ৰাজ্যৰ একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত গ্ৰেপ্তাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ…

একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকত ধনৰ বিনিময়ত ফাদিল কৰাৰ অভিযোগত শুকুৰবাৰে অসম আৰক্ষীৰ চিআইডিয়ে এখন চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰজনে অংশকালীন শিক্ষক হিচাপেও কাম কৰিছিল ।

ৰাজ্যৰ একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত গ্ৰেপ্তাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ...

প্ৰতীকী ফটো

Updated On: 

19 Apr 2025 | 09:26 AM

অসম ৰাজ্যিক ব’ৰ্ডৰ একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকত ধনৰ বিনিময়ত ফাদিল কৰাৰ অভিযোগত শুকুৰবাৰে অসম আৰক্ষীৰ চিআইডিয়ে এখন চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰজনে অংশকালীন শিক্ষক হিচাপেও কাম কৰিছিল । ইয়াৰ লগতে তেওঁ নগাঁৱৰ এখন ব্যক্তিগত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ মালিকৰ পুত্ৰ বুলি জানিব পৰা গৈছে ।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে যোৱা ২১ মাৰ্চত অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰথম বৰ্ষৰ গণিতৰ প্ৰশ্নকাকত ফাদিল হৈছিল। যাৰ ফলস্বৰূপে কৰ্তৃপক্ষই পৰীক্ষা বাতিল কৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয়। লগতে অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)ত এজাহাৰ পঞ্জীয়ন কৰা হয়।

চিআইডিৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয়, “তদন্তৰ সময়ত ইউপিআইৰ লেনদেন আৰু একাংশ ছাত্ৰ-ছাত্ৰীৰ বিবৃতিৰ জৰিয়তে বিষয়টো অনুসন্ধান কৰি আমি জানিব পাৰিলোঁ যে,নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ছাত্ৰ ২৬ বছৰীয়া যুৱকজনে ধনৰ বিনিময়ত প্ৰশ্নকাকত ফাদিল কৰিছিল।” অভিযুক্তৰ পিতৃ নগাঁৱৰ প্ৰাথমিক শাখাৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থকা এখন ব্যক্তিগত বিদ্যালয়ৰ মালিক বুলি জানিবলৈ দিছে বিষয়াগৰাকীয়ে।

বিষয়াগৰাকীয়ে কয় যে, অভিযুক্তক আদালতত হাজিৰ কৰি চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। তেওঁ লগতে কয় যে, ইয়াৰ পূৰ্বে চুৰি আৰু অপহৰণৰ সৈতে জড়িত দুটা গোচৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি জানিবলৈ দিছে বিষয়াগৰাকীয়ে । গণিতৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ লগতে বিভিন্ন স্থানত আন কেইবাখনো প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ পোৱাৰ পাছতে চলিত বৰ্ষৰ ২৪ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ ৩৬টা বিষয়ক সামৰি লোৱা ৰাজ্যৰ একাদশ শ্ৰেণীৰ সকলো পৰীক্ষা বাতিল কৰা হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব