ভোট চুৰিৰ পিছত এতিয়া পেট্ৰ’ল চুৰিত জড়িত হৈছে চৰকাৰ: দেবব্ৰত শইকীয়াৰ বিস্ফোৰক অভিযোগ

কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক সমালোচনা কৰি দেবব্ৰত শইকীয়াই কয়, " চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰত আছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ পুত্ৰক লাভম্বিত কৰাৰ চিন্তা।"  দেৱব্ৰত শইকীয়াই লগতে কয়,  নীতিন গাডকাৰীৰ পুত্ৰৰ ইথানল কোম্পানীয়ে ২০২৪ চনৰ ১৮ কোটিৰ পৰা এবছৰৰ ভিতৰত ৫২৩ কোটিৰ অধিক টকা লাভ কৰিছে।" 

ভোট চুৰিৰ পিছত এতিয়া পেট্ৰ’ল চুৰিত জড়িত হৈছে চৰকাৰ: দেবব্ৰত শইকীয়াৰ বিস্ফোৰক অভিযোগ

দেবব্ৰত শইকীয়াৰ বিস্ফোৰক অভিযোগ

Updated On: 

06 Sep 2025 | 10:02 PM

পেট্ৰ’লত ২০% ইথানল মিশ্ৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। তাৰ পিছতে ইথানল মিশ্ৰিত পেট্ৰ’লক লৈ দেশজুৰি বিতৰ্ক তুংগত উঠিছে। ইফালে পেট্ৰ’লত ইথানল মিহলি কৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। বৰ্তমান অধিকাংশ লোকে ব্যৱহাৰ কৰি থকা বাহনসমূহ পেট্ৰ’ল আৰু ডিজেলত চলিব পৰাকৈ বনোৱা হৈছে। তেনেস্থলত ইথানল মিশ্ৰিত পেট্ৰ’লত গাড়ীৰ আয়ুসক লৈ এতিয়া আশংকাৰ সৃষ্টি হৈছে।

১০%ৰ পৰিৱৰ্তে ২০% ইথানল মিহলি কৰাক লৈ সৰৱ হৈছে গ্ৰাহকসকল। চৰকাৰৰ নীতিক তীব্ৰ সমালোচনা গ্ৰাহকৰ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে  অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেবব্ৰত শইকীয়াই। তেওঁ কয়, ইথানল কুঁহিয়াৰ আৰু মাকৈৰ পৰা তৈয়াৰ কৰা হয। চৰকাৰে প্ৰথমে ৫% ইথানল মিহলি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।”  শইকীয়াই কয়, “ইয়াৰ দ্বাৰা প্ৰদূষণ কমিব আৰু পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস হ’ব বুলি যুক্তি দিছিল চৰকাৰে। বিজেপি কৈছিল ইথানল মিহলি কৰিলে পেট্ৰ’লৰ দাম ৫৫ টকা আৰু ডিজেলৰ দাম ৫০ টকাত উপলব্ধ হ’ব।”

ইয়াকে লৈ কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক সমালোচনা কৰি তেওঁ আকৌ কয়, ” চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰত আছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ পুত্ৰক লাভম্বিত কৰাৰ চিন্তা।” দেৱব্ৰত শইকীয়াই লগতে কয়,  নীতিন গাডকাৰীৰ পুত্ৰৰ ইথানল কোম্পানীয়ে ২০২৪ চনৰ ১৮ কোটিৰ পৰা এবছৰৰ ভিতৰত ৫২৩ কোটিৰ অধিক টকা লাভ কৰিছে।”

তেওঁ কয়, “ভোট চুৰিৰ পিছত এতিয়া পেট্ৰ’ল চুৰিত জড়িত হৈছে চৰকাৰ। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে নিজৰ পৰিয়ালৰ স্বাৰ্থৰ আগত ভাৰতৰ জনতাৰ স্বাৰ্থক জলাঞ্জলি দিছে।” শইকীয়াই লগতে কয়, ” আজি ইথানল  মিহলি কৰাৰ ফলত বাহনৰ গতিৰ ওপৰত প্ৰভাৱ পৰিছে। লগতে যান্ত্ৰিক বিজুতিৰ আশংকাও কৰা হৈছে। এই নীতি আয়োগৰ তথ্য”

দেৱব্ৰত শইকীয়াই কয়, ” যিসকলৰ বাহনসমূহ ২০২৩ৰ আগতে নিৰ্মিত তেওঁলোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক। পেট্ৰ’লৰ পিছত এতিয়া ডিজেলতো ১০% ইথানল মিহলি কৰাৰ তথ্য প্ৰকাশ পাইছে।”  ইয়াৰ বিৰুদ্ধে সকলোকে মাত মাতিবলৈ আহ্বান জনাই বিৰোধী দলৰ দলপতিগৰাকীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব