৪,৩৬৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ, শূন্য দুৰ্নীতিৰে প্ৰক্ৰিয়া সম্পন্ন, মুখ্যমন্ত্ৰীৰ দাবী…

২০২১ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই এক লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল আৰু চৰকাৰে বৰ্তমান প্ৰায় ১.৫ লাখ নিযুক্তিৰে এই সংখ্যা অতিক্ৰম কৰা বুলি দাবী কৰিছে।

৪,৩৬৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ, শূন্য দুৰ্নীতিৰে প্ৰক্ৰিয়া সম্পন্ন, মুখ্যমন্ত্ৰীৰ দাবী...
Published: 

09 Jan 2026 | 05:49 PM

আজি শুকুৰবাৰে ৪৩০০ৰো অধিক প্ৰাৰ্থীক চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তি পত্ৰ বিতৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিযুক্তি পত্ৰ বিতৰণ কৰিয়ে তেওঁ দাবী কৰে যে, শূন্য দুৰ্নীতিৰে প্ৰক্ৰিয়া সম্পন্ন কৰিছে ৰাজ্য চৰকাৰে। লগতে তেওঁ আহ্বান জনাই কয়, “মাথোঁ এটা কথা মনত ৰাখিব— দুৰ্নীতিক প্ৰশ্ৰয় নিদিব।”

এক্সৰ হেণ্ডেলৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আন এটা দিন, আন এটা প্ৰতিশ্ৰুতি পূৰণ হ’ল! আজি ৪,৩৭৪ জন প্ৰাৰ্থীয়ে এডিআৰই চতুৰ্থ বৰ্গৰ অধীনত নিযুক্তি পত্ৰ লাভ কৰিলে।” লগতে তেওঁ কয়,”আপোনালোকক কথা দিয়া প্ৰতিটো কাম কৰি সদায় এক বিমল আনন্দ লাভ কৰোঁ৷ এবছৰৰ ভিতৰতে শূন্য দুৰ্নীতিৰে প্ৰক্ৰিয়া সম্পন্ন কৰি আজি এ ডি আৰ ই চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ সফল প্ৰাৰ্থীসকলৰ হাতত তুলি দিবলৈ পোৱাতো মোৰ বাবেও এক প্ৰাপ্তি ৷”

তেওঁ সকলোলৈকে অভিনন্দন জনাই কয় যে, মাথোঁ এটা কথা মনত ৰাখিব, আপোনালোকে কেতিয়াও দুৰ্নীতিক প্ৰশ্ৰয় নিদিব। উল্লেখ্য যে, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ প্ৰাৰ্থী নিৰ্বাচনৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে প্ৰৱৰ্তন কৰা অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) অনুষ্ঠিত হয়। এই পৰীক্ষা মূলতঃ কেৰাণী, পিয়ন, চালক, আৰু অনুৰূপ কাৰিকৰী আৰু অকাৰিকৰী পদৰ বাবে প্ৰাৰ্থী বাছনি কৰা হয়।

২০২১ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই এক লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল আৰু চৰকাৰে বৰ্তমান প্ৰায় ১.৫ লাখ নিযুক্তিৰে এই সংখ্যা অতিক্ৰম কৰা বুলি দাবী কৰিছে।

মুখ্যমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য় অনুসৰি, অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত চতুৰ্থ বৰ্গৰ পদৰ ৪,৩৬৯গৰাকী প্ৰাৰ্থীক ৯ জানুৱাৰী, শুকুৰবাৰে জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত এক অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। ইয়াৰ লগে লগে অসম চৰকাৰে প্ৰদান কৰা সৰ্বমুঠ নিযুক্তিৰ সংখ্যা ১,৫০,০৩৩ লৈ বৃদ্ধি পালে। বাকী থকা সকলো নিযুক্তি ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়াৰ কথাও সদৰী কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে।

কি কি কাৰণত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে ? জানেনে
ডায়েবেটিছ ৰোগীৰ শৰীৰত প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে, জানক...
শীতকালত কিয় বেছিকৈ চুলি সৰে ? প্ৰতিৰোধ কৰাৰ উপায় জানক
এই ৬টা সাধাৰণ অভ্যাসে নষ্ট কৰিব পাৰে কিডনী! জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