Holiday list 2026: চৰকাৰী বন্ধৰ তালিকা ২০২৬: নতুন বছৰত কোনটো মাহত কিমান দিন বন্ধ…

Holiday List 2026: প্ৰতিবাৰৰ দৰে এইবাৰে অসম চৰকাৰে কেইবাদিনো বন্ধ দিছে। ২০২৬ চনটোত অসম চৰকাৰৰ কৰ্মচাৰীসকলে কেইবাদিন চৰকাৰী বন্ধ লাভ কৰিব। লগতে আছে এদিনৰ বাবে অৰ্ধছূটী।

Holiday list 2026: চৰকাৰী বন্ধৰ তালিকা ২০২৬: নতুন বছৰত কোনটো মাহত কিমান দিন বন্ধ...

চৰকাৰী বন্ধৰ তালিকা

Updated On: 

02 Jan 2026 12:56 PM

প্ৰতিবছৰৰ দৰে ২০২৬ বৰ্ষতো অসম চৰকাৰে কেইবাদিন চৰকাৰী বন্ধ ঘোষণা কৰিছে। ইয়াৰ অধীনত অসম চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলে বছৰটোত কেইবাটাও বন্ধ (Holiday 2026) আৰু এটা অৰ্ধ ছুটী লাভ কৰিব। ২০২৫ চনৰ নৱেম্বৰ মাহতে চৰকাৰে বন্ধৰ তালিকা জাৰি কৰিছিল। এই বছৰটিত ৩২ দিন বন্ধ আছে।  গতিকে ২০২৬ বৰ্ষটিত কোন কেইটা দিন চৰকাৰী কাৰ্যালয় বন্ধ থাকিব, কোনটো মাহত কিমান দিন বন্ধ এই সকলো তলত উল্লেখ কৰা হ’ল।

২০২৬ চনৰ চৰকাৰী বন্ধৰ তালিকা

বন্ধৰ তাৰিখ দিৱস/উৎসৱ
১৪-১৫ জানুৱাৰী মাঘ বিহু, তুচু পূজা
২৩ জানুৱাৰী নেতাজীৰ জন্মজয়ন্তী
২৬ জানুৱাৰী গণৰাজ্য দিৱস
২৭ জানুৱাৰী বাথৌ পূজা
৩১ জানুৱাৰী মে-ডাম-মে-ফি
১ফেব্ৰুৱাৰী বীৰ চিলাৰায় দিৱস
৩ মাৰ্চ দৌল যাত্ৰা
২১ মাৰ্চ ঈদ উল ফিটাৰ
৩ এপ্ৰিল গুড ফ্ৰাইডে
১৪-১৫-১৬এপ্ৰিল ৰঙালী বিহু
১৮ এপ্ৰিল দামোদৰ দেৱৰ তিথি
২১ এপ্ৰিল সতী সাধিনী দিৱস
১ মে’ মে’ দিৱস আৰু বুদ্ধ পূৰ্ণিমা
২৭ মে’ ঈদ ইল জুহা
১ জুন শ্ৰীশ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী
১৫ আগষ্ট স্বাধীনতা দিৱস
১ ছেপ্টেম্বৰ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি
৪ ছেপ্টেম্বৰ জন্মাষ্টমী
১২ ছেপ্টেম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি
২১ ছেপ্টেম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ
২২ ছেপ্টেম্বৰ কৰম পূজা
২ অক্টোবৰ গান্ধী জয়ন্তী
১৮ অক্টোবৰ কাতি বিহু, দুৰ্গা পূজা
১৯-২০-২১ অক্টোবৰ দুৰ্গা পূজা, দশমী
৮ নৱেম্বৰ কালী পূজা,দেৱালী
১১ নৱেম্বৰ ভাতৃ দ্বিতীয়া
১৫ নৱেম্বৰ ষট পূজা
২৪ নৱেম্বৰ গুৰু নানক জয়ন্তী আৰু লাচিত দিৱস
২ ডিচেম্বৰ অসম দিৱস
২৫ ডিচেম্বৰ বৰদিন

অৰ্ধছুটী (১ বজা)

২৫ অক্টোবৰঃ লক্ষ্মী পূজা

 

অন্য খবৰ পঢ়কঃ বছৰৰ পহিলা দিনটোত অসম কেবিনেটে কি কি সিদ্ধান্ত ল’লে? জানক…

শীতকালত নিয়মিত খাওক মাত্ৰ এই ৫টা ফল, আপোনাৰ লিভাৰ হৈ থাকিব সুস্থ
মানুহক দৰিদ্ৰ কৰে এই ৫টা অভ্যাসে, গৰুড় পুৰাণত আছে সকলো...
ব্লাড চুগাৰৰ সমস্যা আছে নেকি? শীতকালত নাখাব এইসমূহ খাদ্য...
নিতে গঢ়ি তোলক মাত্ৰ এই ৫টা অভ্যাস, উচ্চ ৰক্তচাপৰ চিন্তা হ’ব দূৰ
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?