শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ হ’ব ARGUCOM, এই কথা ঘোষণা কৰিলে অসমৰ শিক্ষামন্ত্ৰীয়ে

শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সৈতে একত্ৰিকৰণ কৰা ৰাজীৱ গান্ধী সহযোগিতা আৰু ব্যৱস্থাপনা বিশ্ববিদ্যালয় (ARGUCOM)। এই কথা আজি সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে । উল্লেখ্য যে, আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীৰ কাৰ্যালয়ত অসমৰ ৰাজীৱ গান্ধী সহযোগিতা আৰু ব্যৱস্থাপনা বিশ্ববিদ্যালয় একত্ৰিকৰণৰ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ।

শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ হব ARGUCOM, এই কথা ঘোষণা কৰিলে অসমৰ শিক্ষামন্ত্ৰীয়ে

অসম ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় সন্দৰ্ভত পৰ্যালোচনা সভা

Updated On: 

20 Jul 2024 17:32 PM

শিৱসাগৰ বিশ্ববিদ্যালয়, পূৰ্বৰ শিৱসাগৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ সৈতে একত্ৰিকৰণ কৰা ৰাজীৱ গান্ধী সহযোগিতা আৰু ব্যৱস্থাপনা বিশ্ববিদ্যালয় (ARGUCOM)। এই কথা আজি সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে । উল্লেখ্য যে, আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীৰ কাৰ্যালয়ত অসমৰ ৰাজীৱ গান্ধী সহযোগিতা আৰু ব্যৱস্থাপনা বিশ্ববিদ্যালয় একত্ৰিকৰণৰ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ।

এক্স হেণ্ডেলৰ জৰিয়তে শিক্ষামন্ত্ৰী গৰাকীয়ে সদৰী কৰে যে, ৰাজীৱ গান্ধী সহযোগিতা আৰু ব্যৱস্থাপনা বিশ্ববিদ্যালয়ত বৰ্তমানে তিনিটা বিভাগৰ ছটা অনুষদ আৰু মাত্ৰ ৫৪ জন ছাত্ৰ-ছাত্ৰী আছে । বিশ্ব বিদ্যালয়খনে বৰ্তমান মাত্ৰ ৫৪ জন ছাত্ৰ-ছাত্ৰীৰ সৈতে কাম কৰি আহিছে । ইয়াৰ ফলস্বৰূপে এই বিশ্ব বিদ্যালয়খন অস্থায়ী হৈ পৰিছে বুলি সদাৰী কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ।

বিশ্ববিদ্যালয়খনৰ এই সমস্যা সমাধানৰ বাবে নতুনকৈ উন্নীত কৰা শিৱসাগৰ বিশ্ববিদ্যালয়, পূৰ্বৰ শিৱসাগৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ সৈতে একত্ৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি সদৰী কৰিছে ৰনোজ পেগুৱে । ইতিমধ্যে এই বিষয়ত বিতংভাৱে আলোচনা কৰা হৈছে বুলিও জানিবলৈ দিছে শিক্ষামন্ত্ৰী গৰাকীয়ে ।

ৰনোজ পেগুৱে এই কথাও স্পষ্ট কৰিল দিছে যে, এই সিদ্ধান্তৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ কোনো ধৰণৰ লোকচান নহয় । বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থ যাতে সম্পূৰ্ণৰূপে সুৰক্ষিত হয় সেই সন্দৰ্ভত আলোচনা কৰা হৈছে । এই একত্ৰীকৰণৰ জৰিয়তে ৰাজীৱ গান্ধী সহযোগিতা আৰু ব্যৱস্থাপনা বিশ্ববিদ্যালয়ৰ অনুষদসমূহ শিৱসাগৰ বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত কৰা হ’ব । ইয়াৰ ফলত বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত হোৱাটো নিশ্চিত হ’ব বুলি উল্লেখ কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।

শীতত অসহ্যকৰ গাঁঠিৰ বিষ কেনেকৈ কৰিব দূৰ, জানক টিপচ!
আলুৰ উপকাৰিতাই আচৰিত কৰিব আপোনাক, খাবলৈ এৰি কৰিব এই কাম!
উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি ? ষ্ট্ৰোকৰ পূৰ্বে দেখা দিয়া ৫ টা লক্ষণ...
পালেঙৰ এনে গুণৰ কথা জানেনে? জানিলে বজাৰত দেখিলেই পালেং ক্ৰয় কৰিব আপুনি
জনজাতিৰ লোকসকলে পাব বনভূমিৰ পট্টা, মুখ্য়মন্ত্ৰীৰ ঘোষণা
কংগ্ৰেছৰ প্ৰতিটো টিকটৰ দাম ৩ ৰ পৰা ৪ কোটি: মুখ্যমন্ত্ৰী
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...