কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি: জানক কোনে, কেনেকৈ লাভ কৰিব চৰকাৰী ধন

Assam govt scheme: ৰাজ্যৰ বয়োজ্যেষ্ঠলোকৰ বাবে অসম চৰকাৰে ৰূপায়ন কৰা এক আঁচনি হ'ল- শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি। ইয়াৰ অধীনত হিতাধিকাৰীয়ে প্ৰতিমাহে টকা লাভ কৰে।

কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি: জানক কোনে, কেনেকৈ লাভ কৰিব চৰকাৰী ধন

কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি: জানক কোনে, কেনেকৈ লাভ কৰিব চৰকাৰী ধন

Updated On: 

03 Feb 2025 | 01:37 PM

বিভিন্ন সময়ত জনতাৰ হিতৰ হকে চৰকাৰে আঁচনি ৰূপায়ন কৰে। সমাজৰ বয়োজ্যেষ্ঠসকলৰ বাবে ৰূপায়ন কৰা এনে এক আঁচনি হ’ল  শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি( Kushal Konwar Briddha Pension Scheme)।  এই আঁচনিখন হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, চৰকাৰৰ পেঞ্চন আঁচনি। ৰাজ্যত এই আঁচনিখন ৰূপায়ন কৰাৰ উদ্দেশ্য হ’ল-বৃদ্ধ পেঞ্চন আৰু পুঁজিৰ পৰিশোধ সুশৃংখলিত কৰা। অসমৰ যিসকল ব্যক্তিৰ বয়স ৬০ বছৰৰ ওপৰত তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে। এই আঁচনিৰ অধীনত হিতাধিকাৰীয়ে প্ৰতিমাহে ২৫০ টকাকৈ ধনৰাশি লাভ কৰে।

লাভ

  • হিতাধিকাৰীয়ে প্ৰতিমাহে ২৫০ টকাকৈ লাভ কৰে।
  • প্ৰতিমাহৰ ১ তাৰিখে এই আঁচনিৰ ধন লাভ কৰে।

অৰ্হতা

হিতাধিকাৰীৰ বয়স ৬০ বছৰ বা তাতকৈ ওপৰত হ’ব লাগিব।

কোনে নাপায়

  • অন্য চৰকাৰী আঁচনিৰ সুবিধা পোৱা হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ নকৰে।
  • চৰকাৰী কৰ্মচাৰীৰ পিতৃ-মাতৃয়ে সুবিধা লাভ নকৰে।
  • কৰদাতা, যাৰ আয় ২,৫০,০০০ ৰ ওপৰত তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ নকৰে।

কেনেকৈ আবেদন কৰিব

  • এই আঁচনিৰ ধন লাভ কৰিবলৈ যোগ্য ব্যক্তিয়ে গাঁও পঞ্চায়ত/গ্ৰামোন্নয়ন ব্লক / পৌৰ নিগম/পৌৰ ব’ৰ্ড/নগৰ সমিতিলৈ যাব লাগিব।
  • পাছত এখন আবেদন পত্ৰ সংগ্ৰহ কৰক।
  • আবেদন পত্ৰখনত প্ৰয়োজনীয় তথ্য দাখিল কৰক।
  • আপোনাৰ স্বাক্ষৰৰ প্ৰয়োজন হব বা বুঢ়া আঙুলিৰ ছাপ দিব লাগিব।
  • সকলো তথ্য প্ৰদান কৰি বিভাগীয় কৰ্তৃপক্ষত আবেদনখন জমা কৰক।
  • বিভাগীয় কাম হৈ যোৱাৰ পাছত অনলাইন ধন লাভ কৰিব।

কি কি লাগিব

  • আধাৰ কাৰ্ড
  • পৰিচয় পত্ৰ
  • বয়সৰ প্ৰমাণ
  • অসমৰ বাসিন্দা হোৱাৰ প্ৰমাণ
  • আধাৰৰ সৈতে সংলগ্ন বেংক একাউন্ট

 

অন্য খবৰ পঢ়কঃ Swanirbhar Nari: স্ব-নিৰ্ভৰ নাৰী আঁচনিঃ জানক কি যোগ্যতা থাকিলে মহিলাই লাভ কৰে এই আঁচনিৰ সুবিধা

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...