সীমান্তত বৃদ্ধি পাইছে অনুপ্ৰৱেশৰ চেষ্টা ! পুনৰ পাঁচ বাংলাদেশীক আটক…

পুনৰ ৫ গৰাকীকৈ ৰোহিংগীয়াকে ধৰি ৫ অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । পূৰ্বৰ দৰে এই তথ্যও প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় ।

সীমান্তত বৃদ্ধি পাইছে অনুপ্ৰৱেশৰ চেষ্টা ! পুনৰ পাঁচ বাংলাদেশীক আটক...

ভাৰত-বাংলাদেশ সীমান্ত

Updated On: 

15 Feb 2025 07:55 AM

ভাৰত-বাংলাদেশ সীমান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা ! প্ৰত্যেক দিনে অসম আৰক্ষীয়ে বাংলাদেশীৰ এই অনুপ্ৰৱেশৰ চেষ্টাত বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ পুনৰ ৫ গৰাকীকৈ ৰোহিংগীয়াকে ধৰি ৫ অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । পূৰ্বৰ দৰে এই তথ্যও প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, অসমৰ শ্ৰীভূমি জিলাৰ পৰা এই অনুপ্ৰৱেশকাৰী পাঁচজনক আটক কৰে আৰক্ষীয়ে । ভাৰত-বাংলাদেশ সীমান্তৰে অসমত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল এই অনুপ্ৰৱেশকাৰী কেইজনে । ৰাজ্যৰ আৰক্ষীয়ে আটক কৰা পাঁচ অনুপ্ৰৱেশকাৰী কেইজনৰ ভিতৰত চাৰিজন ৰোহিংগীয়া আৰু এজন বাংলাদেশী বুলি জানিব পৰা গৈছে ।

মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া মতে,  এই আটাইকেইজনকে সীমান্তৰ পৰাই ঘূৰাই পঠিয়াইছে অসম আৰক্ষীয়ে । মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যম এক্স হেণ্ডেলত কয়,”পুনৰ পাঁচজন অবৈধ অনুপ্ৰৱেশকাৰীক বাধা দিয়া হৈছে । ভাৰত-বাংলাদেশ সীমান্তত কঠোৰ সতৰ্কতা বজাই ৰাখি শ্ৰীভূমি আৰক্ষীয়ে সীমান্তৰ ওচৰত ৪ জন ৰোহিংগীয়া আৰু ১ জন বাংলাদেশীক আটক কৰি পুনৰ বিতাৰিত কৰে ।”

আটক কৰা অনুপ্ৰৱেশকাৰী কেইজনৰ নাম হৈছে -আব্দুল ৰাজ্জাক, ছাদ্দাম হুছেইন, মকতুল হুছেইন, নুৰুল আমিন আৰু হাফছা বিবি। উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে, যোৱা সাত মাহত ৩০৫ জন অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱা হৈছে । ইয়াৰ লগতে বাংলাদেশৰ অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ ক্ষেত্ৰত ৰাজ্যৰ দায়বদ্ধতাকো আলোকপাত কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?
বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...