বিয়াৰ পাছত স্বামীক এৰি পাতি লোৱা ভায়েক আৰু আদিত্যমৰ সৈতে ডুবাইলৈ গৈছিল চুমি…

বিয়াৰ পাছত এই ট্ৰিপটো বিশালে চুমিক উপহাৰ হিচাপে দিছিল।  ডুবাইৰ ব্ৰুজ আল আৰৱত তিনিদিন কটাইছিল তিনিও। এই তিনিদিন বিশালে খৰচ কৰিছিল ৫৭ লাখ টকা।  এটা দিনত ইয়াত থকাৰ নামত বিশালে ১৯ লাখকৈ খৰচ কৰিছিল।

বিয়াৰ পাছত স্বামীক এৰি পাতি লোৱা ভায়েক আৰু আদিত্যমৰ সৈতে ডুবাইলৈ গৈছিল চুমি...

বিশাল- চুমি-আদিত্যম

Published: 

05 Sep 2024 | 05:02 PM

বৰ্তমান চৰ্চাত থকা দুটা নাম- বিশাল ফুকন আৰু চুমি বৰা। অনলাইন ট্ৰেডিঙৰ  নামত প্ৰৱঞ্চনা কৰি বিশাল আৰু চুমিয়ে এক বিশাল সাম্ৰাজ্যৰ অধিকাৰী হৈছিল। বিশাল আৰু চুমিৰ নাছিল কি! ফ্লেট, মাটি, বিলাসী গাড়ী, দামী কাপোৰ আদি সকলো আছিল দুয়োৰে লগত। প্ৰায় ২০০০ কোটি টকা সম্পত্তিৰ মালিক বিশাল ফুকন নামৰ যুৱকজন। তেওঁ পেলোৱা প্ৰৱঞ্চনাৰ এই জালখনৰ বাবে চুমিও ৰচিছিল ব্লু প্ৰিন্ট। কিন্তু এতিয়া সকলো ফুটুকাৰ ফেন। বিশাল ফুকন আৰক্ষীৰ জিম্মাত থকাৰ বিপৰীতে চুমি ফুকনে ধৰা পৰাৰ ভয়ত পলায়ন কৰি আছে।

বিশাল আৰু চুমিৰ সম্পত্তিৰ তালিকা ইতিমধ্যে আৰক্ষীয়ে প্ৰকাশ কৰিছে। কিন্তু তেওঁলোকৰ আৰু অধিক সম্পত্তি থকাৰ অনুমান কৰা হৈছে। সকলোৰে প্ৰশ্ন, এজন সাধাৰণ যুৱক, এগৰাকী সাধাৰণ নৃত্যশিল্পীৰ ওচৰলৈ ইমান টকা আহিল ক’ৰ পৰা? আচলতে বিশাল, চুমিৰ দৰে প্ৰৱঞ্চকসকলে প্ৰলোভন দেখুৱাই গ্ৰাহকৰ পৰা লাখ লাখ টকা লুটি নিজৰ সম্পত্তিৰ পাহাৰ গঢ়ে।

কিছুমান পূৰ্বে চৰ্চাত আছিল এখন বিয়া। নিজকে অসমৰ প্ৰথমগৰাকী কৰিঅ’গ্ৰাফাৰ বুলি দাবী কৰা চুমি বৰাই উদয়পুৰত ডেষ্টিনেশ্যন ৱেডিং পাতিছিল। এই বিয়া দেখি চকু কপালত উঠিছিল অসমবাসীৰ। কিয়নো এনে বিয়া সাধাৰণতে বলিউডৰ চেলিব্ৰেটিসকলৰ মাজতহে দেখা যায়। এতিয়া তথ্য পোহৰলৈ আহিছে যে এই বিয়াৰ নামত বিশাল নামৰ যুৱকজনে খৰচ কৰিছিল প্ৰায় ৩ কোটি টকা।

বিয়াৰ প্ৰায় সকলো খৰচ বহন কৰিছিল বিশালে।  বিয়ালৈ যোৱা অতিথিৰ বিমান টিকটৰ টকাও বিশালে দিছিল। চুমিক কি দিয়া নাছিল বিশালে? বিয়াৰ অতিথিৰ অহা-যোৱাৰ নামত বিশালে খৰচ কৰিছিল প্ৰায় ৩৩ লাখ টকা। বিয়াৰ অতিথিসকল তাত কেৱল এনজয় কৰিব গৈছিল। থকা, খোৱা, অহা- যোৱা আদি সকলে খৰচ বহন কৰিছিল চুমি-বিশালে।

চুমিৰ নামত কোটি কোটি টকা খৰচ কৰিছিল বিশালে। চুমিয়ে বিয়াত বিখ্যাত ফেশ্বন ডিজাইনাৰ মনীষ মলহোত্ৰাই বনোৱা কাপোৰ পৰিধান কৰিছিল। কিনিছিল প্ৰায় ডেৰ কোটি টকাৰ গহনা। হালধী, সংগীত আজি প্ৰতিটো অনুষ্ঠাতে পাতিছিল জাকত- জিলিকাকৈ।

বিশাল চুমিৰ পাতি লোৱা ভায়েক বুলি দাবী কৰে। এই ডেষ্টিনেশ্যন ৱেডিঙৰ পাছতেই চুমি ফুৰিবলৈ গৈছিল ডুবাইলৈ। স্বামী তাৰ্কিক বৰাক ঘৰতে এৰি চুমি পাতি লোৱা ভায়েক বিশাল আৰু অন্য এজন যুৱক আদিত্যম শইকীয়াক লগত লৈ ডুবাইলৈ গৈছিল। জানিব পৰা মতে বিয়াৰ পাছত এই ট্ৰিপটো বিশালে চুমিক উপহাৰ হিচাপে দিছিল।  ডুবাইৰ ব্ৰুজ আল আৰৱত তিনিদিন কটাইছিল তিনিও। এই তিনিদিন বিশালে খৰচ কৰিছিল ৫৭ লাখ টকা।  এটা দিনত ইয়াত থকাৰ নামত বিশালে ১৯ লাখকৈ খৰচ কৰিছিল।

ইমানেই নহয়, সেই ডুবাই ভ্ৰমণতে বজাৰৰ নামত চুমি আৰু বিশালে খৰচ কৰিছিল ১.৫ কোটি টকা।  এই হোটেলতে আদিত্যমৰ সৈতে এখন ছবিৰ চুক্তিবদ্ধ হৈছিল বুলিও জানিব পৰা গৈছে।  ইয়াৰোপৰি সময়ে সময়ে কোটি কোটি টকাৰ উপহাৰ বিশালে চুমিক দিছিল। কিছুমান ফটোত দেখিবলৈ পোৱা অনুসৰি চুমিয়ে লয় ৩ লাখ টকীয়া বেগ হাতত লয়, পৰিধান কৰে ২৫-৩০ হাজাৰ টকীয়া বেল্ট। এয়া তেওঁলোকৰ বিলাসীতাৰ সাম্যক তথ্য মাত্ৰ। পৰৱৰ্তী সময়ত চুমি বৰা আৰু বিশালৰ বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...