তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰক পুনৰ অশান্ত অঞ্চল হিচাপে ঘোষণা, ৬ মাহলৈ বৃদ্ধি AFSPA ৰ সময়সীমা…

তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাক আৰু ছয়মাহলৈ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। বলৱৎ থাকিব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA),১৯৫৮ ।

তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰক পুনৰ অশান্ত অঞ্চল হিচাপে ঘোষণা, ৬ মাহলৈ বৃদ্ধি AFSPA ৰ সময়সীমা...
Updated On: 

27 Sep 2025 | 08:30 PM

তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাক পুনৰ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিলে অসম চৰকাৰে। ইয়াৰ লগে লগে আৰু ৬ মাহলৈ এই তিনিটা অঞ্চলত বলৱৎ থাকিব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA),১৯৫৮ । কোৱা হৈছে এই অঞ্চলত এতিয়াও বিদ্ৰোহী সংগঠনৰ বিভিন্ন কাৰ্যকলাপ অব্যাহত আছে।

চৰকাৰৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাক আৰু ছয়মাহলৈ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮ ৰ ধাৰা ৩ অনুসৰি আগতে ৩০ মাৰ্চ, ২০২৫ তাৰিখে প্ৰকাশিত বিজ্ঞপ্তিৰ জৰিয়তে ১ এপ্ৰিল, ২০২৫ৰ পৰা এই তিনিখন জিলাক ছয় মাহৰ বাবে “অশান্ত অঞ্চল” হিচাপে ঘোষণা কৰা হৈছিল।

বিবৃতিটোত কোৱা হৈছে যে, বৰ্তমান অসমত আইন-শৃংখলা পৰিস্থিতি যথেষ্ট উন্নত হৈছে আৰু সুৰক্ষা বাহিনীৰ সক্ৰিয় পদক্ষেপৰ ফলত সামগ্ৰিক সুৰক্ষা পৰিস্থিতিত উল্লেখযোগ্য উন্নতি দেখা গৈছে। তথাপি কিছু অঞ্চলত আলফা (স্বা), NSCN (K-YA)ৰ সন্দেহযুক্ত সদস্যসকলে ধন দাবী, বিধ্বংসী কাৰ্যকলাপ সংঘটিত কৰাৰ লগতে যুৱক-যুৱতীক সংগঠনত জড়িত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

এই পৰিস্থিতি পৰ্যালোচনা কৰি অসম চৰকাৰে এই তিনিখন জিলাত AFSPA ৰ অধীনত আৰু ছয় মাহৰ বাবে “অশান্ত অঞ্চল” হিচাপে ঘোষণা পৰামৰ্শ আগবঢ়ায়। এই সন্দৰ্ভত অসম চৰকাৰে গৃহ মন্ত্ৰালয়লৈ ২ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে পত্র প্ৰেৰণ কৰিছিল।

এই পৰামৰ্শ অনুসৰি, ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ৩০ ছেপ্টেম্বৰ,২০২৫ৰ পাছত তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাত আৰু ছয় মাহলৈ AFSPA বলৱৎ কৰি ৰাখিবলৈ অনুমতি দিছে। অসমৰ ৰাজ্যপালে ১ অক্টোবৰ, ২০২৫ৰ পৰা তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাক আৰু ছয় মাহৰ বাবে “অশান্ত অঞ্চল” হিচাপে ঘোষণা কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...