নিৰাপত্তা নিশ্চিত কৰাত সফল ! চোৰাংচোৱা অভিযানত NATGRID ব্যৱহাৰৰ শীৰ্ষত অসম, কেন্দ্ৰৰ প্ৰশংসা…
২০২৫ চনৰ প্ৰথম ছমাহৰ ভিতৰত অসমে NATGRID (National Intelligence Grid) ব্যৱহাৰৰ ক্ষেত্ৰত অন্যতম শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে গৰিগণিত হৈছে। অসম আৰক্ষীয়ে এই প্লেটফৰ্ম সক্ৰিয়ভাৱে ব্যৱহাৰ কৰা ফলত সমগ্ৰ ৰাজ্যতে চোৰাংচোৱা অভিযানৰ সফলতা আৰু শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাত সহায়ক হৈছে বুলি কোৱা হৈছে।

National Intelligence Grid
আভ্যন্তৰীণ নিৰাপত্তা আৰু চোৰাংচোৱাগিৰিৰ ক্ষমতাক শক্তিশালী কৰি ২০২৫ চনৰ প্ৰথম ছমাহৰ ভিতৰত অসমে NATGRID (National Intelligence Grid) ব্যৱহাৰৰ ক্ষেত্ৰত অন্যতম শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে গৰিগণিত হৈছে। ৩ জুলাই, ২০২৫ তাৰিখে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো ডিজিপি আৰু আৰক্ষী মুৰব্বীলৈ প্ৰেৰণ কৰা এখন পত্ৰত নেটগ্ৰিডৰ মুখ্য কাৰ্যবাহী বিষয়া পীযুষ গোৱেলে চলিত বৰ্ষৰ জানুৱাৰী আৰু জুন মাহৰ ভিতৰত চোৰাংচোৱা ক্ষমতাক ধাৰাবাহিক আৰু ফলপ্ৰসূ ব্যৱহাৰৰ বাবে অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা, ৰাজস্থান, আৰু মহাৰাষ্ট্ৰৰ লগতে অসমক প্ৰশংসা কৰে।
ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী আৰু চোৰাংচোৱা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে ডিজাইন কৰা নেটগ্ৰিড প্লেটফৰ্মে আইন প্ৰয়োগকাৰী সংস্থাসমূহক তথ্য বিশ্লেষণৰ সুবিধা প্ৰদান কৰে। অসম আৰক্ষীয়ে এই প্লেটফৰ্ম সক্ৰিয়ভাৱে ব্যৱহাৰ কৰা ফলত সমগ্ৰ ৰাজ্যতে চোৰাংচোৱা অভিযানৰ সফলতা আৰু শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাত সহায়ক হৈছে বুলি কোৱা হৈছে।
অসমক প্ৰশংসা
ডাটা বেছ পুলিচিং সঁজুলিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ উল্লেখযোগ্য ভূমিকাক আলোকপাত কৰি পত্ৰখনত উল্লেখ কৰা হৈছে যে, “মই… অসমৰ দ্বাৰা NATGRID ব্যৱহাৰৰ ওপৰত আলোকপাত আৰু প্ৰশংসা কৰিব বিচাৰিছো, যি ২০২৫ চনৰ জানুৱাৰী–জুন মাহৰ বাবে শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে পৰিগণিত হৈছে।”
পত্ৰখনত লগতে উল্লেখ কৰা হৈছে যে, একে সময়ছোৱাতে প্লেটফৰ্মত সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত তামিলনাডুৱে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। মন্ত্ৰালয়ে অন্যান্য ৰাজ্যসমূহক অধিক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি নেটগ্ৰিডৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে, লগতে তদাৰক কৰিবলৈ ন’ডেল বিষয়া নিযুক্তি দিছে। এই সাফল্যৰ লগে লগে অসমে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি আইন-শৃংখলা বজাই ৰখাৰ বাবে উন্নত প্ৰযুক্তি ব্যৱহাৰত আগবাঢ়ি থকাটো প্ৰতিফলিত হৈছে।