শিল্পীৰ পৰিয়ালৰ সংস্থাপনৰ ক্ষেত্ৰত কি দৃষ্টিভংগী চৰকাৰৰ ? কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

মুখ্য়মন্ত্ৰী শৰ্মাই কয় যে, এগৰাকী শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক সংস্থাপন দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ কোনো নিদিষ্ট নীতি নাই । লগতে শিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু দুৰ্ভাগ্যজনক বুলিও কয় মুখ্য়মন্ত্ৰী শৰ্মাই ।

শিল্পীৰ পৰিয়ালৰ সংস্থাপনৰ ক্ষেত্ৰত কি দৃষ্টিভংগী চৰকাৰৰ ? কি কলে মুখ্যমন্ত্ৰীয়ে ?

ৰাজীৱ শদিয়াৰ পৰিয়ালে সংস্থাপন পাব নে?

Updated On: 

27 Jan 2025 | 07:02 PM

প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালৰ স্থায়ী সংস্থাপনৰ বাবে বিভিন্ন দল সংগঠনে চৰকাৰৰ ওপৰত দাবী জনাই অহাৰ সময়তে গুৰুত্বপূৰ্ণ মন্তব্য় প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজীৱ শদিয়াৰ পৰিয়ালৰ সংস্থাপনৰ সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্ন উত্তৰত মুখ্য়মন্ত্ৰী শৰ্মাই কয় যে, এগৰাকী শিল্পীৰ মৃত্যু হ’লে তেওঁৰ পৰিয়ালক সংস্থাপন দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ কোনো নিদিষ্ট নীতি নাই । লগতে শিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু দুৰ্ভাগ্যজনক বুলিও কয় মুখ্য়মন্ত্ৰী শৰ্মাই ।

উল্লেখ্য যে, শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালক আৰ্থিক সাহাৰ্য হিচাপে ৫ লাখ টকাৰ দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । কিন্তু তেওঁ পৰিয়ালক চৰকাৰৰ ফালৰ পৰা স্থায়ী সংস্থাপন দিয়াৰ বাবে দাবী উত্থাপন কৰি আহিছে বিভিন্ন দল-সংগঠনৰ লগতে সচেতন লোকে । আজি ডিব্ৰুগড়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত চৰকাৰৰ দৃষ্টিভংগী কি হ’ব সেই বিষয়ত আলোচনাৰ কৰাৰ ওপৰত গুৰুত্ব দিয়ে ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘এজন শিল্পী মৃত্যু হ’লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ত আজিলৈকে চৰকাৰে কোনো নীতি প্ৰস্তুত কৰা নাই । ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্য়জনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে । আজি ৰাজীৱ শদিয়া ডাঙৰীয়াৰ হৈছে, অহা দিনবোৰত আন কেইবাজনৰো এনে হ’ব পাৰে । গতিকে এই ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ’ব, সেই বিষয়ত আলোচনা কৰা হ’ব। সময়ত সকলোৰে লগত আলোচনা কৰি আমি এই বিষয়ত সিদ্ধান্ত ল’ম ।’

উল্লেখ্য যে, আজি প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ চৰকাৰে ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য দিব বুলি ঘোষণা কৰাৰ কথা সদৰী কৰিছিল বিধায়ক বিনোদ হাজৰিকাই। বিধায়কগৰাকীয়ে উল্লেখ কৰিছিল যে, ৰাজীৱ শদিয়াই অসমক লৈ গীত গোৱাৰ লগতে অসমক অত্যন্ত ভাল পাইছিল।

ভোগালী বিহুৰ উৰুকাৰ দিনাই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লয় শিল্পী ৰাজীৱ শদিয়াই । মঞ্চত অনুষ্ঠান পৰিৱেশন কৰাৰ সময়তে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল ৰাজীৱ শদিয়া । শেষত ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'লে কি ৫টা লক্ষণে দেখা দিয়ে? জানক...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?