দিল্লীত ৩০ হাজাৰ টকাত বিক্ৰী কন্য়াক, মাতৃক ১ লাখত বেচিছিল ৰাজস্থানত, তিনি বছৰৰ পাছত উদ্ধাৰ

দিল্লী আৰু ৰাজস্থানত উদ্ধাৰ তিনি বছৰ পূৰ্বে মানৱ সৰবৰাহকাৰীয়ে বিক্ৰী কৰা মাতৃ-কন্যাক। ৰাজ্যত গোপনে চলি থকা মানৱ সৰবৰাহ চক্ৰৰ কথা স্পষ্ট কৰি তুলিছে আৰক্ষীৰ এই অভিযানে। কাৰ্বি আংলং আৰক্ষীয়ে চলাইছিল অভিযান।

দিল্লীত ৩০ হাজাৰ টকাত বিক্ৰী কন্য়াক, মাতৃক ১ লাখত বেচিছিল ৰাজস্থানত, তিনি বছৰৰ পাছত উদ্ধাৰ

প্ৰতীকী ছবি

Published: 

06 Sep 2025 | 04:53 PM

মানৱ সৰবৰাহৰ বিৰুদ্ধে সফল অভিযান অসম আৰক্ষীৰ। অসমৰ কাৰ্বি আংলং আৰক্ষীয়ে তিনিবছৰ পূৰ্বে দিল্লী আৰু ৰাজস্থানত বিক্ৰী হোৱা বকলিয়াঘাটৰ এগৰাকী মাতৃ আৰু নাবালিকা কন্যাকে ধৰি একাধিক ভুক্তভোগীক উদ্ধাৰ কৰি এক সক্ৰিয় আন্তঃৰাজ্যিক শিশু সৰবৰাহৰ নেটৱৰ্ক ভাঙিবলৈ সক্ষম হৈছে।

আৰক্ষীৰ মতে, নাবালিকা ছোৱালীজনীক দিল্লীত ৩০ হাজাৰ টকাত বিক্ৰী কৰাৰ বিপৰীতে মাকক ১ লাখ টকাত ৰাজস্থানলৈ সৰবৰাহ কৰা হয়। ৰাজ্যত গোপনে চলি থকা সংগঠিত মানৱ সৰবৰাহৰ ৰেকেটক দমন কৰাৰ ক্ষেত্ৰত জিলা আৰক্ষীৰ বাবে এই উদ্ধাৰ এক উল্লেখযোগ্য সফলতা।

অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে গোলাঘাটৰ এটি আৰু পশ্চিম বংগৰ দুটি শিশুকো উদ্ধাৰ কৰিছে। এই নেটৱৰ্ক কিমান ব্যাপক ৰূপত চলি আছিল সেয়া স্পষ্ট হৈ পৰিছে কাৰ্বি আংলং আৰক্ষীৰ অভিযানৰ পৰা।

এই গোচৰৰ সৈতে জড়িত মীনা ইংহিপি ওৰফে মীনা যাদৱ আৰু সঞ্জয় লোহাৰ নামৰ দুজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। কৰ্তৃপক্ষই বিশ্বাস কৰে যে তেওঁলোকে এই সৰবৰাহৰ শৃংখলত মুখ্য ভূমিকা পালন কৰিছিল।

শুকুৰবাৰে সন্ধিয়া কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই এক সংবাদমেলত এই অভিযানৰ সবিশেষ প্ৰকাশ কৰে। তেওঁ বিষয়টোৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি নেটৱৰ্কৰ অধিক সদস্য চিনাক্তকৰণ আৰু ভুক্তভোগীক উদ্ধাৰৰ বাবে অধিক তদন্ত চলি আছে বুলি আশ্বাস দিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব