কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি: জানক কোনে, কেনেকৈ লাভ কৰিব চৰকাৰী ধন

Assam govt scheme: ৰাজ্যৰ বয়োজ্যেষ্ঠলোকৰ বাবে অসম চৰকাৰে ৰূপায়ন কৰা এক আঁচনি হ'ল- শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি। ইয়াৰ অধীনত হিতাধিকাৰীয়ে প্ৰতিমাহে টকা লাভ কৰে।

কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি: জানক কোনে, কেনেকৈ লাভ কৰিব চৰকাৰী ধন

কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি: জানক কোনে, কেনেকৈ লাভ কৰিব চৰকাৰী ধন

Updated On: 

03 Feb 2025 13:37 PM

বিভিন্ন সময়ত জনতাৰ হিতৰ হকে চৰকাৰে আঁচনি ৰূপায়ন কৰে। সমাজৰ বয়োজ্যেষ্ঠসকলৰ বাবে ৰূপায়ন কৰা এনে এক আঁচনি হ’ল  শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি( Kushal Konwar Briddha Pension Scheme)।  এই আঁচনিখন হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, চৰকাৰৰ পেঞ্চন আঁচনি। ৰাজ্যত এই আঁচনিখন ৰূপায়ন কৰাৰ উদ্দেশ্য হ’ল-বৃদ্ধ পেঞ্চন আৰু পুঁজিৰ পৰিশোধ সুশৃংখলিত কৰা। অসমৰ যিসকল ব্যক্তিৰ বয়স ৬০ বছৰৰ ওপৰত তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে। এই আঁচনিৰ অধীনত হিতাধিকাৰীয়ে প্ৰতিমাহে ২৫০ টকাকৈ ধনৰাশি লাভ কৰে।

লাভ

  • হিতাধিকাৰীয়ে প্ৰতিমাহে ২৫০ টকাকৈ লাভ কৰে।
  • প্ৰতিমাহৰ ১ তাৰিখে এই আঁচনিৰ ধন লাভ কৰে।

অৰ্হতা

হিতাধিকাৰীৰ বয়স ৬০ বছৰ বা তাতকৈ ওপৰত হ’ব লাগিব।

কোনে নাপায়

  • অন্য চৰকাৰী আঁচনিৰ সুবিধা পোৱা হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ নকৰে।
  • চৰকাৰী কৰ্মচাৰীৰ পিতৃ-মাতৃয়ে সুবিধা লাভ নকৰে।
  • কৰদাতা, যাৰ আয় ২,৫০,০০০ ৰ ওপৰত তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ নকৰে।

কেনেকৈ আবেদন কৰিব

  • এই আঁচনিৰ ধন লাভ কৰিবলৈ যোগ্য ব্যক্তিয়ে গাঁও পঞ্চায়ত/গ্ৰামোন্নয়ন ব্লক / পৌৰ নিগম/পৌৰ ব’ৰ্ড/নগৰ সমিতিলৈ যাব লাগিব।
  • পাছত এখন আবেদন পত্ৰ সংগ্ৰহ কৰক।
  • আবেদন পত্ৰখনত প্ৰয়োজনীয় তথ্য দাখিল কৰক।
  • আপোনাৰ স্বাক্ষৰৰ প্ৰয়োজন হব বা বুঢ়া আঙুলিৰ ছাপ দিব লাগিব।
  • সকলো তথ্য প্ৰদান কৰি বিভাগীয় কৰ্তৃপক্ষত আবেদনখন জমা কৰক।
  • বিভাগীয় কাম হৈ যোৱাৰ পাছত অনলাইন ধন লাভ কৰিব।

কি কি লাগিব

  • আধাৰ কাৰ্ড
  • পৰিচয় পত্ৰ
  • বয়সৰ প্ৰমাণ
  • অসমৰ বাসিন্দা হোৱাৰ প্ৰমাণ
  • আধাৰৰ সৈতে সংলগ্ন বেংক একাউন্ট

 

অন্য খবৰ পঢ়কঃ Swanirbhar Nari: স্ব-নিৰ্ভৰ নাৰী আঁচনিঃ জানক কি যোগ্যতা থাকিলে মহিলাই লাভ কৰে এই আঁচনিৰ সুবিধা

Related Stories
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰা কামপুৰৰ ৰে’ল দুৰ্ঘটনালৈ…দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
অসমক পূব পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্ৰ ৰচিছিল কংগ্ৰেছে, কংগ্ৰেছৰ পাপ মোচন কৰিছে বিজেপিয়ে, গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ মন্তব্য
বাজপেয়ী ভৱনত ৰুদ্ধদ্বাৰ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ, উপস্থিত ২৮০ জন দলীয় নেতা…
ডবল ইঞ্জিন চৰকাৰৰ অধীনত অসমত ব্ৰহ্মপুত্ৰৰ দৰেই চিৰপ্ৰবাহমান উন্নয়নৰ ধাৰা: নৰেন্দ্ৰ মোদী
ৰে’ল দুৰ্ঘটনাত সাতটাকৈ হাতীৰ মৃত্যু, শোক প্ৰকাশৰ লগতে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, মুকলি কৰিলে বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল
আইৰণৰ অভাৱত ভুগিছে নেকি ? তালিকাত এই পাঁচ বিধ শাক-পাচলি ৰাখক
ডায়েবেটিছ ৰোগীয়ে খালী পেটত খাওক এইসমূহ খাদ্য, অত্যন্ত উপকাৰী ...
কঠোৰ ব্যায়াম কৰাৰ প্ৰয়োজন নাই ! শৰীৰৰ ওজন স্বাভাৱিকভাৱে হ্ৰাস কৰাৰ ৬টা সহজ টিপছ
সপোনত কাজিয়া দেখাটো কিহৰ ইংগিত জানেনে? সবিশেষ...
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...