সীমান্তত বৃদ্ধি পাইছে অনুপ্ৰৱেশৰ চেষ্টা ! পুনৰ পাঁচ বাংলাদেশীক আটক…

পুনৰ ৫ গৰাকীকৈ ৰোহিংগীয়াকে ধৰি ৫ অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । পূৰ্বৰ দৰে এই তথ্যও প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় ।

সীমান্তত বৃদ্ধি পাইছে অনুপ্ৰৱেশৰ চেষ্টা ! পুনৰ পাঁচ বাংলাদেশীক আটক...

ভাৰত-বাংলাদেশ সীমান্ত

Updated On: 

15 Feb 2025 | 07:55 AM

ভাৰত-বাংলাদেশ সীমান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা ! প্ৰত্যেক দিনে অসম আৰক্ষীয়ে বাংলাদেশীৰ এই অনুপ্ৰৱেশৰ চেষ্টাত বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ পুনৰ ৫ গৰাকীকৈ ৰোহিংগীয়াকে ধৰি ৫ অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । পূৰ্বৰ দৰে এই তথ্যও প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, অসমৰ শ্ৰীভূমি জিলাৰ পৰা এই অনুপ্ৰৱেশকাৰী পাঁচজনক আটক কৰে আৰক্ষীয়ে । ভাৰত-বাংলাদেশ সীমান্তৰে অসমত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল এই অনুপ্ৰৱেশকাৰী কেইজনে । ৰাজ্যৰ আৰক্ষীয়ে আটক কৰা পাঁচ অনুপ্ৰৱেশকাৰী কেইজনৰ ভিতৰত চাৰিজন ৰোহিংগীয়া আৰু এজন বাংলাদেশী বুলি জানিব পৰা গৈছে ।

মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া মতে,  এই আটাইকেইজনকে সীমান্তৰ পৰাই ঘূৰাই পঠিয়াইছে অসম আৰক্ষীয়ে । মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যম এক্স হেণ্ডেলত কয়,”পুনৰ পাঁচজন অবৈধ অনুপ্ৰৱেশকাৰীক বাধা দিয়া হৈছে । ভাৰত-বাংলাদেশ সীমান্তত কঠোৰ সতৰ্কতা বজাই ৰাখি শ্ৰীভূমি আৰক্ষীয়ে সীমান্তৰ ওচৰত ৪ জন ৰোহিংগীয়া আৰু ১ জন বাংলাদেশীক আটক কৰি পুনৰ বিতাৰিত কৰে ।”

আটক কৰা অনুপ্ৰৱেশকাৰী কেইজনৰ নাম হৈছে -আব্দুল ৰাজ্জাক, ছাদ্দাম হুছেইন, মকতুল হুছেইন, নুৰুল আমিন আৰু হাফছা বিবি। উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে, যোৱা সাত মাহত ৩০৫ জন অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱা হৈছে । ইয়াৰ লগতে বাংলাদেশৰ অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ ক্ষেত্ৰত ৰাজ্যৰ দায়বদ্ধতাকো আলোকপাত কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...