ৰাজ্যত কিছু উন্নত বান পৰিস্থিতি, কাজিৰঙাত শিথিল যাতায়ত ব্যৱস্থা…

বন্যপ্ৰাণীসমূহে লাহে লাহে উদ্যানখনলৈ উভতিছে। এইবাৰৰ প্ৰলয়ংকাৰী বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেইবাটাও বন্যপ্ৰাণীৰ মৃত্যু হৈছে। পানী শুকোৱাৰ পাছত প্ৰায় ২০০ টা বন্যপ্ৰাণীৰ মৃতদেহ উদ্ধাৰ হৈছে।

ৰাজ্যত কিছু উন্নত বান পৰিস্থিতি, কাজিৰঙাত শিথিল যাতায়ত ব্যৱস্থা...

কাজিৰঙা বানপানী

Published: 

16 Jul 2024 12:20 PM

ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ মাজেদি যাতায়ত ব্যৱস্থা কিছু শিথিল কৰা হৈছে। বানপানীক লৈ যাতায়তৰ বাবে থকা নিষেধাজ্ঞা বহু পৰিমাণে আঁতৰ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াৰ যোগেদি এই কথা সদৰি কৰে । তেওঁ কয় যে,  সামগ্ৰিক বান পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰা কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি লঘু যান- বাহনৰ লগত বাছ চলাচল কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আঁতৰ কৰা হৈছে। অৱশ্যে স্বাভাৱিক গতিতহে গাড়ী চলাব পাৰিব। ইয়াৰ লগতে ট্ৰাকসমূহে কনভয়তহে চলাচল কৰিব পাৰিব।

 

বিগত এমাহতকৈ বেছি সময় সমগ্ৰ ৰাজ্যৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানে তাণ্ডৱ চলায়। ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় প্ৰতিটো বন শিবিৰ বাঢ়নী পানীত ডুব গৈছিল। এনে পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ- জন্তুসমূহে আশ্ৰয়স্থল বিচাৰি কাৰ্বি পাহাৰলৈ গতি কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি আদিতো আশ্ৰয় লৈছিল। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ এই বন্য জন্তুবোৰে নিৰাপত্তা বিচাৰি ওখ স্থানলৈ গতি কৰিছিল। তেনে স্থলত বন্য প্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ মাজেৰে যান- বাহন চলাচলত বহু নিষেধাজ্ঞা জাৰি কৰা হৈছিল।

এতিয়া বান পৰিস্থিতি উন্নত হোৱাৰ ফলতেই নিষেধাজ্ঞা কিছু শিথিল কৰা হৈছে। বন্যপ্ৰাণীসমূহে লাহে লাহে উদ্যানখনলৈ উভতিছে। এইবাৰৰ প্ৰলয়ংকাৰী বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেইবাটাও বন্যপ্ৰাণীৰ মৃত্যু হৈছে। পানী শুকোৱাৰ পাছত প্ৰায় ২০০ টা বন্যপ্ৰাণীৰ মৃতদেহ উদ্ধাৰ হৈছে। এই বন্যপ্ৰাণীসমূহৰ ভিতৰত বনৰীয়া ম’হ, গড় আদিও আছে।

উল্লেখ্য যে, অসমৰ প্ৰায় ২৮ খন জিলাত বানাক্ৰান্ত হৈছিল। এই জিলাসমূহৰ ২১ লাখতকৈ অধিক লোকা বানাক্ৰান্ত হোৱাৰ লগতে বহু হাজাৰ হেক্টৰ কৃষিভূমি ক্ষতিসাধন হয়। বৰ্তমান বানত ১৭ খন জিলাৰ ৫,৫১,১২০ জন বানত প্ৰভাৱিত হৈ থকাৰ লগতে ২১২৩৬.৪৬ হেক্টৰ কৃষিভূমি প্লাবিত হৈ আছে। আনহাতে বানৰ ফলত অসমত মৃত্যুৰ সংখ্যা হৈছেগৈ ৯৬ জন। এই জিলাসমূহৰ ৪৯ টা ৰাজহ চক্ৰৰ লগতে ১১৩২ খন গাঁও বানত প্লাবিত হৈ আছে। এতিয়াও বিপদসীমাৰ ওপৰৰে হৈ আছে ব্ৰহ্মপুত্ৰ (নিমাতীয়ঘাট), ব্ৰহ্মপুত্ৰ (তেজপুৰ), ব্ৰহ্মপুত্ৰ (ধুবুৰী), বুঢ়িদিহিং (চেনিমাৰী, খোৱাং), দিচাং (নাংগালামুৰঘাট)।

এই বানপানীৰ ফলত মানুহৰ ঘৰ- দুৱাৰ , ৰাস্তা- ঘাট আদিৰ যথেষ্ঠ ক্ষতিসাধন হৈছে। বানপানীৰ ফলত ভাঙি গৈছে কেইবাটাও মথাউৰি। ইতিমধ্যে মথাউৰি মেৰামতি কৰাৰ কাম আৰম্ভ কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্তসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়াৰ লগতে ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰাজ্যত বানে ক্ষতিগ্ৰস্ত কৰা সকলো ৰাস্তা ঘাট, মথাউৰি আদি মেৰামতি কৰিব বুলি জনাইছে।

আপুনি ফেটি লিভাৰত আক্ৰান্ত নেকি? উপশম পাবলৈ দৈনিক এই পানীয় সেৱন কৰক
যুৱৰাজৰ দৰেই বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ, পিছে যুৱৰাজতকৈ আগবাঢ়ি কেইবাটাও অভিলেখ দীপ্তিৰ
পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...
শৰীৰৰ অতিৰিক্ত ওজন কমাবলৈ গ্ৰীণ টি কেতিয়া খালে দ্ৰুত ফলাফল পাব? জানক