ADRE Updates : এইবাৰ নহ’ব অভাৰলেপিং, এটা চাকৰিৰ বাবে এজন প্ৰাৰ্থী !
ৰাজ্যৰ চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা জৰিয়তে বহু সংখ্যক প্ৰাৰ্থীয়ে একে সময়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন পদত অৱতীৰ্ণ হৈছিল । কিন্তু এইবাৰ এই নিয়ম সলনি কৰা হৈছে । এই সন্দৰ্ভত ৰাজ্যৰ কৰ্মচাৰী বিভাগে এক বিশেষ জাননী জাৰি কৰি কৈছে যে, এইবাৰ এই নিয়ম সলনি কৰা হৈছে । এইবাৰ এজন প্ৰাৰ্থীক এটা পদতহে বাছনিভুক্ত কৰা হ'ব ।

অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (প্ৰতীকী ফটো)
অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা(ADRE) চলি আছে । মনকৰিবলগীয়া যে, পূৰ্বে ৰাজ্যৰ চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা জৰিয়তে বহু সংখ্যক প্ৰাৰ্থীয়ে একে সময়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন পদত অৱতীৰ্ণ হৈছিল । কিন্তু এইবাৰ এই নিয়ম সলনি কৰা হৈছে । এই সন্দৰ্ভত ৰাজ্যৰ কৰ্মচাৰী বিভাগে এক বিশেষ জাননী জাৰি কৰি কৈছে যে, এইবাৰ এই নিয়ম সলনি কৰা হৈছে । এইবাৰ এজন প্ৰাৰ্থীক এটা পদতহে বাছনিভুক্ত কৰা হ’ব ।
দৈনিক অসম কাকতত প্ৰকাশিত খবৰ অনুসৰি, কৰ্মচাৰী পৰিষদে জাৰি কৰা জাননীত কোৱা হৈছে যে, ২০২১ বৰ্ষত ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা ভালেসংখ্য পৰীক্ষাৰ্থীৰ নাম একে সময়কে কেইবাটাও পদৰ বাছনি তালিকাত অন্তৰ্ভুক্ত হৈছিল । যিহেতু এই পৰীক্ষাৰ্থীসকলে যিকোনো এটা চাকৰিৰ পদত হে নিযুক্তি লাভ কৰে বা যোগদান কৰে । ইয়াৰ ফলত বহুসংখ্যক পদ খালী হৈ থাকে ।
এনে পৰিপ্ৰেক্ষিতে এইবছৰ এজন প্ৰাৰ্থীক এটা পদৰ বাবেহে বাছনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । কৰ্মচাৰী পৰিষদে জাৰি কৰা জাননীত উল্লেখ আছে যে, যিসকলে এইবাৰ তৃতীয় বৰ্গৰ একাধিক পদত আবেদন কৰিছে, সেই পৰীক্ষাৰ্থীসকলে আটাইকেইটা পদৰ নিযুক্তি পৰীক্ষা পাছ কৰিলেও সকলো পদৰ বাছনি তালিকাত নাম অন্তৰ্ভুক্ত নহয় । তেওঁলোকক উচ্চ গ্ৰেড পে’ৰ পদটোত নিযুক্তিৰ বাবেহে বাছনিভুক্ত কৰা হ’ব ।
ইফালে, একে গ্ৰেড পে’ৰ একাধিক পদত নিযুক্তি পৰীক্ষাত পাছ কৰা সকলৰ বাবেও নিয়ম সলনি কৰিছে । যিসমূহ পদত উচ্চতৰ মাধ্যমিক বা বিশেষ অৰ্হতাৰ প্ৰয়োজন হয়, সেই পদসমূহতহে তেওঁলোকক বাছনিভুক্ত কৰা হ’ব । সমান্তৰালভাৱে তৃতীয়বৰ্গৰ বাবে যোগ্য বিবেচিত হোৱা সকল চতুৰ্থ বৰ্গৰ বাবে বিবেচিত নহ’ব ।
উল্লেখ্য যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে মুঠ ১২,৬০০ টা পদৰ বাবে প্ৰত্যক্ষ নিযুক্ত পৰীক্ষা অনুষ্ঠিত কৰিছে অসম চৰকাৰে । তৃতীয় বৰ্গৰ ৭,৬০০ টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপৰীতে চতুৰ্থ বৰ্গৰ বাবে ৫০০০ টা পদৰ বাবে প্ৰত্যক্ষ নিযুক্ত পৰীক্ষা অনুষ্ঠিত কৰিছে অসম চৰকাৰে ।