আলফা স্বাধীনৰ শক্তি আছে, উত্তৰ-পূবৰ শান্তিৰ বাবে গুৰুত্বপূৰ্ণ বাংলাদেশৰ পৰৱৰ্তী নিৰ্বাচন: মুখ্যমন্ত্ৰী শৰ্মা

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, "এটা ভাল নেটৱৰ্ক আছে আলফা স্বাধীনৰ । আধুনি অস্ত্ৰ-শস্ত্ৰৰ পৰা আৰম্ভ কৰি আলফাৰ ৭০০ কেডাৰ আছে । গতিকে বৰ্তমান আলফা স্বাধীনৰ শক্তি নাই বুলি ক'ব নোৱাৰি । আলফা স্বাধীনৰ প্ৰকৃততে ক্ষমতা কিমান সেই কথা সঠিকভাৱে কোৱা টান । এটা কথা ক'ব পাৰি যে, আলফা স্বাধীনৰ হাতত অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰযুক্তি আছে ।"

আলফা স্বাধীনৰ শক্তি আছে, উত্তৰ-পূবৰ শান্তিৰ বাবে গুৰুত্বপূৰ্ণ বাংলাদেশৰ পৰৱৰ্তী নিৰ্বাচন: মুখ্যমন্ত্ৰী শৰ্মা
Published: 

25 Aug 2024 10:20 AM

আলফা স্বাধীনৰ প্ৰভাৱ এতিয়াও আছে আৰু তেওঁলোকক আলোচনাৰ মেজলৈ আনিবলৈ প্ৰচেষ্টা চলাই থকা হৈছে । অসমত আলফা স্বাধীনৰ প্ৰভাৱক পুনৰ স্বীকাৰ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে, উত্তৰ-পূবৰ শান্তি অতুত থাকিব নে নাই সেই কথা নিৰ্ণয় কৰিব বাংলাদেশৰ পৰৱৰ্তী নিৰ্বাচনে । উত্তৰ-পূৰ্বৰ শান্তিৰ ক্ষেত্ৰত বাংলাদেশৰ আগন্তুক নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ হ’ব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “এটা ভাল নেটৱৰ্ক আছে আলফা স্বাধীনৰ । আধুনি অস্ত্ৰ-শস্ত্ৰৰ পৰা আৰম্ভ কৰি আলফাৰ ৭০০ কেডাৰ আছে । গতিকে বৰ্তমান আলফা স্বাধীনৰ শক্তি নাই বুলি ক’ব নোৱাৰি । আলফা স্বাধীনৰ প্ৰকৃততে ক্ষমতা কিমান সেই কথা সঠিকভাৱে কোৱা টান । এটা কথা ক’ব পাৰি যে, আলফা স্বাধীনৰ হাতত অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰযুক্তি আছে ।”


ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে,শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত উত্তৰ-পূর্বাঞ্চলৰ বিদ্ৰোহী পৰিস্থিতি সলনি হ’ব পাৰে । কিন্তু ভাৰত চৰকাৰে অপেক্ষা কৰিব লাগিব । কিয়নো এতিয়াও বাংলাদেশৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই । উল্লেখ্য যে, বৰ্তমান বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰে শাসন চলাই আছে ।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দাবী কৰে যে, চুবুৰীয়া দেশখনৰ অস্থিৰতাৰ মাজত এজনো হিন্দুৱে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ বাবে চেষ্টা কৰা নাই । তেওঁ কয়,‘হিন্দুসকলে বাংলাদেশতে থাকি সমস্যাৰ সৈতে মোকাবিলা কৰি আছে । যোৱা এমাহত ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এজনো হিন্দু ব্যক্তি ধৰা পৰা নাই।’

ইয়াৰ বিপৰীতে বিগত এমাহত ৩৫ গৰাকী মুছলমান অনুপ্ৰৱেশকাৰীক আটক কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । বাংলাদেশৰ পৰা অনুপ্ৰৱেশ কৰা এই মুছলমানসকলে কেৱল ভাৰতৰ বস্ত্ৰ খণ্ডত কৰ্মসংস্থাপন বিচাৰি অহা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয়,’অনুপ্ৰৱেশ কৰা মুছলমানসকল অসমৰ বাবে নহয়, বস্ত্ৰ উদ্যোগত কাম কৰিবলৈ বাংগালুৰু, তামিলনাডু, কইম্বাটুৰলৈ যাবলৈহে আহিছে ।’

দেশৰ স্বাধীনতাৰ সৈতে জড়িত অসমৰ ইতিহাসৰ এইসমূহ তথ্য জানেনে আপুনি?
ৰঙা নহয়! পূৰ্বতে কি আছিল লালকিল্লাৰ ৰং? কোনে কৰিছিল সলনি, জানক...
স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ মাজত কি কি পাৰ্থক্য আছে? জানক...
১৯৪৭চনত কিমান হিন্দু ভাৰতলৈ আহিছিল আৰু কিমান মুছলমান পাকিস্তানলৈ গৈছিল...