Assam police : চাৰি গঁড় চোৰাং চিকাৰীক গ্ৰেপ্তাৰ দৰং আৰক্ষীৰ…জব্দ অস্ত্ৰ-শস্ত্ৰ

গঁড় চোৰাং চিকাৰ সৈতে জড়িত থকা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । সূত্ৰ খবৰ অনুসৰি, এই চাৰি চোৰাং চিকাৰী ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চোৰাং চিকাৰৰ লগত জড়িত থকা বুলি সন্দেহ কৰা হৈছে ।

Assam police : চাৰি গঁড় চোৰাং চিকাৰীক গ্ৰেপ্তাৰ দৰং আৰক্ষীৰ...জব্দ অস্ত্ৰ-শস্ত্ৰ

চাৰিটা গঁড় চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

Updated On: 

06 Nov 2024 11:23 AM

অসম গৌৰৱ এশিঙীয়া গঁড় চোৰাং চিকাৰ সৈতে জড়িত থকা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । সূত্ৰ খবৰ অনুসৰি, এই চাৰি চোৰাং চিকাৰী ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চোৰাং চিকাৰৰ লগত জড়িত থকা বুলি সন্দেহ কৰা হৈছে । উল্লেখ্য় যে, গোপন সূত্ৰৰ তথ্য ভিত্তিত নাকা চালাচী চলাইছিল দৰং আৰক্ষীয়ে । আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, এই চাৰি চোৰাং চিকাৰিয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে ।

এই চাৰি গঁড় চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে দৰং আৰক্ষীক শলাগ লৈছে । আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে সদৰী কৰা মতে, দৰং আৰক্ষীয়ে চাৰিটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে মটৰ চাইকেল আৰু অস্ত্ৰ-শস্ত্ৰ আৰু গুলীও জব্দ কৰে আৰক্ষীয়ে । অসম আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে, ৫ নৱেম্বৰৰ নিশা চাৰিওজনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চোৰাং চিকাৰৰ পৰিকল্পনা কৰিছিল।

গোলাবাৰুদসহ ৰাইফল উদ্ধাৰ

দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত লোককেইজনক নুৰ হুছেইন, আবুল হুছেইন, জাফ্ফৰ আলী আৰু নুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ পৰা দৰং আৰক্ষীয়ে জব্দ কৰে গোলাবাৰুদসহ এটা .৩০৩ ৰাইফল, তিনিটা ম’বাইল হেণ্ডছেট, ৫ খন মটৰ চাইকেল আৰু কেম্পিং ষ্ট’ৰ।

ডিজিপিয়ে গৰাকীয়ে কয়, “তেওঁলোকে চোৰাং চিকাৰৰ বাবে উদ্যানৰ ভিতৰলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। এই পৰিকল্পনাৰ তথ্য গোপন সূত্ৰৰ পৰা লাভ কৰিছিল দৰং আৰক্ষীয়ে । ইয়াৰ পাছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে ।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey