জুবিনৰ মৃত্যুৰ তদন্তত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি প্ৰদেশ কংগ্ৰেছৰ পত্ৰ…

প্ৰদেশ কংগ্ৰেছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তত্বাৱধান আৰু পৰ্যালোচনাৰ অধীনত ৰখাৰ দাবী জনাইছে। একে সময়তে নাগৰিক সমাজ, শান্তিপূৰ্ণ প্ৰতিবাদকাৰী আৰু ন্যায়ৰ বাবে মাত মাতি থকা সদস্যসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে দাবী জনাইছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰেৰণ কৰা এই পত্ৰৰ জৰিয়তে তদন্ত আৰু ন্যায় সুনিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ জৰুৰী হস্তক্ষেপৰ দাবী জনোৱা হৈছে।

জুবিনৰ মৃত্যুৰ তদন্তত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি প্ৰদেশ কংগ্ৰেছৰ পত্ৰ...

গৌৰৱ গগৈ

Updated On: 

30 Sep 2025 20:09 PM

অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ক্ষিপ্ৰ আৰু উচিত তদন্তৰ অনুৰোধ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ অসম প্ৰদেশ কংগ্ৰেছৰ । প্ৰদেশ কংগ্ৰেছৰ হৈ সভাপতি গৌৰৱ গগৈয়ে প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা হৈছে যে, ২০২৫ চনৰ ১৯ ​​ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক পৰিস্থিতিত মৃত্যু হোৱা অসমৰ সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ অকাল আৰু কৰুণ মৃত্যুৰ পলম আৰু অপৰ্যাপ্ত তদন্তৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচৰা হৈছে।

লগতে পত্ৰত উল্লেখ কৰা হৈছে, “জুবিন গাৰ্গ কেৱল এজন কিংবদন্তি শিল্পীয়েই নহয়, সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূব অঞ্চলৰ প্ৰজন্মক ঐক্যবদ্ধ কৰি অনুপ্ৰাণিত কৰি আহিছিল। তেওঁৰ মৃত্যুত লাখ লাখ লোকে গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ কৰুণ মৃত্যুৰ পৰিস্থিতিৰ সন্দৰ্ভতো প্ৰশ্নৰ উত্থাপন কৰিছে।“

“গোচৰটোৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে যদিও অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধান অভিযুক্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক ২০২৫ চনৰ ৬ অক্টোবৰৰ ভিতৰত চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।“

“মন কৰিবলগীয়া যে, শ্যামকানু মহন্তৰ দ্বাৰা আয়োজিত ‘নৰ্থ ইষ্ট ফেষ্টিভেল’ত ড’নাৰ মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ পৰা যথেষ্ট ধন লাভ কৰে আৰু যোৱা কিছু বছৰত কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীৰ অংশগ্ৰহণৰ সাক্ষী হৈ আহিছে। তদুপৰি সিদ্ধাৰ্থ শৰ্মাই বিজেপিৰ যুৱ শাখা অসমৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সহ-প্ৰভাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।“ এই কথা উল্লেখ কৰা হৈছে পত্ৰখনত।

লগতে কোৱা হৈছে যে, “তাৎক্ষণিক আৰু নিৰ্ণায়ক ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক তাৎক্ষণিক গ্ৰেপ্তাৰ নিশ্চিত কৰাৰ পৰিৱৰ্তে আমাৰ প্ৰিয় আইকনৰ অকাল মৃত্যুৰ বাবে দায়ীসকলৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে অযুক্তিকৰ সহনশীলতা প্ৰদৰ্শন কৰিছে। এই সহনশীলতা আৰু অভিযুক্তসকলক দিয়া দীৰ্ঘদিনীয়া সময়ে তেওঁলোকক গুৰুত্বপূৰ্ণ প্ৰমাণ ধ্বংস কৰিবলৈ সুযোগ দিব পাৰে।“

প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত এই কথাও উল্লেখ কৰা হৈছে যে, “অসংখ্য অনুৰাগীয়ে শান্তিপূৰ্ণ আৰু ধৈৰ্য্যৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰি দাবী কৰি অসমৰ বিভিন্ন প্ৰান্তত অসংখ্য অভিযোগ দাখিল কৰিছে। কিন্তু এই শান্তিপূৰ্ণ ৰাজহুৱা দাবী আৰু শেহতীয়াকৈ নেপালত সংঘটিত ঘটনাৰ মাজত অৰ্থহীন তুলনা কৰি মুখ্যমন্ত্ৰীয়ে অতিৰঞ্জিত কৰিছে। তদুপৰি অসম আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে ন্যায় বিচাৰি যোৱা কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে দুজনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।“

এই সকলোবোৰ কথা উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তত্বাৱধান আৰু পৰ্যালোচনাৰ অধীনত ৰখাৰ দাবী জনাইছে। একে সময়তে নাগৰিক সমাজ, শান্তিপূৰ্ণ প্ৰতিবাদকাৰী আৰু ন্যায়ৰ বাবে মাত মাতি থকা সদস্যসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে দাবী জনাইছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰেৰণ কৰা এই পত্ৰৰ জৰিয়তে তদন্ত আৰু ন্যায় সুনিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ জৰুৰী হস্তক্ষেপৰ দাবী জনোৱা হৈছে।

কাইলৈ মহা নৱমী, দেৱীৰ সিদ্ধিদাত্ৰী ৰূপৰ পূজা-অৰ্চনা
পূজাৰ সময়ত খাব পাৰিব সকলো, মাথোঁ গেছৰ সমস্যাৰ বাবে আজিয়েই কৰক এই ঘৰুৱা প্ৰতিকাৰ
গৰ্ভাৱস্থাত হঠাতে বৃদ্ধি পাব পাৰে ৰক্তচাপ, নিয়ন্ত্ৰণত ৰাখিবলৈ কি কৰিব?
নিশাৰ সময়ত ভুলতো নকৰিব এই ৪টা কাম! আহে দুৰ্দশা, হয় আৰ্থিক সমস্যা...