্ভত ডিজিপিয়ে জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ অনুমোদন সাপেক্ষে এছ আই টিয়ে প্ৰয়োজন অনুসৰি পৰিদৰ্শক, উপ-পৰিদৰ্শক আৰু কনিষ্টবলক সহযোগিতা কৰিব। এছ আই টিয়ে সময়ে সময়ে সকলো অগ্ৰগতিৰ বিষয়ে ডি জি পিক অৱগত কৰি ৰাখিব।
গোচৰ ৰুজু কৰাৰ সন্দৰ্ভত মুখ্য়মন্ত্ৰী শৰ্মাই জানিবলৈ দিছিল যে, কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসম আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে। আলী তাকিৰ শ্বেখ আৰু অজ্ঞাত লোকৰ বিৰুদ্ধে চিআইডি পিএছ কেছ নং ০৫/২০২৫ ইউ/এছ ৪৮/১৫২/৬১/১৯৭(১) বিএনএছ, ২০২৩ আৰডব্লিউ ধাৰা ১৩(১) ইউএ(পি) আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে।