অগ্নিনাভ মন্দিৰৰ চুৰি হোৱা শিৱৰ মূৰ্তি উদ্ধাৰ, হুকহুকাই কান্দিলে শিখা মজিন্দাৰ বেজবৰুৱাই!

অগ্নিনাভ বাবাৰ মূৰ্তিসহ অলংকাৰ লৈ উধাও হৈছিল নিশা আৰিফ আলী নামৰ চোৰটোৱে। পুৱা মন্দিৰ খোলাৰ সময়ত পোহৰলৈ আহি চুৰি হোৱাৰ কথা। লগ লগে আৰক্ষীক জনাই মন্দিৰৰ গৰাকী শিখা মজিন্দাৰ বেজবৰুৱাই। নাজিৰা আৰক্ষী তাৎক্ষণিকভাৱে নামি পৰে চোৰৰ সন্ধানত।

অগ্নিনাভ মন্দিৰৰ  চুৰি হোৱা শিৱৰ মূৰ্তি উদ্ধাৰ, হুকহুকাই কান্দিলে শিখা মজিন্দাৰ বেজবৰুৱাই!

অগ্নিনাভ মন্দিৰৰ চুৰি হোৱা শিৱৰ মূৰ্তি উদ্ধাৰ

Published: 

29 Nov 2024 14:19 PM

নাজিৰাৰ অগ্নিনাভ মন্দিৰত চোৰৰ হাতোৰা। চোৰে লুটি নিছিল মন্দিৰৰ মূল সোণৰ মূৰ্তি, ত্ৰিশূল। গ্ৰেপ্তাৰ কৰা হৈছে আৰিফ আলী নামৰ এটা চোৰক। চুৰি হোৱাৰ ২৪ ঘণ্টা নৌহওতেই অৱশেষত মূৰ্তিসহ আৰক্ষীৰ জালত পৰিল চোৰ। হেৰুওৱা মূৰ্তি উভতাই পাই হুকহুকাই কান্দি উঠিল শিখা মজিন্দাৰ বেজবৰুৱা।

অগ্নিনাভ বাবাৰ মূৰ্তিসহ অলংকাৰ লৈ উধাও হৈছিল নিশা আৰিফ আলী নামৰ চোৰটোৱে। পুৱা মন্দিৰ খোলাৰ সময়ত পোহৰলৈ আহি চুৰি হোৱাৰ কথা। লগ লগে আৰক্ষীক জনাই মন্দিৰৰ গৰাকী শিখা মজিন্দাৰ বেজবৰুৱাই। নাজিৰা আৰক্ষী তাৎক্ষণিকভাৱে নামি পৰে চোৰৰ সন্ধানত। অগ্নিনাভ মন্দিৰৰ পৰা নাতিদূৰৈত থকা  শিমলুগুৰি ৰেল’ৱে জংচনত আটক কৰে এটা চোৰক আৰু আন এটা চোৰ কৌশলেৰে পলাই যাবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে নিশা নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ পৰা চুৰি কৰিছিল শিৱ মূৰ্তিটো। মূৰ্তিটো উদ্ধাৰৰ পাছতে শিমলুগুৰি ৰে’ল ষ্টেচনত উপস্থিত হয় মন্দিৰৰ গৰাকী শিখা মজিন্দাৰ বেজবৰুৱা। নিশা মন্দিৰৰ গ্ৰীল ভাঙি প্ৰৱেশ কৰিছিল চোৰ আৰিফ আলীয়ে। এতিয়াও সোধাপোছা চলাই আছে চোৰটোক। ইফালে বহুল জনপ্ৰিয় মন্দিৰটোৰ পৰা মূৰ্তি চুৰি হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে ভক্তসকলে মূৰ্তিটো ঘুৰাই পোৱাৰ বাবে প্ৰাৰ্থনা কৰে। ছ’চিয়েল মিডিয়াতো মূৰ্তিটো উদ্ধাৰৰ বাবে আৰক্ষীক অনুৰোধ জনায় বহুলোকে । অৱশেষত মূৰ্তি উদ্ধাৰৰ পাছতে আনন্দিত হয় ভক্তসকল।

