ৰাজ্যৰ মহিলাৰ পৰা উদাসীন ভকতলৈ…নিৰ্বাচনমুখী অসমত কাক কি আঁচনি দিলে চৰকাৰে?
নিযুত মইনা, বাবু আঁচনিৰ পৰা লাখপতি বাইদেউ, জীৱন প্ৰেৰণালৈকে বহু কেইখন আঁচনি গ্ৰহণ কৰিছে অসম চৰকাৰে। এই আঁচনিবোৰ অহা ২৬ ৰ নিৰ্বাচনত বিগ ইমপেক্ট হিচাপে পৰিগণিত হ'ব নেকি তাক লৈ আৰম্ভ হৈছে চৰ্চা।

সন্মুখত ২০২৬ ৰ নিৰ্বাচন। বৰ্তমান চৰকাৰখনৰ কাৰ্যকাল শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান মাহ। দেখা গৈছে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে কেইবাখনো হিতাধিকাৰী আঁচনি মুকলি কৰিছে। নিযুত মইনা, বাবু আঁচনিৰ পৰা লাখপতি বাইদেউ, জীৱন প্ৰেৰণালৈকে বহু কেইখন আঁচনি গ্ৰহণ কৰিছে অসম চৰকাৰে। এই আঁচনিবোৰ অহা ২৬ ৰ নিৰ্বাচনত বিগ ইমপেক্ট হিচাপে পৰিগণিত হ’ব নেকি তাক লৈ আৰম্ভ হৈছে চৰ্চা। ৰাজনৈতিক বিশ্লেষকৰ মতে, যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি সমাজৰ প্ৰতিটোৰ স্তৰৰ লোকক হিতাধিকাৰী আঁচনিৰ আওতাত অনাৰ চেষ্টা কৰিছে চৰকাৰে।
নিযুত মইনা আঁচনি হৈছে অসম চৰকাৰৰ এখন অভিলাষী আঁচনি, যাৰ উদ্দেশ্য হৈছে উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰীসকলক আৰ্থিক সাহায্য দি বাল্যবিবাহ ৰোধ কৰা আৰু শিক্ষাৰ্থীক উৎসাহিত কৰা। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীসকলে মাহেকীয়া বৃত্তি হিচাপে ১০০০, ১৫০০ আৰু ২৫০০ টকালৈকে লাভ কৰে, যাৰ দ্বাৰা শিক্ষাৰ্থীসকলে আর্থিক বাধা অবিহনে পঢ়ি যাব পাৰে।
একে সময়তে ১ জানুৱাৰী দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে, বাবু আঁচনি। বাবু আঁচনিৰ অধীনত স্নাতকোত্তৰ পঢ়ি থকা ছাত্ৰসকলক প্ৰতিমাহে ২,০০০ টকা আৰু স্নাতক শিক্ষাৰ্থীসকলক প্ৰতিমাহে ১,০০০ টকাকৈ প্ৰদান কৰা হ’ব। ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই আঁচনি। এই আঁচনিৰ সুবিধা পাবলৈ পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখতকৈ কম হ’ব লাগিব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, প্ৰতিদিনে মহিলাসকলৰ মাজত উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি আহিছে। এই অভিযানৰ জৰিয়তে মহিলাসকলক স্বাৱলম্বী কৰিবলৈ ১০,০০০ টকাৰ প্ৰথম কিস্তিৰ আৰ্থিক সাহায্য দিয়া হৈছে। যিসকল হিতাধিকাৰীয়ে পুঁজিৰ সদ ব্যৱহাৰ কৰিব তেওঁলোকক পৰৱৰ্তী বৰ্ষত ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। সেইদৰে দ্বিতীয় বৰ্ষত লাভ কৰা পুঁজি যিসকল হিতাধিকাৰীয়ে যথাযথভাৱে ব্যৱহাৰ কৰিব তেওঁলোকে তৃতীয় বৰ্ষত ৫০ হাজাৰ টকাকৈ আর্থিক সাহায্য লাভ কৰিব।
হিতাধিকাৰীসকলে এই অভিযানৰ অন্তৰ্গত লাভকৰা পুঁজি মুষ্টিমেয়ভাৱে গোটৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰে অথবা ব্যক্তিগতভাৱেও দুগ্ধ পালন, হাঁহ কুকুৰা পালন, গাহৰি পালন, চিলাইৰ কাম আদিৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰে। তদুপৰি, যিসকল মহিলাৰ স্বামীৰ ব্যৱসায় আছে, সেই ব্যৱসায়তো তেওঁলোকে এই পুঁজি বিনিয়োগ কৰিব পাৰে।
