ওলাল সন্ধান! কণ্ঠশিল্পী দিক্ষুৰ ঘৰত আশ্ৰয় লৈ আছিল চুমি বৰা

শেহতীয়াকৈ অহা তথ্য অনুসৰি নিশা ১২ বজালৈ দীক্ষুৰ ঘৰতে আছিল চুমি আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা। পৰৱৰ্তী সময়ত দীক্ষুৰ ঘৰৰ পৰাও পলায়ন কৰিছিল চুমিয়ে। তথ্য অনুসৰি জানিব পৰা মতে বাৰে বাৰে নিজৰ অৱস্থা সলনি কৰিছে চুমিয়ে।

ওলাল সন্ধান! কণ্ঠশিল্পী দিক্ষুৰ ঘৰত আশ্ৰয় লৈ আছিল চুমি বৰা

চুমি বৰা

Updated On: 

04 Sep 2024 12:27 PM

অৱশেষত সন্ধান ওলাল পলাতক হৈ থকা চুমি বৰাৰ। বহিঃ ৰাজ্যলৈ যোৱা নাছিল চুমি। জনপ্ৰিয় গায়ক দীক্ষু শৰ্মাৰ ঘৰত আশ্ৰয় লৈ আছিল চুমি। শেহতীয়াকৈ অহা তথ্য অনুসৰি সোমবাৰে নিশা ১২-১ বজালৈ দীক্ষুৰ ঘৰতে আছিল চুমি আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা। পৰৱৰ্তী সময়ত দীক্ষুৰ ঘৰৰ পৰাও পলায়ন কৰিছিল চুমিয়ে। তথ্য অনুসৰি জানিব পৰা মতে বাৰে বাৰে নিজৰ অৱস্থা সলনি কৰিছে চুমিয়ে।

জানিব পৰা মতে সোমবাৰে দিনৰ ভাগত দীক্ষুৰ ঘৰত উপস্থিত হৈছিল  চুমি আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা।  জনপ্ৰিয় গায়কগৰাকীৰ ঘৰত আশ্ৰয় লোৱাৰ পাছত নিশা প্ৰায় ১২-১ মান বজাত সেই স্থানৰ পৰা পলায়ন কৰিছিল চুমি আৰু তেওঁৰ স্বামী। দীক্ষুৰ ঘৰত থাকোতেই তাৰ্কিকলৈ আৰক্ষীৰ ফোন আহিছিল। দীক্ষুয়ে তেওঁলোকক আত্মসমৰ্পন কৰাৰ উপদেশ দিছিল যদিও তেওঁলোকে মানি লোৱা নাছিল। আৰক্ষীৰ মতে জনপ্ৰিয় অভিনেত্ৰী তথা নৃত্যশিল্পীগৰাকীক আত্মগোপন কৰি থকাত যোৱা দুটা দিন যথেষ্ঠ সহায় কৰিছিল দীক্ষু আৰু তেওঁৰ পত্নীয়ে।

সূত্ৰ অনুসৰি জানিব পৰা মতে চুমি বৰাক লৈ চাইবাৰ চেলে ক্লু লাভ কৰিছে। কিন্তু বিপদৰ আগজাননী পাই চুমিয়ে অগ্ৰিম জামিনৰ বাবে অধিবক্তাৰ লগতো যোগাযোগ কৰিছে। এই সকলো ক্ষেত্ৰতে দীক্ষু আৰু তেওঁৰ পত্নীয়ে সহায় কৰি আহিছে।

এই ঘটনা সন্দৰ্ভত দীক্ষুৱে কয় যে, “২ তাৰিখে মোৰ নলবাৰীত অনুষ্ঠান আছিল। তাৰ পৰা আহি গ’ম পাইছিলো যে চুমি আৰু তাৰ্কিক আহিছে। তেতিয়ালৈকে মই চুমিৰ কিবা কিবা বাতৰি পাই আছিলো। ঘৰত আহি দেখিছিলো দুয়ো বহু চিন্তাত আছিল। সেয়ে আমি চুমি আৰু স্বামীক সকলো খুলি ক’বলৈ দিয়াৰ লগতে আত্মসমৰ্পন কৰিব কৈছিলো। তেতিয়াই মোৰ পত্নীয়েও ভয় খাইছিল আৰু ভাবিছিল আমাৰো কিবা সমস্যা হ’ব”।

দীক্ষুই কয়, সেই সময়ত তাৰ্কিকলৈ বশিষ্ঠ আৰক্ষীৰ ফোন আহিছিল আৰু মই ফোন ৰিচিভ কৰিব কৈ সকলো কথা পাতিব দিছিলো। পুলিচৰ ওচৰলৈ যাব দিছিলো যদিও তেওঁ ফোনটো ৰিচিভ কৰা নাছিল। পৰৱৰ্তী সময়ত তাৰ্কিকে পুনৰ কল কৰিছিল কিন্তু আৰক্ষীয়ে ফোন ৰিচিভ কৰা নাছিল। তাৰ পাছতে দীক্ষুয়ে দুয়োকে তেওঁলোকৰ ঘৰৰ পৰা ওলাই যাবলৈ কয় আৰু সেই কথা অনুসৰি দুয়ো তেওঁলোকৰ ঘৰৰ পৰা ওলাই গৈছিল বুলি জনাই জনপ্ৰিয় গায়কগৰাকীয়ে।

গায়কগৰাকীয়ে লগতে কয় যে, তেওঁলোকৰ ঘৰলৈ মাজে মাজে বিশালো আহিছিল। কিন্তু তেওঁলোকে ট্ৰেডিঙৰ নামত এইবোৰ কৰি আছে বুলি জনা নাছিল।  চুমিয়ে বিশালক চিনাকী কৰাই দিছিল বুলি দীক্ষুয়ে জনায়। ইয়াৰোপৰি সোমবাৰৰ পৰা তেওঁলোকৰ লগত কোনো যোগাযোগ নাই বুলি কয় দীক্ষু আৰু পত্নীয়ে।  উল্লেখ কৰা প্ৰয়োজন যে, দীক্ষু আৰু চুমি বৰাই একেলগে বহু কাম কৰিছে।

হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
প্ৰতিদিনে পুৱা অত্যধিক ভোক অনুভৱ হোৱাটো ডায়েবেটিছৰ লক্ষণ নেকি? জানি লওক এতিয়াই
পুৰুষৰ বাবে টাইট জিন্স হ’ব পাৰে বহু সমস্যাৰ কাৰণ, হ’ব পাৰে যৌন সমস্যাও! জানি লওক এতিয়াই
উশাহত কষ্ট, কাহ বা বুকুৰ বিষ নহয় ! গোপনে দেখা দিয়া হাওঁফাওঁৰ কৰ্কট ৰোগৰ ৩ টা লক্ষণ জানক
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...