প্ৰত্য়েক দিনে অনুপ্ৰৱেশৰ চেষ্টা ! সীমান্তত পুনৰ দুই বাংলাদেশীক আটক…

ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশ ৰোধ কৰাৰ অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে অসম আৰক্ষীয়ে দুজন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে । লগতে তৎকালীনভাৱে বিতাড়ন নিশ্চিত কৰে আৰক্ষীয়ে ।

প্ৰত্য়েক দিনে অনুপ্ৰৱেশৰ চেষ্টা ! সীমান্তত পুনৰ দুই বাংলাদেশীক আটক...

ভাৰত-বাংলাদেশ সীমান্ত

Published: 

22 Feb 2025 | 02:18 PM

ভাৰত-বাংলাদেশ সীমান্তত প্ৰত্যেক দিনে বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত আছে । শেহতীয়াকৈ পুনৰ দুই বাংলাদেশী নাগৰিকক আটক কৰিছে অসম আৰক্ষীয়ে । উল্লেখ্য যে, চুবুৰীয়া দেশখনত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা দেশখনৰ নাগৰিকে যাতে ভাৰতত অবৈধ প্ৰৱেশ নকৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে ।

শনিবাৰে সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিব দিছে যে,ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশ ৰোধ কৰাৰ অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে অসম আৰক্ষীয়ে দুজন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে । ইয়াৰ লগতে তৎকালীনভাৱে বিতাড়ন নিশ্চিত কৰে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । মনকৰিবলগীয়া যে, প্ৰায়ে অবৈধভাৱে অনুপ্ৰৱেশৰ চেষ্টা কৰা বাংলাদেশীক আটক কৰাৰ তথ্য় প্ৰকাশ কৰি আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তেওঁ সদৰী কৰা মতে, অসম আৰক্ষীয়ে সীমান্ত টহল দি থকাৰ সময়তে এই বাংলাদেশী নাগৰিক দুজনক আটক কৰে । এই অনুপ্ৰৱেশকাৰী দুজন ক্ৰমে আকবৰ আলী আৰু মহম্মদ আপন ।

ইয়াৰ পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় সীমান্তত আন দুজন বাংলাদেশী নাগৰিক আটক কৰি বিতাড়ন কৰাৰ খবৰ প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁলোক আছিল ৰিয়াজ মুল্লা আৰু ছাকিব মণ্ডল। এই তথ্য় প্ৰকাশ কৰাৰ লগতে অসম আৰক্ষীৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...