৯ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ’ব লাগিব শিক্ষক, থাকিব লাগিব বিয়লি ৩.২৫ লৈ, শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা…

শিক্ষকসকলৰ প্ৰতি অধিক কঠোৰ হৈ পৰিছে শিক্ষা বিভাগ। আজি শিক্ষকসকলৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰে বিভাগে। জাননীত বিভাগে শিক্ষকসকলৰ উপস্থিতিৰ সময়ৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশৰ ওপৰত নিৰ্দেশনা জাৰি কৰে।

৯ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হব লাগিব শিক্ষক, থাকিব লাগিব বিয়লি ৩.২৫ লৈ, শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা...

মন্ত্ৰী ৰণোজ পেগু

Published: 

09 Apr 2025 | 07:30 PM

শিক্ষকসকলৰ প্ৰতি বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ। এই ক্ষেত্ৰত জাননী জাৰি কৰি বিভাগটোৱে শিক্ষকসকল বিদ্যালয়ত উপস্থিত হোৱাৰ সময়ৰ পৰা আৰম্ভ কৰি পাঠদান কোনে কৰিব আদি সকলো ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰে। শিক্ষা বিভাগে জাৰি কৰি নিৰ্দেশনাসমূহ তলত উল্লেখ কৰা হ’ল-

  • প্ৰতিগৰাকী শিক্ষকে ৯ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ’ব লাগিব।
  • বাধ্যতামূলকভাৱে শিক্ষকসকলে শিক্ষাসেতু এপত উপস্থিতি দিব লাগিব।
  • যদি কোনো শিক্ষকে একেৰাহে ৩ দিন শিক্ষা সেতু এপত উপস্থিতি নিদিয়ে তেন্তে সেয়া নৈমিত্তিক ছুটী হিচাপে গণ্য কৰা হ’ব।
  • নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত পাঠদান কৰিব লাগিব PGT য়ে।
  • ২.০৫ বজালৈ খোলা থাকিব মহানগৰীৰ সকলো প্ৰাথমিক বিদ্যালয়।
  • এম ই, এম ভি স্কুল খোলা ৰখাৰ সময় বিয়লি ৩.২৫ বজা পৰ্যন্ত।
  • HS, HSS খোলা থাকিব বিয়লি ৩.২৫ বজালৈ
  • অনা-শৈক্ষিক কামত নিয়োজি কৰ্মচাৰীসকলে উপস্থিত হ’ব লাগিব ১০ বজাৰ পূৰ্বে।
  • বিয়লি ৪.৩০ বজা পৰ্যন্ত বিদ্যালয়ত থাকিব লাগিব তেওঁলোক।

 

উল্লেখ্য যে, এয়াই প্ৰথম নহয়। চৰকাৰী কৰ্মচাৰীৰ নামত অধিক কঠোৰ হৈ পৰিছে অসম চৰকাৰ। শেহতীয়াকৈ অসমৰ চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আহিছে চৰকাৰে। ইয়াৰ মাজতে আজি চৰকাৰে শিক্ষকসকলৰ বাবে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...