‘মিঞা বিতৰ্ক’ৰ মাজতে মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট, উচ্চতম ন্যায়ালয়ৰ উদ্ধৃতিৰে বিৰোধীলৈ প্ৰত্যাহ্বান
মুখ্যমন্ত্ৰীৰ এনে মন্তব্যক বিভাজনৰ ৰাজনীতি আৰু সমাজত ঘৃণা বিয়পোৱাৰ এক কৌশল বুলি অভিহিত কৰিছে বিৰোধীয়ে। এই মন্তব্যক তীব্ৰ গৰিহণা দিছে একাংশই। এনে বিতৰ্কৰ মাজতে আজি ফেচবুকত এক বিশেষ পোষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

হিমন্ত বিশ্ব শৰ্মা
কাষ চাপি আহিছে ৰাজ্যৰ বিধানসভা নিৰ্বাচন। ইয়াৰ লগে লগে তীব্ৰতৰ হৈ পৰিছে অসমৰ নিৰ্বাচনী বতাহ। নিৰ্বাচনকেন্দ্ৰিক এনে পৰিৱেশৰ মাজতে ‘মিঞা’ৰ বিৰুদ্ধে ক্ৰমাৎ অধিক সোচ্চাৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শেহতীয়াকৈ তেওঁৰ এক বিশেষ ‘মিঞা’ বিৰোধী মন্তব্যই ৰাজ্যৰ লগতে দেশজুৰি তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে। বুধবাৰে ডিমৌত অনুষ্ঠিত এক জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এটা মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ডিমৌৰ জনসভাত মুখ্যমন্ত্ৰীয়ে যিকোনো প্ৰকাৰে মিঞাসকলক কষ্ট দিব লাগে বুলি মন্তব্য কৰে। উদাহৰণস্বৰূপে, ৫ টকা ভাড়া হ’লে মিঞা ৰিক্সাৱালাক ৪ টকা দিবলৈ ৰাইজক পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ভাষণৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ বিতৰ্ক হৈছে।
মুখ্যমন্ত্ৰীৰ এনে মন্তব্যক বিভাজনৰ ৰাজনীতি আৰু সমাজত ঘৃণা বিয়পোৱাৰ এক কৌশল বুলি অভিহিত কৰিছে বিৰোধীয়ে। এই মন্তব্যক তীব্ৰ গৰিহণা দিছে একাংশই। এনে বিতৰ্কৰ মাজতে আজি ফেচবুকত এক বিশেষ পোষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ এই ফেচবুক পোষ্টটো অসম্পাদিত ৰূপত তলত দিয়া হ’ল-
“অবৈধ বাংলাদেশী মুছলমান ‘মিঞা’ক লৈ মই কৰা মন্তব্যৰ বাবে যিসকলে মোক অহৰহ আক্ৰমণ কৰাৰ প্রয়াস কৰিছে, তেওঁলোকে অলপ ক্ষান্ত হৈ দেশৰ উচ্চতম ন্যায়ালয়ে অসমৰ বিষয়ে কি কৈছে সেয়া পঢ়ি চোৱা উচিত। এয়া মোৰ ভাষা নহয়, মোৰ কল্পনাও নহয় আৰু কোনো ৰাজনৈতিক অভিসন্ধিও নহয়। ন্যায়ালয়ে নিজেই কৈছে যে—
‘অসমত হোৱা নীৰৱ আৰু ভয়াৱহ জনগাঁথনিগত আগ্ৰাসনে নামনি অসমৰ ভূ-ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ জিলাসমূহ হেৰুওৱাৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে… অবৈধ প্ৰব্ৰজনৰ ফলত এই জিলাসমূহ লাহে লাহে মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলত পৰিণত হৈছে… মাত্র সময়ৰ ওপৰত নির্ভৰ কৰিব—বাংলাদেশৰ সৈতে সেইসমূহৰ একত্ৰীকৰণৰ দাবী উত্থাপন। নামনি অসম হেৰুৱালে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিব আৰু সেই অঞ্চলৰ চহকী প্ৰাকৃতিক সম্পদ দেশে হেৰুৱাব লাগিব।’
যেতিয়া দেশৰ সৰ্বোচ্চ সাংবিধানিক ন্যায়ালয়েই ‘জনগাঁথনিগত আগ্ৰাসন’ৰ দৰে শব্দ ব্যৱহাৰ কৰি ভূমি হেৰুওৱা আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰতি সম্ভাব্য বিপদৰ সতর্কবাণী দিয়ে, তেনে বাস্তৱক স্বীকাৰ কৰাটো ঘৃণা বা সাম্প্ৰদায়িকতা নহয়, বা কোনো সম্প্ৰদায়ক কৰা আক্ৰমণো নহয়। এয়া হৈছে দশকৰ পাছত দশক ধৰি অসমে ভুগি অহা এক গুৰুতৰ তথা দীৰ্ঘদিনীয়া সমস্যাৰ স্বীকৃতি।
আমাৰ এই প্ৰচেষ্টা কোনো ধৰ্ম বা ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে নহয়। উচ্চতম ন্যায়ালয়েই দেশক আগবঢ়োৱা সতৰ্কবাণীৰ দৰে আমাৰ প্ৰচেষ্টা হৈছে ভাৰতৰ অসমৰ পৰিচয়, নিৰাপত্তা আৰু ভৱিষ্যতক সুৰক্ষিত কৰা। সেই সতর্কবাণীক উপেক্ষা কৰাটোৱেই হ’ব প্ৰকৃতভাৱে অন্যায়—অসমৰ প্ৰতিও আৰু ভাৰতৰ প্ৰতিও…
কেতিয়াবা ভাবিছেনে— আমি এতিয়া সেইখন অসমত বাস কৰি আছোঁ, য’ত আমাৰ সত্ৰসমূহ অবৈধ বাংলাদেশীৰ বিচৰণস্থলী হৈ পৰিছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানৰ চৌদিশ ‘অচিনাকি’ লোকেৰে ভৰিছে। অসমৰ বিভিন্ন ঠাইত হাজাৰ হাজাৰ বিঘা বনাঞ্চলৰ ভূমিত অবৈধ লোকে দখল কৰি থাকে।
অসমৰ অস্তিত্বৰ কথা ভাবি আমি সাহস কৰিছোঁ সত্ৰৰ ভূমি ‘মিঞা’ৰ পৰা উদ্ধাৰ কৰিছোঁ, আমাৰ বনাঞ্চলৰ ভূমি অধিকাৰ আমাৰ হাতলৈ ওভতাই অনাৰ আপ্রাণ প্রয়াস কৰি আছোঁ। আৰু সেইবাবেই ‘মিঞাপ্ৰীতিত গদগদ হৈ থকাসকলে মোক অহৰহ আক্ৰমণ কৰে। অসমৰ জনগাঁথনিগত পৰিৱৰ্তনৰ বাবে তেওঁলোকে ভ্ৰূক্ষেপ নকৰে।
তেওঁলোকে বিচাৰে অসমত ‘মিঞা’সকল সংখ্যাগুৰু হওক। পুনৰবাৰ কৈছোঁ অসমৰ পৰিচয়, নিৰাপত্তা আৰু ভৱিষ্যতক সুৰক্ষিত কৰাৰ বাবে আমি আমাৰ দৃঢ় স্থিতিৰ পৰা কেতিয়াও আঁতৰি নাহোঁ।”