ৰাজ্যত বানৰ কবলত এতিয়াও ১৮ খন জিলাঃ বছৰৰ প্ৰথমটো বানত কেইজনে হেৰুৱালে প্ৰাণ, তথ্য দিলে চৰকাৰে

শেহতীয়াকৈ শাম কাটিছে ৰাজ্যৰ এই বান পৰিস্থিতি। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত Disaster Reporting and Information Management System (DRIMS Assam) - এ প্ৰকাশ কৰিছে শেহতীয়া প্ৰতিবেদন। এই প্ৰতিবেদনত উল্লিখিত তথ্য অনুসৰি বৰ্তমান ৰাজ্যৰ ১৯ খন জিলা  বানৰ প্ৰভাৱত আছে।

ৰাজ্যত বানৰ কবলত এতিয়াও ১৮ খন জিলাঃ বছৰৰ প্ৰথমটো বানত কেইজনে হেৰুৱালে প্ৰাণ, তথ্য দিলে চৰকাৰে

ৰাজ্যত শাম কাটিছে বান পৰিস্থিতিৰ

Published: 

07 Jun 2025 13:51 PM

বছৰৰ প্ৰথমটো বানে ৰাজ্যত সৃষ্টি কৰিলে ভয়ানক পৰিস্থিতিৰ। কেইবাখনো জিলাত বানৰ প্ৰকোপত প্ৰায় স্তব্ধ হৈ পৰিল জনজীৱন। সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধনৰ লগতে কেইবাজন লোকেও বানৰ ফলত প্ৰাণ হেৰুৱালে। অৱশ্যে শেহতীয়াকৈ শাম কাটিছে ৰাজ্যৰ এই বান পৰিস্থিতি। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত Disaster Reporting and Information Management System (DRIMS Assam) – এ প্ৰকাশ কৰিছে শেহতীয়া প্ৰতিবেদন। এই প্ৰতিবেদনত উল্লিখিত তথ্য অনুসৰি বৰ্তমান ৰাজ্যৰ ১৯ খন জিলা  বানৰ প্ৰভাৱত আছে।

DRIMS Assam- ৰ তথ্য অনুসৰি কাছাৰ, নগাঁও, শ্ৰীভূমি, হাইলাকান্দি, কামৰূপ, হোজাই, ডিব্ৰুগড়, বঙাইগাঁও, মৰিগাঁও, দৰং, গোলাঘাট, ধেমাজি, গোৱালপাৰা, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, যোৰহাট আৰু কামৰূপ (ম) জিলাৰ কিছু কিছু অঞ্চল এতিয়াও বানৰ কবলত আছে। এই জিলাকেইখনৰ ১২৯৬ খন গাঁও আৰু ৫৪টা ৰাজহ চক্ৰ বানৰ প্ৰভাৱৰ পৰা এতিয়াও মুকলি হোৱা নাই।

ইফালে ৰাজ্যত শুকুৰবাৰ পৰ্যন্ত সৰ্বমুঠ ৪,৪৩,৫৬০ গৰাকী লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে। এই প্ৰথমটো বানত ৰাজ্যত ১৬৫৫৮.৫৯ হেক্টৰ কৃষিভূমি বানত ডুব গৈ আছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। আনহাতে এইপৰ্যন্ত সমগ্ৰ ৰাজ্যত বানৰ ফলত ১৬ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি DRIMS Assam – এ প্ৰকাশ কৰিছে।

এই প্ৰতিবেদন মতে, শুকুৰবাৰলৈকে ৰাজ্যত সৰ্বমুঠ ৩২৮টা সাহায্য শিবিৰ তথা সাহায্য বিতৰণ কেন্দ্ৰ পৰিচালিত হৈ আছে। আনহাতে ৪০,৩১৩ জন লোকে সম্প্ৰতি সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে। ইফালে বানৰ প্ৰভাৱত ২৯৬৭৬৫টা পশুধন ক্ষতিগ্ৰস্ত হোৱা বুলি তথ্য প্ৰকাশ কৰা হৈছে। সৰ্বমুঠ২৫টা ৰাস্তা-পথ এইপৰ্যন্ত বানত প্ৰভাৱিত হৈ আছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

বানৰ পৰিস্থিতি শাম কাটিছে যদিও ৰাজ্যত কেইখনমান নদী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি প্ৰতিবেদনত সদৰী কৰা হৈছে। বিপদসীমাৰ ওপৰৰে বৈ থকা এই নদীকেইখন হৈছে ক্ৰমে- ব্ৰহ্মপুত্ৰ (ধুবুৰী), কপিলী (ধৰমতুল), বৰাক (বিপি ঘাট) আৰু কুচিয়াৰা (শ্ৰীভূমি)।

কেতিয়াও নষ্ট নহয়, ফ্ৰীজত মাংস সংৰক্ষণ কৰাৰ আগতে এই কথা মনত ৰাখক...
মৃত্যুৰ পিছত আত্মাই কেতিয়া নতুন শৰীৰ লাভ কৰে? কিদৰে কৰা হয় কৰ্মৰ ফলৰ বিচাৰ?
শৰীৰত ইউৰিক এচিড বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? সবিশেষ জানক
ডিঙি আৰু ভৰিৰ বিষ কিয় হয়? জানক ই কোনটো ৰোগৰ লক্ষণ...