মোৰ মুখ্যমন্ত্ৰী কাৰ্যকালৰ আটাইতকৈ গৌৰৱময় দিন: কোকৰাঝাৰৰ বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীৰ ভাষণ
কোকৰাঝাৰত বড়ো স্বায়ত্ত শাসিত পৰিষদীয় ভৱনত অনুষ্ঠিত হ’ল বিধানসভাৰ অধিৱেশন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ বাজেট অধিৱেশন। শাসক-বিৰোধীয়ে মনোযোগেৰে শুনিলে ৰাজ্যপালৰ ভাষণ। পুৱা ৫ বজাত ৫খন বাছেৰে একেলগে যাত্ৰা শাসক-বিৰোধীৰ। ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে মুখ্যমন্ত্ৰীয়ে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰলৈ ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হ’ল অসম বিধানসভাৰ অধিৱেশন। কোকৰাঝাৰত বড়ো স্বায়ত্ত শাসিত পৰিষদীয় ভৱনত অনুষ্ঠিত হ’ল বিধানসভাৰ অধিৱেশন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ বাজেট অধিৱেশন। শাসক-বিৰোধীয়ে মনোযোগেৰে শুনিলে ৰাজ্যপালৰ ভাষণ। ৰাজ্যপালৰ ভাষণত স্থান পালে অসমৰ উন্নয়নৰ প্ৰসংগ ই।কোকৰাঝাৰ অধিৱেশনত ষষ্ঠ অনুসূচীক লৈ হ’ল বিশদ আলোচনা। কোকৰাঝাৰৰ বিটিআৰ চুক্তিৰ প্ৰতিটো দফা স্বাক্ষৰ কৰাৰ অংগীকাৰ।
পুৱা ৫ বজাত ৫খন বাছেৰে একেলগে যাত্ৰা শাসক-বিৰোধীৰ। বিৰোধীয়েও শলাগ ল’লে চৰকাৰৰ পদক্ষেপৰ। বড়োলেণ্ডৰ কাৰণে ৫০০ কোটি টকাৰ পেকেজ ঘোষণা মুখ্যমন্ত্ৰী। লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, কোকৰাঝাৰ BTR ভৱনত আহি অসম বিধানসভা কৰাটো সহজ কাম নহয়। কোনেও এই কাম কৰিব পৰা নাই। কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত ৰাজনৈতিক সভা কৰি পোৱা নাই বুলি উল্লেখ্য কৰে মুখ্যমন্ত্ৰীয়ে। ৪০ বছৰতকৈও অধিক সময়ত মুখ্যমন্ত্রী হিচাপে মোৰেই সৌভাগ্য যে বি টি আৰত ৮টা দিন থাকি ৰাইজৰ মাজত মুক্তভাৱে ঘূৰি ফুৰা বুলি দাবী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে তেওঁ কয় যে, আমাৰ চৰকাৰৰ দিনত এতিয়া এই শান্তিৰ পৰিৱেশ আহিছে ৷ প্ৰফুল্ল কুমাৰ মহন্তই এদিনো BTCত ৰাতি থকা নাছিল ৷ তৰুণ গগৈয়ে ১৫ বছৰীয়া শাসন কালত এটা ৰাতিও BTCত থাকিব পৰা নাছিল ৷ সৰ্বানন্দ সোণোৱালেও ইয়াত থকা নাছিল।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে কয়, “আজিৰ দিনটো অসমৰ ইতিহাসৰ আটাইতকৈ যুগান্তকাৰী দিন ৷ যিখন স্থানৰ পৰা এসময়ত অসমক বিভাজন কৰাৰ বাবে আন্দোলন হৈছিল, শ শ লোকে প্ৰাণ আহুতি দিছিল, সেইখন ঠাইত আজি অসমৰ একতাৰ প্ৰতীক অসম বিধান সভা আজি ইয়াত মিলিত হৈছে৷ আজি কোকৰাঝাৰে যুগান্তকাৰী ইতিহাস নিৰ্মাণ কৰি ঐক্য আৰু উন্নয়নৰ আহ্বান জনাইছে।” তেওঁ কয়, বিটিআৰত অসম চৰকাৰৰ ভাগত আছিল ৭৫০ কোটি টকা, কিন্তু অসম চৰকাৰে ইয়াৰ ঊর্ধ্বত গৈ কেৱল তামুলপুৰত মেডিকেল কলেজ নিৰ্মাণৰ নামতে ৮০০ কোটি টকা ব্যয় কৰিছে। বিটিআৰ চুক্তিক লৈ প্রশ্ন তোলাসকলে এইখিনি কথাও জনা উচিত।
