ৰাজ্যৰ আৰক্ষী প্ৰশাসনত ব্যাপক ৰদ-বদল, কেইবাখনো জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক বদলি

হঠাতে অসম আৰক্ষীত ৰদ-বদল। ৰাজ্যৰ গৃহ বিভাগে অসম আৰক্ষী প্ৰশাসনত ব্যাপক সাল-সলনি কৰিছে ৷ ৩৬ গৰাকী আৰক্ষী বিষয়াক। শ্ৰীভূমি, ধুবুৰী, কাছাৰকে ধৰি কেইবাখনো ৰাজ্যৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক বদলি ।

ৰাজ্যৰ আৰক্ষী প্ৰশাসনত ব্যাপক ৰদ-বদল, কেইবাখনো জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক বদলি

ৰাজ্যৰ আৰক্ষী প্ৰশাসনত ব্যপক ৰদ-বদল

Updated On: 

18 Oct 2025 11:49 AM

ৰাজ্যৰ কেইবাগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষকক ৰদ-বদলৰ নিৰ্দেশ দিছে বিভাগে । সেই অনুসৰি ৩৬ গৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষক, আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী আয়ুক্ত পৰ্যায়ৰ বিষয়াক বদলি কৰা হৈছে। শুকুৰবাৰে গৃহ বিভাগে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি শ্ৰীভূমি, ধুবুৰী, কাছাৰকে ধৰি বহুকেইজনো বিষয়াক বদলি কৰা হয়।

DCP Central অমিতাভ বসুমতাৰীক DCP WEST ৰ দায়িত্ব দিয়া হৈছে। ADCP Central সম্ভৱী মিশ্ৰক DCP Centralৰ দায়িত্ব প্ৰদান কৰিছে আৰু বৰ্তমানৰ DCP WEST পদ্মনাভ বৰুৱাক Vigilance and Anti-Corruption-ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।

সেই নিৰ্দেশনা অনুসৰি কোনজন বিষয়াক ক’লৈ বদলি কৰিছে জানো আহক…

  1. পুনৰ বদলি কৰা হৈছে লীনা দলেক। ধুবুৰীলৈ শাস্তিমূলক বদলি কৰা বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীক শ্ৰীভূমিৰ SSPৰ দায়িত্ব দিয়া হৈছে।
  2. শ্ৰীভূমিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক (SSP)পাৰ্থ প্ৰতিম দাসক কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।
  3. কাছাৰৰ SSP নোমল মাহাত্তাক বদলি কৰি তেওঁৰ স্থানত পূৰ্বৰ শ্ৰীভূমিৰ SSP পাৰ্থ প্ৰতিম দাসক দিয়া হৈছে।
  4. কোকৰাঝাৰৰ SSP পদলৈ বদলি কৰা হৈছে নোমল মাহাত্তাক। কোকৰাঝাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক (SSP) পুষ্পৰাজ সিঙৰ স্থান ল’লে মাহাত্তাই।
  5. কোকৰাঝাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ বদলি কৰা হৈছে ।
  6. কাৰ্বি আংলঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াক কামৰূপলৈ বদলি কৰা হৈছে ।
  7. গুৱাহাটীৰ কাহিলীপাৰৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক দেৱাশীষ বৰাক ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।
  8. যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক (SSP) শ্বেতন মিশ্ৰাক কাহিলীপাৰৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়নলৈ বদলি কৰা হৈছে।
  9. শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাক যোৰহাটলৈ বদলি কৰা হৈছে ।
  10. যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতন মিশ্ৰাৰ স্থান ল’ব শুভ্ৰজ্যোতি বৰাই ।
  11. বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাক শিৱসাগৰৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।
  12. বজালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক এ. বসুমতাৰীক বিশ্বনাথলৈ বদলি কৰা হৈছে।
  13. ডিমা হাছাওৰ SSP মায়ং কুমাৰক তিনিচুকীয়ালৈ বদলি।
  14. সহকাৰী আৰক্ষী মহাপৰিদৰ্শক ৰিপুঞ্জয় কাকতিক ডিমা হাছাওলৈ বদলি কৰা হৈছে।

 

 

অভাৱ-অনাটন দূৰ কৰিবলৈ দেৱালীত কৰক এই উপায়!
ধনতেৰাচত দুৰ্লভ সংযোগ, কপাল ফুলিব এই ৰাশিৰ লোকৰ!
ধনতেৰাচত এনেধৰণৰ কাম কৰিলেই জীৱনত হ’ব ধনৰ বৰষুণ! জানি লওক এতিয়াই
ধনেৰে উভৈনদী হ'ব আপোনাৰ ঘৰ, মাথোঁ ধনতেৰাচত পিন্ধক এই ৰঙৰ কাপোৰ!