Assam: শ্বিলঙলৈ ফুৰিব গৈছিল প্ৰেমিক- প্ৰেমিকা! ট্ৰাকৰ চেপাত থিতাতে হেৰুৱালে প্ৰাণ

Assam: এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যুৱক- যুৱতীয়ে। শ্বিলঙলৈ ফুৰিব যোৱা যুৱক- যুৱতী আৰু জীৱিত অৱস্থাত ঘূৰি নাহিল ঘৰলৈ। ট্ৰাকৰ চেপাত থিতাতে হেৰুৱালে প্ৰাণ।

Assam: শ্বিলঙলৈ ফুৰিব গৈছিল প্ৰেমিক- প্ৰেমিকা! ট্ৰাকৰ চেপাত থিতাতে হেৰুৱালে প্ৰাণ

পথ দুৰ্ঘটনা

Updated On: 

04 Nov 2024 09:10 AM

মেঘালয়লৈ ফুৰিব যোৱাই কাল হ’ল দুই প্ৰেমিক- প্ৰেমিকাৰ। যুৱকজনে চাকৰি লাভৰ পাছতেই যুৱতীগৰাকীক লৈ মেঘালয় ফুৰিব  গৈছিল যদিও জীৱিত অৱস্থাত ঘৰলৈ ঘূৰি অহাৰ সৌভাগ্য নহ’ল তেওঁলোকৰ। এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুয়োৰে।  মেঘালয়ৰ ৰিভৈ জিলাৰ ছাংবাংলাত গুৱাহাটী- শ্বিলং সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় অসমৰ দুই যুৱক- যুৱতীৰ। দুয়োৰে ঘৰ মৰানত বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পথ দুৰ্ঘটনাত মৃত্য়ু হোৱা যুৱকজন মৰানৰ ২ নং সৰুপথাৰ গাঁৱৰ ২৩ বছৰীয়া নিলোৎপল দুৱাৰী আৰু যুৱতীগৰাকী মৰানৰ জ্যোতিপুৰ গদাধৰ সিংহ পথৰ ২১ বছৰীয়া গাৰ্গী চুতীয়া বুলি জানিব পৰা গৈছে। একাংশৰ মতে দুয়ো প্ৰেমিক-প্ৰেমিকা আছিল আৰু গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিবলৈ গৈছিল।

ঘটনাৰ বিৱৰণী অনুসৰি AS- 01- ee- 3367 নম্বৰৰ ৰয়েল এনফিল্ড হিমালয়ান বাইকখনেৰে দুয়ো গৈ থাকোতে আহি থকা এখন ট্ৰাকত প্ৰচণ্ড যোৰে খুন্দা মাৰে। এই ভয়ংকৰ মুখামুখি সংঘৰ্ষৰ ফলত দুয়োৰে থিতাতে মৃত্যু হয়। এই ঘটনাই দুই যুৱক- যুৱতীৰ পৰিয়ালৰ মাজত শোকাস্তব্ধ পৰিবেশে বিৰাজ কৰিছে।

দেওবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পাছতেই সমগ্ৰ মৰান শোকত ভাগি পৰিছে। ইতিমধ্যে যুৱকজনৰ মৃতদেহ আনি  পৰিলায়ৰলোকে শেষকৃত্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰিছে যদিও এতিয়ালৈকে যুৱতীগৰাকীৰ মৃতদেহ স্ব-গৃহ পোৱাহি নাই। যুৱতীগৰাকীৰ পৰিয়ালৰলোক খবৰ শুনাৰ পাছতেই অচেতন হৈ পৰে।

স্থানীয়লোকসকলে জনাই যে, দুই যুৱক- যুৱতী অতি মেধাৱী আছিল। কিছুদিন পূৰ্বে যুৱকজনে চাকৰি লাভ কৰিছিল। ইয়াৰে আনন্দত যুৱতীগৰাকীৰ পাৰ্টী দিব বুলি শ্বিলঙলৈ লৈ গৈছিল। কিন্তু শ্বিলং ভ্ৰমণেই কাল হৈ আহিল দুয়োৰে জীৱনলৈ। ট্ৰাকৰ চেপাত প্ৰাণ হেৰুৱালে দুই সম্ভাৱনাই। এই  সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...