মই ট্ৰেডিং কেলেংকাৰীত জড়িত নহয়, নিজকে সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ: ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি

দীৰ্ঘদিনে পলাতক আছিল চুমি বৰাৰ বৌয়েক জিংকি মিলি। প্ৰৱঞ্চক তথা চুমী বৰাৰ বৌৱেক জিংকি মিলিক ডিব্ৰুগড় সদৰ থানাত জেৰা চলোৱা হৈছিল। আৰক্ষীয়ে বিচাৰি নোপোৱা জিংকিয়ে আত্মসমৰ্পন কৰিছিল ডিব্ৰুগড় সদৰ থানাত।

মই ট্ৰেডিং কেলেংকাৰীত জড়িত নহয়, নিজকে সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ: ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি

ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি

Published: 

20 Sep 2024 | 06:52 PM

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে চুমী বৰাৰ বৌৱেক জিংকি মিলি। দীৰ্ঘদিনে পলাতক আছিল চুমি বৰাৰ বৌয়েক জিংকি মিলি। প্ৰৱঞ্চক তথা চুমী বৰাৰ বৌৱেক জিংকি মিলিক ডিব্ৰুগড় সদৰ থানাত জেৰা চলোৱা হৈছিল। আৰক্ষীয়ে বিচাৰি নোপোৱা জিংকিয়ে আত্মসমৰ্পন কৰিছিল ডিব্ৰুগড় সদৰ থানাত। দীৰ্ঘদিনৰ পৰা আত্মগোপন কৰি আছিল প্ৰৱঞ্চক জিংকি।

জামিন লাভৰ পাছত ডিব্ৰুগড় আৰক্ষী থানাত উপস্থিত হ’ল চুমি বৰাৰ বৌয়েক জিংকি মিলি। প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জিংকি মিলিয়ে । জিংকিয়ে ক’লে, “চুমী-বিশালৰ ট্ৰেডিং কেলেংকাৰীত মই জড়িত নহয়। সেইকাৰণে নিজকে সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি হাজিৰ হৈছিলোঁ। আজি মোৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিলো। যিমানখিনি সহযোগিতা মোৰ ফালৰ পৰা লাগে মই কৰিম।”

জিংকি মিলিয়ে জামিন পোৱাক লৈ উঠিছিল প্ৰশ্ন। গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালীন জামিন দিছিল জিংকি মিলিক। জিংকি মিলিয়ে জামিন পোৱাৰ পাছতে জোকাৰণি উঠিছিল ৰাজ্যৰ গৃহ বিভাগত। ইয়াৰ পাছতে পোহৰলৈ আহিছিল বিদ্যুৎ বিকাশ গগৈৰ সন্দেহজনক ভূমিকা। ৰহস্যজনকভাৱে জামিনৰ বিৰোধিতা কৰা নাছিল বিদ্যুৎ বিকাশ গগৈয়ে। জামিনৰ সকলো নথি লুকুৱাই ৰখাৰ অভিযোগ গগৈৰ বিৰুদ্ধে। লোক ফৰিয়াদী মাখন ফুকনৰ পৰা লুকুৱাইছিল নথিসমূহ। ফলত আদালতত উপস্থিত থাকিব পৰা নাছিল মাখন ফুকন। কিছু চৰ্তসাপেক্ষে অন্তৱৰ্তীকালীন অগ্ৰিম জামিন লাভ কৰিছিল জিংকিয়ে। ইয়াৰ পাছতে চৰকাৰী পক্ষৰ অধিবক্তা বিদ্যুৎ বিকাশ গগৈক বৰ্খাস্ত কৰা হয়। তাৰ উপৰিও লোক অধিবক্তাৰ কাৰ্যালয়ৰ ৩জন সহায়ককো নিলম্বিত কৰা হয়। ব্ৰজেন কুমাৰ নাথ, কমল নাথ, অৰূপ কুমাৰ ডেকাক নিলম্বন।

ইফালে মহাপ্ৰৱঞ্চক বিশাল ফুকনৰ পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। ডিব্ৰুগড় আৰক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰিছিল বিশাল ফুকনক। ডিব্ৰুগড় জিলা সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰে এই ৰায়দান।৩ ছেপ্টেম্বৰত মহাপ্ৰৱঞ্চক বিশাল ফুকনক গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে। ৭ ছেপ্টেম্বৰত বিশাল ফুকনক জে’ললৈ প্ৰেৰণ কৰিছিল আদালতে।

কোটি-কোটি টকা প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল মহাপ্ৰৱঞ্চক বিশাল ফুকনক। কোটি-কোটি টকাৰ ট্ৰেডিং প্ৰৱঞ্চনাৰ অভিযোগত ইতিমধ্যে জে’ল সময় কটাব লগা হৈছে বিশাল ফুকনৰ পাতি লোৱা বায়েক চুমি বৰা আৰু তাৰ্কিক বৰাৰ লগতে তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰায়েও। চুমিয়ে বিশালক এজেন্ট আনি দিয়াত সহায় কৰিছিল আৰু চুমিৰ ককায়েক- বোয়েক এই প্ৰৱঞ্চনাত প্ৰত্যক্ষভাৱে জড়িত আছিল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...