অনুপ্ৰৱেশ ! পুনৰ কৰিমগঞ্জত বাংলাদেশীক আটক…

অসম আৰক্ষীয়ে অবিৰতভাৱে বাংলাদেশী নাগৰিকক আটক কৰি বিতাৰিত কৰাৰ খবৰে এটা কথা প্ৰমাণ কৰে যে, বাংলাদেশী নাগৰিকে প্ৰত্যেক দিনেই সীমান্ত পাৰ হৈ অসম তথা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আহিছে । এক সূত্ৰই সদৰী কৰা মতে, বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ পাছত বাংলদেশীয়ে নিৰন্তৰভাৱে অসম তথা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে ।

অনুপ্ৰৱেশ ! পুনৰ কৰিমগঞ্জত বাংলাদেশীক আটক...

ভাৰত-বাংলাদেশ সীমান্ত

Updated On: 

29 Sep 2024 | 11:41 PM

অবিৰতভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা অবৈধ বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । যোৱা এমাহত ১০০ জনতকৈ অধিক বাংলাদেশীক আটক কৰি পুনৰ বাংলাদেশলৈ ঘূৰাই পঠাইছে অসম আৰক্ষীয়ে । এই ধৰণৰ খবৰ প্ৰায়ে প্ৰকাশ কৰি অহা হৈছে । শেহতীয়াকৈ যোৱা নিশাও চাৰি বাংলাদেশী নাগৰিকক আটক কৰি বিতাৰিত কৰিছে অসম আৰক্ষীয়ে ।

যোৱা এমাহত অসম আৰক্ষীয়ে অবিৰতভাৱে বাংলাদেশী নাগৰিকক আটক কৰি বিতাৰিত কৰাৰ খবৰে এটা কথা প্ৰমাণ কৰে যে, বাংলাদেশী নাগৰিকে প্ৰত্যেক দিনেই সীমান্ত পাৰ হৈ অসম তথা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আহিছে । এক সূত্ৰই সদৰী কৰা মতে, বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ পাছত বাংলদেশীয়ে নিৰন্তৰভাৱে অসম তথা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে ।

বিশেষভাৱে কৰিমগঞ্জ ছেক্টৰে বাংলাদেশীৰ নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা সৰ্বাধিক বুলি উল্লেখ কৰিছে সূত্ৰটোৱে । শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা তথ্য অনুসৰি,য়োৱা নিশা অনুপ্ৰৱেশৰ চেষ্টা কৰা চাৰি বাংলাদেশী মহিলা নাগৰিকক আটক কৰে অসম আৰক্ষীয়ে । কেৱল এই বাংলাদেশী নাগৰিক কেইগৰাকীক আটক কৰাই নহয়, পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ কথাও জানিবলৈ দিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে, বাংলাদেশী কেইগৰাকীৰ নাম হৈছে-তুলি আখতাৰ, ৰিয়া শেক, ইভা খাতুন আৰু তাহুৰা খাতুন । ইয়াৰ লগতে নিৰাপদ আৰু সুৰক্ষিত অসমৰ বাবে সীমান্তত সতৰ্কতা অব্যাহত আছে বুলি দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে নিশা মহিলা, শিশু সহ ১৭ জন বাংলাদেশী আটক কৰি বাংলাদেশলৈ উভতাই পঠিওৱাৰ কথা জানিবলৈ দিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই সন্দৰ্ভত শনিবাৰে মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে, অনুপ্ৰৱেশৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে । পুৱতি নিশা অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা শিশু সহ ১৭ জন বাংলাদেশীক পুনৰ উভতাই পঠাইছে অসম আৰক্ষীয়ে । এই লোকসকলৰ ভিতৰত ৮ টা শিশু আছিল ।

লগতে পঢ়ক: অনুপ্ৰৱেশ ! শিশু সহ ১৭ বাংলাদেশীক উভতাই পঠালে অসম আৰক্ষীয়ে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...