প্ৰত্য়েক দিনে অনুপ্ৰৱেশৰ চেষ্টা ! সীমান্তত পুনৰ দুই বাংলাদেশীক আটক…

ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশ ৰোধ কৰাৰ অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে অসম আৰক্ষীয়ে দুজন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে । লগতে তৎকালীনভাৱে বিতাড়ন নিশ্চিত কৰে আৰক্ষীয়ে ।

প্ৰত্য়েক দিনে অনুপ্ৰৱেশৰ চেষ্টা ! সীমান্তত পুনৰ দুই বাংলাদেশীক আটক...

ভাৰত-বাংলাদেশ সীমান্ত

Published: 

22 Feb 2025 14:18 PM

ভাৰত-বাংলাদেশ সীমান্তত প্ৰত্যেক দিনে বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত আছে । শেহতীয়াকৈ পুনৰ দুই বাংলাদেশী নাগৰিকক আটক কৰিছে অসম আৰক্ষীয়ে । উল্লেখ্য যে, চুবুৰীয়া দেশখনত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা দেশখনৰ নাগৰিকে যাতে ভাৰতত অবৈধ প্ৰৱেশ নকৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে ।

শনিবাৰে সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিব দিছে যে,ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশ ৰোধ কৰাৰ অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে অসম আৰক্ষীয়ে দুজন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে । ইয়াৰ লগতে তৎকালীনভাৱে বিতাড়ন নিশ্চিত কৰে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । মনকৰিবলগীয়া যে, প্ৰায়ে অবৈধভাৱে অনুপ্ৰৱেশৰ চেষ্টা কৰা বাংলাদেশীক আটক কৰাৰ তথ্য় প্ৰকাশ কৰি আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তেওঁ সদৰী কৰা মতে, অসম আৰক্ষীয়ে সীমান্ত টহল দি থকাৰ সময়তে এই বাংলাদেশী নাগৰিক দুজনক আটক কৰে । এই অনুপ্ৰৱেশকাৰী দুজন ক্ৰমে আকবৰ আলী আৰু মহম্মদ আপন ।

ইয়াৰ পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় সীমান্তত আন দুজন বাংলাদেশী নাগৰিক আটক কৰি বিতাড়ন কৰাৰ খবৰ প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁলোক আছিল ৰিয়াজ মুল্লা আৰু ছাকিব মণ্ডল। এই তথ্য় প্ৰকাশ কৰাৰ লগতে অসম আৰক্ষীৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব