Assam-Nagaland Border Issues : স্থায়ী শান্তিৰ ওপৰত গুৰুত্ব ! অসম-নাগালেণ্ডৰ সীমান্ত সমস্যা পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম-নাগালেণ্ডৰ সীমান্ত সম্পৰ্কীয় বিষয়সমূহ পৰ্যালোচনা কৰাৰ লগতে সীমান্তত স্থায়ী শান্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ লগতে নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলসমূহত সম্প্ৰীতি আৰু বিকাশ নিশ্চিত কৰাৰ বাবে গঠনমূলক আলোচনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰীয়ে।

Assam-Nagaland Border Issues : স্থায়ী শান্তিৰ ওপৰত গুৰুত্ব ! অসম-নাগালেণ্ডৰ সীমান্ত সমস্যা পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

অসম-নাগালেণ্ড সীমান্ত সমস্যাকলৈ উচ্চ পৰ্যায়ৰ বৈঠক

Updated On: 

18 May 2025 13:17 PM

অসম-নাগালেণ্ড সীমান্তত স্থায়ী শান্তি স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৰাজ্য চৰকাৰে । শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম-নাগালেণ্ডৰ সীমান্ত সম্পৰ্কীয় বিষয়সমূহ পৰ্যালোচনা কৰাৰ লগতে সীমান্তত স্থায়ী শান্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ লগতে নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলসমূহত সম্প্ৰীতি আৰু বিকাশ নিশ্চিত কৰাৰ বাবে গঠনমূলক আলোচনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰীয়ে।

এই কথা অৱগত কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে । সামাজিক মাধ্যম এক্স হেণ্ডেলত দিয়া এটা পোষ্টত মুখ্যমন্ত্রীৰ কার্যালয়ে জানিবলৈ দিছে যে, শনিবাৰে অনুষ্ঠিত এক উচ্চ পর্যায়ৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে অসম-নগালেণ্ড সীমান্তৰ সমস্যাসমূহ পুনৰীক্ষণ কৰে ৷ বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীয়ে স্থায়ী শান্তি, পাৰস্পৰিক সহযোগিতা আৰু গঠনমূলক আলোচনাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

“অৰ্থনৈতিক সহযোগিতা আৰু চিৰস্থায়ী সম্প্ৰীতিৰ কাঠামো আগুৱাই নিয়াৰ সমান্তৰালকৈ নাগালেণ্ডৰ সৈতে থকা ঐতিহাসিক আৰু সাংস্কৃতিক বন্ধন ৰক্ষাৰ বাবে অসম দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।” এক্স হেণ্ডেলৰ পোষ্টটোত এইদৰে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে ।

উল্লেখ্য যে, অসমে নাগালেণ্ডৰ সৈতে ৫১২.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত ভাগ-বতৰা কৰিছে । ১৯৬৩ চনত চুবুৰীয়া ৰাজ্যখন সৃষ্টি হোৱাৰ পিছৰে পৰা দুয়োখন ৰাজ্যৰ সীমাক লৈ বিবাদ চলি আহিছে । এই বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ত সমাধানৰ বাবে বিচাৰাধীন হৈ আছে। যোৱা অসম বিধানসভা অধিবেশনত ৰখা তথ্য অনুসৰি, সীমান্তৱৰ্তী ৰাজ্যসমূহৰ ভিতৰত অসমৰ সৰ্বাধিক মাটি বেদখল কৰিছে নাগালেণ্ডে । কোৱা হৈছে যে, ৫৯,৪৯০.২১ হেক্টৰ ভূমি নাগালেণ্ডৰ ‘অবৈধ’ দখলৰ অধীনত।

শৰীৰত ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ এই তিনিবিধ খাদ্য গ্ৰহণ কৰক...
পৃথিৱীৰ সবাতোকৈ বিপদজনক ৬ টা ৰোগ কি কি জানেনে? জানক...
গ্ৰীষ্মকালতো চাইনাছে আমনি কৰিব পাৰে, এই সমস্যাৰ পৰা উপশম পাবলৈ কি কৰিব ?
আই পি এলত আন এক কৃতিত্ব অৰ্জনৰ দিশে বিৰাট কোহলী, প্ৰয়োজন মাত্ৰ এটা চাৰিৰ…