অগ্নিনাভ শিৱ মন্দিৰৰ ধৰ্মীয় বিশ্বাস

অসমৰ একমাত্ৰ ডিজিটেল মন্দিৰ হিচাপে পৰিচিত  অগ্নিনাভ শিৱ মন্দিৰ শিৱসাগৰৰ নাজিৰাত অৱস্থিত। এই মন্দিৰত পৱিত্ৰ মনেৰে সেৱা ল’লে মনৰ আশা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। শিখা মজিন্দাৰ বেজবৰুৱা নামৰ মহিলাগৰাকীয়ে ২০১৫ চনত ঘৰতে স্থাপন কৰে অগ্নিনাভ শিৱ মন্দিৰ। পূৰ্বতে তেওঁলোকৰ বাসগৃহৰ চৌপাশে প্ৰায়ে সাপ দেখিছিল। তাৰ পাছত এজন বিশেষ ব্যক্তিৰ পৰামৰ্শমতে শিখা মজিন্দাৰ বেজবৰুৱাই স্থাপন কৰে মন্দিৰভাগ।  তেওঁ নিজেও সৰুৰে পৰা শিৱৰ ভক্ত। মহাদেৱৰ পূজা–পাতল কৰি ভাল পাইছিল। এনেদৰেই মন্দিৰটোত পূজা–অৰ্চনা কৰি থকাৰ মাজতে ২০২০ চনৰ পৰা মন্দিৰতো জনপ্ৰিয় হ’বলৈ ধৰিলে৷

এতিয়া এই অগ্নিনাভ শিৱ মন্দিৰ দৰ্শনৰ বাবে অসমৰ উজনিৰ পৰা নামনিৰ হাজাৰ হাজাৰ ভক্ত নাজিৰাত উপস্থিত হয়গৈ। অগ্নিনাভ শিৱ মন্দিৰ দৰ্শনৰ বাবে নাজিৰালৈ আহে হাজাৰ হাজাৰ ভক্ত।এই মন্দিৰত অনলাইন যোগে সেৱা ল’ব পাৰি, শৰাই দিব পাৰি। মন্দিৰৰ আৰতিৰ সময়ত ফেচবুক যোগে লাইভ আহে। সেইবাবে এই মন্দিৰভাগক ডিজিটেল মন্দিৰ বুলি জনা যায়।

 

লগতে পঢ়ক: পুনৰ খাকী পোছাকত লাগিল দাগ! উৎকোচ লৈ নিলম্বিত হ’ল ধুবুৰীৰ আৰক্ষী বিষয়া

 

Related Stories
Assam Flood Alert: অসম-অৰুণাচলত প্ৰচণ্ড বৰষুণ ! সজাগ হৈ থাকক নদীৰ পাৰ, নিম্নভূমিত বাস কৰা লোকসকল…মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কবাণী…
Top News in Assamese: ১ মিনিটতে পঢ়ক দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ
ছ’চিয়েল মিডিয়াত পাকিস্তান সমৰ্থিত পোষ্ট ! ৰাজ্যত এতিয়ালৈকে ৰাষ্ট্ৰ বিৰোধী গোচৰত ৮১ জনক গ্ৰেপ্তাৰ…
মুখ্যমন্ত্ৰীলৈ অমিত শ্বাহৰ ফোন, দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যক সকলো সহায়ৰ আশ্বাস কেন্দ্ৰৰ
পুনৰ বিশ্বজুৰি চৰ্চিত অসম কন্যা, ব্ৰিটেইনছ গট টেলেণ্টত দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল বিনীতা চেত্ৰীৰ
Heavy Rain: বৰষুণৰ ফলত উত্তৰ পূৰ্বাঞ্চলত ভয়ংকৰ পৰিস্থিতি, ভূমিস্খলন আৰু বানত ২ দিনত ৩০ জন লোকৰ মৃত্যু
খাদ্য খোৱাৰ পিছত কিয় আমাৰ টোপনি আহে! জানেনে ইয়াৰ আঁৰৰ কাৰণ?
কপাল ফুলিব আপোনাৰ, যদি সপোনত দেখে এইকেইটা বস্তু !
আওকাণ নকৰিব, এই প্ৰাৰম্ভিক লক্ষণসমূহে যকৃতৰ ক্ষতিৰ ইংগিত দিব পাৰে
শোৱাৰ বাবে কোনটো দিশ আটাইতকৈ শুভ? কোনটো দিশত শুৱ নালাগে? সবিশেষ জানক