৪০% মুছলমান জনসংখ্যাৰ পাছতো শান্তিত আছে অসম: ৱাকফ আইনৰ প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…
দেশৰ এখন বিপৰীত প্ৰতিচ্ছবি দেখা গৈছে অসমত। দেখা পোৱা নাই ৱাকফ আইনৰ বিৰুদ্ধে কৰা বিশাল প্ৰতিবাদৰ দৃশ্য। ইয়াৰ মাজতে ৱাকফ সংশোধনী আইনৰ প্ৰতিবাদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট। ৱাকফ আইনক লৈ মুছলমানে কৰা প্ৰতিবাদক লৈ তাৎপৰ্যপূ্ৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
শেহতীয়াকৈ সংসদত গৃহীত হোৱা ৱাকফ সংশোধনী আইনখনক লৈ দেশৰ বিভিন্ন প্ৰান্তত বিতৰ্ক আৰু বিক্ষোভৰ সৃষ্টি হৈছে। ৱাকফ সংশোধনী আইনক লৈ উত্তপ্ত হৈ পৰিছে পশ্চিমবংগ। ৰাজ্যখনৰ মুৰ্ছিদাবাদ, হুগলী আৰু দক্ষিণ ২৪ পৰগনা জিলা অঞ্চলত সংঘটিত হৈছে হিংসাত্মক ঘটনা । এতিয়ালৈকে ৱাকফৰ বিৰুদ্ধে হোৱা হিংসাত্মক ঘটনাত তিনিজন লোকৰ মৃত্যু হৈছে। ইফালে কলিকতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে বিধানসভাৰ বিৰোধী দলপতি সুৱেন্দু অধিকাৰী।
কিন্তু ইয়াৰ সম্পূৰ্ণ এখন বিপৰীত প্ৰতিচ্ছবি দেখা গৈছে অসমত। দেখা পোৱা নাই ৱাকফ আইনৰ বিৰুদ্ধে কৰা বিশাল প্ৰতিবাদৰ দৃশ্য। ইয়াৰ মাজতে ৱাকফ সংশোধনী আইনৰ প্ৰতিবাদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট। ৱাকফ আইনক লৈ মুছলমানে কৰা প্ৰতিবাদক লৈ তাৎপৰ্যপূ্ৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে।
সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, “অসমৰ জনসংখ্যাৰ প্ৰায় ৪০% মুছলমান হোৱা সত্ত্বেও ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে মাত্ৰ তিনিটা স্থানত প্ৰতিবাদ হৈছে আৰু প্ৰতিটোতে ডেৰশতকৈ কম লোকেহে অংশ লৈছে। অসমৰ শান্তি শৃংখলা অটুত ৰখাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে নিজৰ দায়িত্ব সুচাৰুৰূপে আৰু অতি সূক্ষ্ম নিৰীক্ষণৰ মাজেৰে পালন কৰাৰ বাবে আন্তৰিকতাৰে শলাগ লৈছোঁ।”
তেওঁ লিখিছে, “অসমত এতিয়া জাতি, ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে ৰাইজে একত্ৰ হৈ আমাৰ প্ৰাণৰ ব’হাগ বিহুটিক আনন্দ-উলাহ আৰু সম্প্ৰীতিৰে আদৰণি জনোৱাৰ বাবে আগ্ৰহেৰে প্ৰস্তুতি চলাইছে।” পোষ্টটোত ৰাজ্যৰ তিনিটাকৈ স্থানত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ হলেও শান্তিপূৰ্ণ আৰু সুপৰিচালিত বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰীয়ে। য’ত অতি কম সংখ্যক লোকে অংশগ্ৰহণ কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই। ইয়াৰ বাবে তেওঁ ৰাজ্যৰ আৰক্ষী বাহিনীক প্ৰশংসা কৰে।
AIUDFৰ প্ৰতিক্ৰিয়া
ৱাকফ আইন কাৰ্যকৰী কৰাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া পাছতে মুখ খুলিছে পিছত অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (AIUDF)ৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে। তেওঁ কয়, “ৰাজ্যখনৰ মুছলমানসকল “সুখী” নহয়। অসমৰ মুখ্যমন্ত্ৰীগৰাকী সুখী হ’ব নালাগে।”
ANIৰ সৈতে হোৱা কথা-বতৰাত AIUDFৰ এগৰাকী বিধায়গৰাকীয়ে কয়, “অসমৰ মুখ্যমন্ত্ৰী সুখী হ’ব নালাগে। অসমৰ সকলো মুছলমানেই অসুখী। অসমৰ সকলো মুছলমানে এই বিধেয়ক (ৱাকফ সংশোধনী) বাতিল হোৱাটো বিচাৰে। বিজেপিয়ে মুছলমানৰ ৱাকফ ভূমি কাঢ়ি লৈছে। এয়া হ’ব নালাগে, আমি হ’বলৈ নিদিওঁ। আমি উচ্চতম ন্যায়ালয়ত আইনী যুঁজ যুঁজিম, আৰু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰক… । অসমৰ মুছলমানসকল অতি দুখী। আমি বিজেপিয়ে আমাৰ পৰা কাঢ়ি নিব বিচৰা ৱাকফৰ সম্পত্তিৰ বিৰোধী।”