ব্যয়বহুল হ’ব চৰকাৰী চিকিৎসা! আগৰ তুলনাত ভৰিব লাগিব অধিক টকা

১ আগষ্টৰ পৰা চৰকাৰী চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে। এতিয়ালৈকে এই বিষয়ে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও কিছুদিনৰ ভিতৰতে এই কথা ঘোষণা কৰিব পাৰে

ব্যয়বহুল হব চৰকাৰী চিকিৎসা! আগৰ তুলনাত ভৰিব লাগিব অধিক টকা

চিকিৎসক

Published: 

29 Jul 2024 | 06:37 PM

বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ মাজতে অসমবাসীলৈ আহিব পাৰে আন এক বেয়া খবৰ। এই খবৰ দিবলৈ ইতিমধ্যে সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। জানিব পৰা মতে ব্যয়বহুল হব পাৰে অসমত চৰকাৰী চিকিৎসা সেৱা। চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়সমূহত ২০ শতাংশ বৃদ্ধি হব পাৰে চিকিৎসা সেৱাৰ মাচুল। শীঘ্ৰে বৰ্ধিত মাচুলৰ তালিকা অসমৰ চৰকাৰী চিকিৎসালয় আৰু মহাবিদ্যালয়সমূহত উপলব্ধ হব।

তথ্য অনুসৰি ১ আগষ্টৰ পৰা চৰকাৰী চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে। এতিয়ালৈকে এই বিষয়ে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও কিছুদিনৰ ভিতৰতে এই কথা ঘোষণা কৰিব পাৰে।  জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই এই মাচুল বৃদ্ধিৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে। অৱশ্যে এতিয়ালৈকে হোৱা নাই কোনো আনুষ্ঠানিক ঘোষণা। জানিব পৰা মতে বিভিন্ন পৰীক্ষাৰ মাচুলৰ লগতে চৰকাৰী চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়সমূহত পঞ্জীয়ন  মাচুলো বৃদ্ধি পাব।

উল্লেখ্য যে, মূল্যবৃদ্ধিয়ে জ্বলা- কলা খুৱাইছে জনতাক। কিছুদিন পূৰ্বে ব্যক্তিগত হাস্পাতালত আয়ুষ্মান কাৰ্ডৰ সুবিধাও বন্ধ কৰি দিছিল। পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে সবিস্তাৰে জনাইছিল। আয়ুষ্মান কাৰ্ডৰ অধীনত ৰোগীয়ে ৫ বছৰ পৰ্যন্ত চিকিৎসা সেৱা লাভ কৰাৰ সুবিধা আছে। ইয়াৰ পাছতে যদি এতিয়া চৰকাৰী চিকিৎসালয়তো চিকিৎসা সেৱা ব্যয় বহুল হয় তেন্তে ই জনতাৰ বাবে এক সমস্যাৰ সৃষ্টি কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...