ৰাজ্যৰ ৩১গৰাকী ব্যক্তিলৈ ২০২৪-২৫ বৰ্ষৰ সাহিত্য বঁটা, সাহিত্যিক পেঞ্চন
ৰাজ্য চৰকাৰে ঘোষণা কৰিলে সাহিত্য বঁটা,পেঞ্চন প্ৰাপকৰ তালিকা। মুঠ ৩১গৰাকীলৈ সাহিত্য বঁটা আৰু পেঞ্চন ঘোষণা। ২৮গৰাকীলৈ সাহিত্য বঁটা ঘোষণা। ৩গৰাকীক প্ৰদান কৰা হ’ব সাহিত্যিক পেঞ্চন। হোমেন বৰগোহাঞিৰ ওপজা দিনটোতে ৰাজ্য চৰকাৰে প্ৰদান কৰিব এই সন্মান।

২০২৪-২৫ বৰ্ষৰ সাহিত্য বঁটা, পেঞ্চন প্ৰাপকৰ নাম ঘোষণা
২০২৪-২৫ বৰ্ষৰ বাবে সাহিত্য বঁটা, পেঞ্চন প্ৰাপকৰ নাম ঘোষণা। ৰাজ্য চৰকাৰে ঘোষণা কৰিলে সাহিত্য বঁটা,পেঞ্চন প্ৰাপকৰ তালিকা। মুঠ ৩১গৰাকীলৈ সাহিত্য বঁটা আৰু পেঞ্চন ঘোষণা। ২৮গৰাকীলৈ সাহিত্য বঁটা ঘোষণা। ৩গৰাকীক প্ৰদান কৰা হ’ব সাহিত্যিক পেঞ্চন। হোমেন বৰগোহাঞিৰ ওপজা দিনটোতে ৰাজ্য চৰকাৰে প্ৰদান কৰিব এই সন্মান।
প্ৰয়াত হোমেন বৰগোহাঞিৰ জয়ন্তী উপলক্ষে ৭ ডিচেম্বৰ ২০২৪ তাৰিখে এক অনুষ্ঠানত মুঠ ৩১গৰাকী ব্যক্তিক সন্মানিত কৰা হ’ব। গুৱাহাটী বিশ্ববিদ্যালয়ত দিনৰ ২ বজাত অনুষ্ঠিত হ’ব এই অনুষ্ঠানত। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। সাহিত্য বঁটাত আছে ৫০ হাজাৰ টকাৰ লগতে প্ৰশংসা পত্ৰ।
In recognition of their contributions, 31 recipients of the Literary Award and Literary Pension Award for 2024-25 will be felicitated on December 7, 2024, at 2:00 PM at Gauhati University.
The event, commemorating the birth anniversary of the eminent late Homen Borgohain, will… pic.twitter.com/YLaVsFYPUW
— Chief Minister Assam (@CMOfficeAssam) December 5, 2024
উল্লেখ্য যে, বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত সাহিত্যিক পেঞ্চন সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে লাভ নকৰে সাহিত্যিক পেঞ্চন । ইয়াৰ পৰিবৰ্তে তেওঁলোকে লাভ কৰিব সাহিত্যিক বঁটা আৰু এককালীন সাহাৰ্য। এই বছৰৰ পৰা ইতিমধ্যে আন চৰকাৰী পেঞ্চনৰ পৰা লাভান্বিত হোৱা প্ৰাপ্তকৰ্তাসকলক এখন প্ৰশংসাপত্ৰ আৰু ৫০ হাজাৰ টকাৰ এককালীন নগদ বঁটা প্ৰদান কৰা হ’ব। ইফালে চৰকাৰী পেঞ্চন নোপোৱাসকলে একোখনকৈ প্ৰশংসাপত্ৰ আৰু মাহিলি ৮ হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব৷
২৮গৰাকী সাহিত্যিকলৈ ২০২৪-২৫ বৰ্ষৰ সাহিত্য বঁটা
- গুৱাহাটীৰ অনুভব তুলসী, ড০ ৰামচন্দ্ৰ ডেকা, পাৰিতোষ তালুকদাৰ, এলিজা শর্মা, ষড়ানন দেউৰী, খৰ্গেশ্বৰ ভূঞা, ড০ জগদীন্দ্ৰ ৰয়চৌধুৰী, বিষ্ণু ডেকা
- যোৰহাটৰ অদিতি বেজবৰুৱা, তৰুণ চন্দ্র শইকীয়া
- কাৰ্বি আংলঙৰ ছাৰেৎ হাঞ্চে, চিকাৰী তিছ’, ঋতুৰাজ বসুমতাৰী
- বিশ্বনাথৰ খামৰাজ নেপাল
- কাছাৰৰ ড০ হিমাশীষ কুমাৰ ভট্টাচাৰ্য
- বৰপেটাৰ হৰিদেৱ পাঠক
- গোলাঘাটৰ মিনতি দলে, পৱিত্ৰ বৰবৰা
- বঙাইগাঁৱৰ কৰুণকান্ত ৰয়
- ডিব্ৰুগড়ৰ জুলিয়ানা বেগম
- গোৱালপাৰাৰ গীতা দাস, চাৰুমোহন ৰাভা
- কামৰূপ জিলাৰ গজেন্দ্ৰ অধিকাৰী
- শ্রীভূমি জিলাৰ ব্ৰজগোপাল সিনহা
- নগাঁৱৰ চন্দ্রকান্ত শইকীয়া, দুলাল চন্দ্র দাস
- তিনিচুকীয়াৰ শৰৎ চন্দ্ৰ চিৰিং ফুকন
- শোণিতপুৰৰ মাণিক বৰা
৩গৰাকী সাহিত্যিকলৈ ২০২৪-২৫ বৰ্ষৰ সাহিত্য পেঞ্চন
- কাছাৰৰ শীলা মহন্ত
- শোণিতপুৰৰ দিলীপ কুমাৰ ফুকন
- লখিমপুৰৰ খগেন্দ্ৰ নাথ বৰা