মুখ্যমন্ত্ৰীয়ে কয়, “সৰ্বানন্দ সোণোৱাল আৰু মোৰ দিনত বড়োভূমিত এটাও গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই। এজনো মুছলমান লোক নিহত হোৱা নাই। ABSUৰ সৈতে লগলাগি আমি কাম কৰি আছো ৷ আমি শত্ৰু নহয়, আমি প্ৰতিযোগীও নহয়। এয়া বড়ো নেতৃত্বৰ প্ৰশংসা কৰাৰ সময়। অসম বিধানসভাৰ এই পবিত্ৰ মজিয়াৰ পৰা মই বডোফা উপেন্দ্ৰনাথ বড়ো লৈ পুনৰ শ্ৰদ্ধা জনাইছোঁ ৷ আমি BTR চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম ৷ বহু কাম আগবাঢ়িছে। অনা বড়ো ৰাইজৰো অধিকাৰ আমি সুৰক্ষিত কৰিম ৷ ”
Live from Assam Legislative Assembly, Kokrajhar https://t.co/2f3gAYOCeP
— Himanta Biswa Sarma (@himantabiswa) February 17, 2025
লগতে তেওঁ কয় যে, মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ আটাইতকৈ গৌৰৱময় দিন হৈ থাকিব কোকৰাঝাৰৰ অসম বিধানসভাৰ অধিৱেশন। মোক মৃত্যুৰ পাছত ভগৱানে মোক সুধিব মই অসমক কি দিলো? এখন একত্ৰিত, অখণ্ডিত অসমক কোকৰাঝাৰৰ অসম বিধানসভাৰ অধিৱেশন পাতি নতুন প্ৰজন্মৰ বাবে উপহাৰ হিচাপে থৈ গ’লো। ডিমা হাছাওৰ বাবে ১০০, কাৰ্বি আলংৰ বাবে ২০০ আৰু BTCৰ বাবে ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছোঁ। তিনিখন স্বায়ত্ত্বশাসিত পৰিষদক আমি শক্তিশালী কৰিম ৷ আমি নতুন অসম,বৃহৎ অসম গঢ়িম৷”
কোকৰাঝাৰ প্ৰথমখন অসম বিধানসভাৰ বাজেট অধিৱেশনত ৰাজ্যপালৰ ভাষণত BTR চুক্তি ৰূপায়ণৰ কথা উল্লেখ নথকাত ক্ষোভ প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিল গগৈৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত আহি নেতিবাচক কথা নক’বলৈ কয় । তেওঁ কয়, ষষ্ঠ অনুসূচীৰ বাবে কেন্দ্ৰীয় চৰকাৰে টকা নিদিয়ে৷ ইয়াত কেন্দ্ৰই ষষ্ঠ অনুসূচীৰ বাবে টকা দিয়া বুলি ধাৰণা দিব বিচৰা হৈছে। ষষ্ঠ অনুসূচীৰ অঞ্চলত সম্পূৰ্ণ পুঁজি যোগান ধৰাৰ দ্বায়িত্ব হ’ল ৰাজ্য চৰকাৰৰ। ষষ্ঠ অনুসূচী বুলি কোনো ধৰণৰ টকা-পইচা ৰাজ্য চৰকাৰক দিয়া নহয়।” তেওঁ কয়, “ৰাজনীতি কৰাটো সহজ, কিন্তু জনজাতীয় লোকক মনেৰে ভালপোৱা আৰু সাহসেৰে কাম কৰাতো বেলেগ ৷” মুখ্যমন্ত্ৰীয়ে কয় যে, এইখন বিধানসভাৰ বাজেট। বিধানসভাই ঠিক কৰি দিয়ক কিমান টকা ষষ্ঠ অনুসূচীক দিব লাগে।