“জীৱন প্ৰেৰণা” মুখ্যতঃ অসম চৰকাৰৰ এক আঁচনি, যাৰ অধীনত স্নাতক উত্তীৰ্ণ যুৱক-যুৱতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত হ’বলৈ আৰু স্বাৱলম্বী হোৱাৰ বাবে মাহে ২৫০০ টকাকৈ আৰ্থিক সহায় আগবঢ়োৱা হয়, যিয়ে তেওঁলোকৰ ভৱিষ্যত গঢ়াত আৰু নিবনুৱা সমস্যা হ্ৰাস কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।
শেহতীয়াকৈ চৰ্চাত থকা চৰকাৰৰ আটাইতকৈ কৌশলী সিদ্ধান্তটো হৈছে প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীক ৮,০০০ টকা আগতীয় ধন প্ৰদান কৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বছৰৰ প্ৰথমটোৰ দিনতে ঘোষণা কৰে যে, এই সিদ্ধান্তৰ দ্বাৰা ৰাজ্যৰ ৩৭ লাখৰো অধিক মাতৃ-ভগ্নী উপকৃত হ’ব। তেওঁ ঘোষণা কৰিছে যে,অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয়ৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয়ৰ ধন ৮,০০০ টকাকৈ আগতীয়াকৈ ব’হাগ বিহু উপহাৰ হিচাপে লাভ কৰিব। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয়ৰ ধন ৫,০০০ টকা আৰু বিশেষ বিহু উপহাৰ হিচাপে ৩,০০০ টকা লাভ কৰিব।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনৰ সন্মিলন কক্ষত ২ জানুৱাৰী দিনটোত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ স্বীকৃতিপ্রাপ্ত সত্ৰৰ ‘উদাসীন ভকতলৈ আর্থিক সাহায্য’ শীর্ষক আঁচনিখন আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে। মুখ্যমন্ত্রীয়ে ৫ গৰাকী উদাসীন ভকতলৈ আর্থিক সাহায্যৰ চেক আগবঢ়াই আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
এই আঁচনিখনৰ জৰিয়তে অসমৰ স্বীকৃতিপ্রাপ্ত সত্ৰসমূহৰ উদাসীন ভকতসকলক প্রতিমাহে ১৫০০ টকাকৈ আর্থিক সাহায্য তেওঁলোকৰ বেংক একাউন্টলৈ হস্তান্তৰ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে, উদাসীন ভকতসকলৰ নামৰ তালিকা তথা সকলো প্রাসংগিক তথ্য সংশ্লিষ্ট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হৈছিল। এই তালিকা সংশ্লিষ্ট জিলা আয়ুক্ত নতুবা অতিৰিক্ত জিলা আয়ুক্তৰ দ্বাৰা যথাযথভাৱে প্ৰমাণীকৃত কৰাৰ পিছত উদাসীন ভকতসকলৰ নামসমূহ জিলা অনুসাৰে ‘ডিআইডিএছ’ প’ৰ্টেলত আপলোড কৰা হৈছে।
ইয়াৰ ফলত প্রতিমাহৰ ১০ তাৰিখে উদাসীন ভকতসকলৰ বেংক একাউণ্টত আর্থিক সাহায্যৰ ধনৰাশি পোনপটীয়াকৈ জমা হ’ব। তেওঁ কয় যে, বৰপেটা জিলাৰ ১০ গৰাকী, ধুবুৰী জিলাৰ ৮ গৰাকী, গোৱালপাৰা জিলাৰ ৮ গৰাকী, গোলাঘাট জিলাৰ ৬ গৰাকী, যোৰহাট জিলাৰ ৫৪ গৰাকী, কামৰূপ জিলাৰ ১৪ গৰাকী, লখিমপুৰ জিলাৰ ২২ গৰাকী, মাজুলী জিলাৰ ৪৭৪ গৰাকী, নগাঁও জিলাৰ ৭ গৰাকী, নলবাৰী জিলাৰ ৬ গৰাকী, শিৱসাগৰ জিলাৰ ৫ গৰাকী, শোণিতপুৰ জিলাৰ ৩ গৰাকী আৰু ওদালগুৰি জিলাৰ ৩ গৰাকী ভকতকে ধৰি সৰ্বমুঠ ৬২০ গৰাকী উদাসীন ভকতক আঁচনিখনৰ অধীনত সম্প্রতি সামৰি লোৱা হৈছে…।